নেৰানেপেৰা বৰষুণৰ মাজতেই ৰাজ্যৰ ১৪জিলাত ভয়াৱহ বান পৰিস্থিতি...

নেৰানেপেৰা বৰষুণৰ মাজতেই ৰাজ্যৰ ১৪জিলাত ভয়াৱহ বান পৰিস্থিতি...
Published on
Updated on

ডিজিটেল ডেস্কঃ ভৰ বাৰিষা নহা আগতেই কেইবাটাও বানে চুই গৈছে ৰাজ্যখনক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে আতংকৰ সৃষ্টি কৰিছে। দেওবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্রান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে।

ৰাজ্যখনত ১৪জিলা বানৰ গৰাহত। বানৰ কবলত পৰা জিলা কেইখন ক্ৰমে তামুলপুৰ, বঙাইগাঁও, কৰিমগঞ্জ, লখিমপুৰ, ওদালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী আৰু গোৱালপাৰা।

এই ১৪খন জিলাৰ ২১টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩০৯খন বৰ্তমান বানৰ কৱলত। বাক্সা জিলাৰ বাৰনগৰ আৰ চি ৰাজহ চক্ৰ, বৰপেটাৰ বাৰনগৰ ৰাজহ চক্ৰ, বঙাইগাঁৱৰ দাঙতল আৰু মানিকপুৰ ৰাজহ, চিৰাঙৰ বিজনী ৰাজহ, দৰঙৰ মঙলদৈ ৰাজহ চক্ৰ বানে বুৰাই পেলাইছে।

আনহাতে ধেমাজিৰ  চিচিবৰগাও আৰু ধেমাজি ৰাজহ চক্ৰ, গোৱালপাৰা লক্ষীপুৰ, হোজাইৰ ঙোজাই আৰু ডবকা ৰাজহ, কৰিমগঞ্জৰ নিলাম বজাৰ, আৰ কে নগৰ, বদৰপুৰ, কৰিমগঞ্জ ৰাজহৰ এলেকাসমূহ বানৰ কৱলত পৰিছে। লখিমপুৰৰ সোৱণশিৰি, নগাঁৱৰ কামপুৰ, নলবাৰীৰ পশ্চিম নলবাৰী, তামুলপুৰৰ তামোলপুৰ, গৌৰেশ্বৰ, ওদালগুৰিৰ খৰাইবাৰী ৰাজহ অঞ্চল বানত প্লাবিত হৈছে।

উল্লেখযোগ্য যে এই বানত বাক্সা জিলাত বানাক্ৰান্তৰ সংখ্যা ২৩৬জন। ইয়াৰে ১১০ জন পুৰুষ, ৮৯গৰাকী মহিলা আৰু ৩৭টা শিশু। বৰপেটা জিলাত বানত আক্ৰান্ত হৈছে ৪০১জন।

আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিমগঞ্জ জিলাত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৯৫,৩১৫ জন, তাৰ পিছতে নগাঁৱত ৪,৯৮২ জন, ধেমাজিত ৩,৬২১ জন আৰু বৰপেটাত ১১০৯ জন বাসিন্দা। বৰ্তমান নগাঁও জিলাৰ কামপুৰত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। প্ৰায় ১০০৫.৭ হেক্টৰ শস্যৰ মাটি বানত ধ্বংস হৈছে। উল্লেখযোগ্য যে এতিয়ালৈকে ৰাজ্যখনত বানত মৃত্যু হৈছে ২৮জনৰো অধিক লোকৰ।

উল্লেখ্য যে বানপীড়িত ১৪খন জিলাৰ ভিতৰত কেৱল কৰিমগঞ্জ জিলাত ১৪টা শিবিৰ আৰু কেন্দ্ৰ স্থাপন কৰা হৈছে। এই পৰ্যন্ত মুঠ ৩১৬৮ জন ব্যক্তিয়ে এই সাহায্য শিবিৰ আৰু কেন্দ্ৰত আশ্ৰয় লৈছে। তথ্য অনুসৰি এই বানত পশুধন, হাঁহ-কুকুৰাকে ধৰি ৬২,১৭৩টা জীৱ-জন্তু ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ২১টা জীৱ-জন্তুৰ মৃত্যু হৈছে।

ইয়াৰ উপৰিও ৰাজ্যখনৰ কাছাৰ আৰু কামৰূপ মেট্ৰ’ত কৃত্ৰিম বানপানীৰ কৱলত পৰিছে। যাৰ ফলত কামৰূপ মেট্ৰ’ৰ ৯খন গাঁও আৰু শিলচৰ (কাছাৰ জিলা)ৰ এখন গাঁও ক্ষতিগ্ৰস্ত হৈছে।

শিলচৰ চহৰত নগৰীয়া বানপানীয়ে ৱাৰ্ড নং ৯, ১৪, ১৫, ১৬, ১৭, ২৩, লিংক ৰোড, সোণাই ৰোড, ৰাষ্ট্ৰীয় ঘাইপথ, বিবেকানন্দ ৰোড, সৰতপল্লী, বিলপাৰকে ধৰি বিভিন্ন অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে। এই কৃত্ৰিম বানত প্ৰায় মুঠ ৩০০০জন বানাক্ৰান্ত হৈছে।

একেদৰে দিছপুৰত (কামৰূপ মেট্ৰ’) ১৭ জুনত বৰষুণৰ বাবে একাধিক অঞ্চলত পানী জমা হোৱাৰ ফলত ছিজুবাৰী, হাতীগাঁও, ৱায়াৰলেছ, গ্রীনলেণ্ড পথ, ছানেকী পাথ, ৰুক্মিনিগাঁও, কাহিলীপাৰা, সাতগাঁও, অনিল নগৰ, নবীন নগৰ, তৰুণ নগৰ আদি বহুতো অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰিছে।

ইপিনে, গুৱাহাটী আঞ্চলিক বতব বিজ্ঞান কেন্দ্রই অহা ২০ জুনলৈ ৰাজ্যখনত বিজুলী-ঢেৰেকণিৰে ধাৰাসাৰ বৰষুণৰ আশংকা কৰি ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা অনুসৰি চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও আৰু তামুলপুৰত মজলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা প্রকাশ কৰিছে।

বতৰ বিজ্ঞান কেন্দ্রই লগতে দক্ষিণ শালমাৰা, গোৱালপাৰা, বজালী, নলবাৰী আৰু কাৰ্বি আংলং জিলাতো ধাৰাসাৰ বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বিশেষকৈ পশ্চিম কাৰ্বি আংলং, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়াত বৰষুণৰ ফলত বান পৰিস্থিতিৰ আশংকা প্রকাশ কৰা হৈছে।

নেৰানেপেৰা বৰষুণৰ মাজতেই ৰাজ্যৰ ১৪জিলাত ভয়াৱহ বান পৰিস্থিতি...
হতাশ নহ'বঃ এৰিকছন, পণ্টে দেখুৱাইছে জীৱনৰ ছন্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in