বঢ়মপুৰত অসম উৎসৱ -২০২৫ৰ আয়োজন

ঢোল-পেঁপা-গগণাৰ মৌ মিঠা মাতত অসমীয়া জাতি বিহুবলীয়া হোৱাৰ সময় সমাগত ৷ নগাঁও জিলাৰ বৃহত্তৰ বঢ়মপুৰত বিহুৰ প্ৰস্তুতিৰ এক অনন্য  পৰিৱেশে বিৰাজ কৰিছে ।

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত অসম উৎসৱ -২০২৫ৰ আয়োজন

ডিজিটেল সংবাদ, বঢ়মপুৰ :  ঢোল-পেঁপা-গগণাৰ মৌ মিঠা মাতত অসমীয়া জাতি বিহুবলীয়া হোৱাৰ সময় সমাগত ৷ নগাঁও জিলাৰ বৃহত্তৰ বঢ়মপুৰত বিহুৰ প্ৰস্তুতিৰ এক অনন্য  পৰিৱেশে বিৰাজ কৰিছে ।

Advertisment

সমন্বয়ৰ বাৰ্তাবাহক ঐতিহ্যমণ্ডিত বঢ়মপুৰত “অসম উৎসৱ”ৰ উদ্যোক্তাসকলে ৰঙালী বিহু উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷ নাচনি, ঢুলীয়া ,উদ্যোক্তা  সকলো ব্যস্ত বিহুৰ আখৰাত ৷

জাতি - ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকেই  বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বঢ়মপুৰৰ  ৰাজহুৱা খেলপথাৰৰ বাকৰিত অসম উৎসৱ-২০২৫ ৰ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰঙালীক আদৰিব ৷ যোৱা ২৩ মাৰ্চৰ পৰাই আৰম্ভ হৈছিল বিহুৰ আখৰা ,বিহুৰ কৰ্মশালা ৷

এইবাৰ পাঁচ শতাধিক বিভিন্ন বয়সৰ নাচনী আৰু অৰ্ধশতাধিক ঢুলীয়াৰ অংশগ্ৰহণ কৰে বিহুৰ আখৰাত ৷  বৃহত্তৰ বঢ়মপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত অহা  ১৬ , ১৭ ,১৮ আৰু ১৯ এপ্ৰিললৈকে  চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম উৎসৱ-২০২৫ ৰ আয়োজন ৷

উল্লেখ্য যে , যোৱা ২০২২ বৰ্ষত "সাদিন -প্ৰতিদিন গোষ্ঠী"ৰ ফালৰ পৰা ৰাজ্যৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ বিহু সন্মিলনৰ পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল বঢ়মপুৰৰ " অসম উৎসৱে"।  উদ্যোক্তামণ্ডলীয়ে " অসম উৎসৱ"ৰ সমূহ কাৰ্য্যসূচীত বিহুবলীয়া ৰাইজৰ সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শৰ আহ্বান জনাইছে  ।

bahrampur