মাজ নিশা অসমত ভূমিকম্প! উৎপত্তি স্থল ক'ত...

মাজ নিশা অসম কপাঁলে ভূমিকম্পই। ২৪জানুৱাৰী, ২০২৫ৰ নিশা ১২.৫৫বজাত সমগ্ৰ ৰাজ্যত অনুভূত হয় এই ভূমিকম্পৰ। ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাৱল্য ৫.১। ভূমিকম্পৰ জোকাৰণিত অৱশ্যে কোনো ক্ষয়-ক্ষতি নাইবা কোনো লোকো হতাহত হোৱাৰ খবৰ অহা নাই। 

author-image
Asomiya Pratidin
New Update
অসমত ভূমিকম্প

অসমত ভূমিকম্প Photograph: (অসমীয়া প্ৰতিদিন)

ডিজিটেল ডেস্কঃ মাজ নিশা অসম কপাঁলে ভূমিকম্পই। ২৪জানুৱাৰী, ২০২৫ৰ নিশা ১২.৫৫বজাত সমগ্ৰ ৰাজ্যত অনুভূত হয় এই ভূমিকম্পৰ। ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাৱল্য ৫.১। ভূমিকম্পৰ জোকাৰণিত অৱশ্যে কোনো ক্ষয়-ক্ষতি নাইবা কোনো লোকো হতাহত হোৱাৰ খবৰ অহা নাই। 

উল্লেখ কৰা প্ৰয়োজন যে, এই ভূমিকম্পৰ কেন্দ্ৰ স্থল হৈছে ম্যানমাৰ। ম্যানমাৰৰ  এই উৎপত্তিস্থল  মণিপুৰ ৱাংজিং চহৰৰ  পৰা পূবে প্ৰায় ১০৫কিলোমিটাৰ নিলগত অৱস্থিত।  USGSত প্ৰকাশ কৰা হৈছে এই তথ্য। 

ইফালে মাজ নিশা প্ৰায় ১০-১৫ছেকেণ্ড সময় ধৰি এই কপঁনি উঠাৰ পাছতে একাংশই সামাজিক মাধ্যম ভৰাই তোলে ভিন্ন পোষ্টৰে। প্ৰাপ্ত খবৰ অনুসৰি, কিছু কিছু ঠাইত এই কপঁনিৰ ফলত হাঁহাকাৰ এক পৰিস্থিতিৰো উদ্ভৱ হয়। 

ভূমিকম্প অসম