ৰেগিঙৰ নামত অত্যাচাৰ! অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ...

ৰেগিঙৰ নামত অত্যাচাৰ! অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত ৰেগিঙৰ নামত নৱাগত ছাত্ৰক হাৰাশাস্তি কৰা অভিযুক্ত জ্যেষ্ঠ ছাত্ৰক ৰক্ষণাবেক্ষণ দিছে কলেজ কৰ্তৃপক্ষই। নিৰ্যাতনৰ বলি হোৱা ছাত্ৰৰ অভিভাৱকে উত্থাপন কৰিছে এই অভিযোগ। অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ ৬নং ছাত্ৰাৱাসত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰৰ ওপৰত জ্যেষ্ঠ একাংশ ছাত্ৰই লোহাৰ ৰডেৰে আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছিল ১৪আগষ্ট ২০২৪ত।

নিৰ্যাতনৰ বলি হোৱা ছাত্ৰসকলৰ অভিভাৱকে অসমীয়া প্ৰতিদিন ডিজিটেললৈ প্ৰেৰণ কৰা এক অভিযোগ পত্ৰত উল্লেখ কৰা মতে অনুৰূপ ঘটনা ৪ আৰু ৭চেপ্টেম্বৰ ২০২৪তো সংঘটিত হৈছিল। মূলত ৩জন জ্যেষ্ঠ ছাত্ৰই নেতৃত্ব লৈ এই ছাত্ৰাৱাসটোত ৰেগিঙৰ নামত শাৰিৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষক দাখিল কৰা হৈছিল।

ৰেগিঙৰ বিৰুদ্ধে যিসময়ত কঠোৰ স্থিতি গ্ৰহণ কৰা হয়, সেই সময়ত সমগ্ৰ বিষয়টো গাপ দি ৰখাৰ চেষ্টা কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াইও অভিযুক্ত ছাত্ৰসকলক ৰক্ষণাবেক্ষণ দিয়াত ছাত্ৰাৱাসটোত থকা নতুন ছাত্ৰসকলে শংকাত দিন কটাব লগা হৈছে।

অভিযোগ পত্ৰত উল্লেখ থকা মতে, বৰগোহাঁই, বৰ্মন আৰু দাস উপাধিকাৰী তিনিজন জ্যেষ্ঠ ছাত্ৰই সমগ্ৰ ৰেগিং কাণ্ডৰ নেতৃত্ব বহন কৰিছিল। কলেজ কৰ্তৃপক্ষই এই অভিযুক্ত ছাত্ৰকেইজনক সকিয়নী প্ৰদান আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰা ক্ষোভ ব্যক্ত কৰিছে অভিভাৱক তথা নৱাগত ছাত্ৰসকলে। সেয়েহে সমগ্ৰ বিষয়টো পুনৰ তদন্ত কৰি ৰেগিঙৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী তুলিছে অভিভাৱকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in