৭ মাৰ্চত ঘোষণা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰত্যক্ষ নিযুক্তিৰ ফলাফল

অৱশেষত ধাৰ্য কৰা হৈছে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফলৰ দিন। এই নিযুক্তি পৰীক্ষাৰ অন্তৰ্গত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ফলাফল অহা ৭ মাৰ্চ, ২০২৫ত ঘোষণা কৰা হ’ব।

author-image
Asomiya Pratidin
New Update
৭ মাৰ্চত ঘোষণা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰত্যক্ষ নিযুক্তিৰ ফলাফল

৭ মাৰ্চত ঘোষণা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰত্যক্ষ নিযুক্তিৰ ফলাফল

ডিজিটেল ডেস্ক : অৱশেষত ধাৰ্য কৰা হৈছে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফলৰ দিন। এই নিযুক্তি পৰীক্ষাৰ অন্তৰ্গত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ফলাফল অহা ৭ মাৰ্চ, ২০২৫ত ঘোষণা কৰা হ’ব। দেওবাৰে নিশা সামাজিক মাধ্যমযোগে এই কথা ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে চৰকাৰী ৱেবছাইটত ফলাফলসমূহ চাব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে ইয়াৰ সবিশেষ উল্লেখ কৰিছে।

উল্লেখযোগ্য যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বৰ্গৰ ADREৰ ফলাফল চৰকাৰী ৱেবছাইট sebaonline.org আৰু assam.gov.in ত উপলব্ধ হ’ব। প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল এইসমূহ ৱেবচাইটত চাব পাৰিব আৰু ফলাফল আনুষ্ঠানিকভাৱে প্ৰকাশ হ’লে তেওঁলোকৰ আবেদনৰ সবিশেষ তথা স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব।

একেদৰে ইয়াৰ এদিন আগত ৬ মাৰ্চত অসম আৰক্ষী এছ আইৰ ফলাফল ঘোষণা কৰা হ’ব। তাৰ পিছত ১২ মাৰ্চত অসম আৰক্ষী কনিষ্টবলৰ ফলাফল, ৪ মাৰ্চত অসম আৰক্ষী চালক আৰু ২৭ মাৰ্চত অসম আৰক্ষী কমাণ্ডো বেটেলিয়ন কনিষ্টবলৰ ফলাফল ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Dr. Himanta Biswa Sarma