সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰা জনসাধাৰণৰ কাষত আপৰ প্ৰতিনিধি দল

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্রান্তত চলি থকা উচ্ছেদ আৰু গুৱাহাটীৰ সৰুসজাইৰ একাংশ লোকক উচ্ছেদ কৰি অসম চৰকাৰে উদ্যোগ স্থাপনৰ পৰিকল্পনা কৰাত ক্ষোভ প্রকাশ কৰিছে আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে।

author-image
Asomiya Pratidin
New Update
ক্ষোভ প্রকাশ কৰিছে আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে

ডিজিটেল সংবাদ, গুৱাহাটী : শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্রান্তত চলি থকা উচ্ছেদ আৰু গুৱাহাটীৰ সৰুসজাইৰ একাংশ লোকক উচ্ছেদ কৰি অসম চৰকাৰে উদ্যোগ স্থাপনৰ পৰিকল্পনা কৰাত ক্ষোভ প্রকাশ কৰিছে আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে। বুধবাৰে সৰুসজাইত আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ নেতৃত্বত এটি সজাতি দলে উপস্থিত হৈ চৰকাৰে জাননী প্ৰেৰণ কৰা লোকক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয়। 

Advertisment

লগতে স্থানীয় ভূমিপুত্র, ক্ষুদ্র ব্যৱসায়ী আৰু সাধাৰণ ৰাইজৰ সৈতে বৈঠক কৰে আৰু চৰকাৰে লোৱা ভূমি অধিগ্রহণৰ সিদ্ধান্তৰ সাম্ভাব্য প্রভাৱসমূহৰ বিষয়ে বিস্তাৰিত আলোচনা কৰে। বহু বছৰ ধৰি বসবাস কৰি থকা স্থানীয় লোকসকলৰ একাংশই কি কাৰণত উচ্ছেদ কৰিব তাৰ জাননী লাভ কৰা নাই দলটোৰ আগত অভিযোগ কৰে। 

এই ক্ষেত্ৰত বিকল্প ব্যৱস্থা নোলোৱালৈকে স্থানীয় লোকসকলক উচ্ছেদ নকৰিবলৈ আহ্বান জনাই সভাপতি ডা০ ভবেন চৌধুৰীয়ে কয় - অসমত উদ্যোগ স্থাপন হোৱাটো ভাল কথা, উদ্যোগ লাগে, কিন্তু উদ্যোগ স্থাপনৰ নামত কেৱল থলুৱা-খিলঞ্জীয়া ৰাইজৰ মাটিখিনিহে বলপূর্বকভাবে অধিগ্রহণ কৰা হৈছে। অসমৰ খিলঞ্জীয়া ভূমিপুত্র জাতি-জনগোষ্ঠীক সমূলি নিঃশেষ কৰাৰ চক্ৰান্তত জঁপিয়াই পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা। 

বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বছৰ বছৰ ধৰি বাস কৰি থকা মাটিত চৰকাৰৰ কিয় চকু পৰিছে বুলি তেওঁ প্রশ্ন কৰে। মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁ লগতে কয়- 'বড়ো, কাৰ্বি, মিচিং, ৰাভা আদিবাসী দৰিদ্ৰ মানুহৰ মানুহৰ মাটি এতিয়া আদানী-আম্বানীৰ হাতলৈ গৈ আছে। বিজেপি চৰকাৰৰ দিনত খিলঞ্জীয়াই ভূমিৰ অধিকাৰ হেৰুৱাই পেলাইছে।‘ আজি সভাপতি ডাঃ ভবেন চৌধুৰীৰ সৈতে দলটোৰ বহুকেইগৰাকী ৰাজ্যিক নেতা ক্রমে জয়ন্ত শইকীয়া, অনুৰূপা ডেকাৰাজা, জিতু ডেকা, বল্লভ পাত্র উপস্থিত থাকে।

aap assam