নগাঁৱত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় শিশু নাট সমাৰোহ.....

নগাঁও জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই নাট সমাৰোহত অসমৰ বিভিন্ন জিলাৰ পৰা ২০টাকৈ শিশু নাট্য দলে অংশ গ্ৰহণ কৰিছে। শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ আৰম্ভণিতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নগাঁও: অসম নাট্য সন্মিলনৰ উদ্যোগত আৰু অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ সহযোগত শুক্ৰবাৰৰে পৰা তিনিদিনীয়াকৈ কেন্দ্ৰীয় শিশু নাট সমাৰোহ অনুষ্ঠিত হৈছে। নগাঁও জিলা পুথিভঁৰালত তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা এই কেন্দ্ৰীয় শিশু নাট সমাৰোহ ২০২৪ৰ লগত সংগতি ৰাখি নগাঁও জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ অধিৱেশন খন অনুষ্ঠিত কৰা হয় ।

নগাঁও জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই নাট সমাৰোহত অসমৰ বিভিন্ন জিলাৰ পৰা ২০টাকৈ শিশু নাট্য দলে অংশ গ্ৰহণ কৰিছে। শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ আৰম্ভণিতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য প্ৰদান কৰা হয়।

ইয়াৰ পাছতে নাট সমাৰোহৰ মঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰাক্তন বিধায়ক ডা: দূৰ্লভ চমুৱাই। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অভিনেতা উপকূল বৰদলৈঅসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কিচেন দাসবিশিষ্ট গল্পকাৰ- নাট্যকাৰ শিবানন্দ কাকতিশিক্ষাবিদ মোহিনী মোহন ডেকাকে ধৰি গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।

আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ পাছতে নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ কণ কণ শিক্ষাৰ্থী সকলে কুৰুক্ষেত্ৰত খেলিমেলি নামৰ শিশু নাট খন মঞ্চস্থ কৰাৰ উপৰিও আন ছয় খনকৈ শিশু নাট মঞ্চস্থ কৰা হয়।

অসম নাট্য সন্মিলন