ৰায়পুৰৰ ৰাজভৱনত অসমৰ ফুটবল দলক আমন্ত্ৰণ ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

ৰায়পুৰৰ ৰাজভৱনত অসমৰ ফুটবল দলক আমন্ত্ৰণ ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

author-image
Asomiya Pratidin
New Update
ৰায়পুৰৰ ৰাজভৱনত অসমৰ ফুটবল দলক আমন্ত্ৰণ ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

ডিজিটেল সংবাদঃ দেওবাৰে ৰায়পুৰৰ ৰাজভৱনত অসমৰ ফুটবল দলক আমন্ত্ৰণ জনাই ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই। ৰায়পুৰত ১৬ ৰ পৰা ২০ অক্টোবৰলৈ অনুষ্ঠিত হোৱা ২৭ সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া মিট ২০২৪ ৰ ফুটবল খেলত অংশ লৈছিল দলটোৱে।

Advertisment

প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ ফুটবল দলে পৰাস্ত কৰে ছিকিমক। উল্লেখ্য যে, অসম বন ফুটবল দলৰ প্ৰশিক্ষক দিগন্ত বৰা, ছানী চৌধুৰী আই এফ এছ, তেজস মাৰিস্বামী আই এফ এছৰ বিষয়া সকলো ৰাজভৱনত আজিৰ অনুষ্ঠানত উপস্থিত থাকে।

Also Read: ৪ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা

Ramen Deka Assam Forest Football