/asomiyapratidin/media/media_files/2025/06/12/zcC8oBPTFGi7e4TRfEgW.jpg)
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমানখনে যিটো অট্টালিকাত খুন্দা মাৰিছিল সেয়া আছিল আহমেদাবাদ মেডিকেল কলেজৰ এটা হোষ্টেল। সেই সময়ত হোষ্টেলটোত যথেষ্ট সংখ্যক শিক্ষাৰ্থী উপস্থিত আছিল বুলি জানিব পৰা হৈছে। এই দুৰ্ঘটনাত প্ৰায় ১২গৰাকী শিক্ষাৰ্থী আহত হোৱাৰ খবৰ আহিছে। উল্লেখ কৰা প্ৰয়োজন যে, উক্ত বিমানখনে পোনে পোনে গৈ খুন্দা মাৰিছিল সেই অট্টালিকাটোত। এই অট্টালিকাটো প্ৰায় ১১বছৰ পুৰণি।
ইফালে এই অট্টালিকাটোতে সেই সময়ত আছিল অসমৰ এগৰাকী মেডিকেল শিক্ষাৰ্থী। তেওৰ নাম ৰুক্মিণী বৰুৱা। অৱশ্যে ছাত্ৰীগৰাকী আঘাতপ্ৰাপ্ত হোৱা নাই। সেই সময়ত উক্ত অট্টালিকাটোতে আছিল অসমৰ ৰুক্মিণী। চকুৰ আগতে বিমানখনে অট্টালিকাটোত খুন্দা মাৰিছিল বুলি সদৰি কৰিছে ছাত্ৰীগৰাকীয়ে। বৰ্তমান ছাত্ৰীগৰাকী সুৰক্ষিত বুলি ফোন যোগে জনাইছে পৰিয়ালক।