/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/219f514d-cab8-483a-9fb8-bbe8a4188fe7/namrup_sar.jpg)
Namrup
ডিজিটেল সংবাদ, নামৰূপঃ মোদী চৰকাৰে গ্ৰহণ কৰা নিৰ্বিনিয়োজন নীতিৰ আধাৰত চলিত বিত্তীয় বৰ্ষত ৰাজহুৱা খণ্ডৰ ৮ টা উদ্যোগৰ ভিতৰত নামৰূপস্থিত বি ভি এফ চি এলকো কোনো ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰা প্ৰসংগৰ তীব্ৰ বিৰোধিতা কৰি বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে।
নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত জয়পুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত ৰূপায়ন কৰা ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে বক্তব্যৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক জন বিৰোধী সিদ্ধান্ত বুলি উল্লেখ কৰি মৃত্যুমুখী সাৰ কাৰখানাৰ এই অৱস্থাৰ বাবে মেনেজমেণ্টৰ লগতে শ্ৰমিক সংগঠন সমূহকো দোষাৰোপ কৰে।
তেওঁ কয় যে কংগ্ৰেছ চৰকাৰে ষাঠিৰ দশকতে স্থাপন কৰা নামৰূপ সাৰ কাৰখানা এসময়ত দেশৰ ভিতৰতে এটা লাভজনক উদ্যোগ আছিল। ইয়াৰ পিছৰ পৰ্যায়ত কংগ্ৰেছ চৰকাৰে ২০০০ চনত এইচ এফ চি ৰ পৰা বি ভি এফ চি এল হিচাপে পৃথকীকৰণ কৰি ২০০৬ চনত চতুৰ্থ গোট স্থাপনৰ বাবেও সাজু হ'ল ।
লক্ষ্যণীয় যে, সেই সময়ত সাৰ কাৰখানাৰ ফালৰ পৰা চৰকাৰক পুৰণি গোট কেইটা পুনৰ জীৱিত কৰণৰ বাবে বাৰে বাৰে অধিক হেঁচা দিয়ে। ফলশ্ৰুতিত কেন্দ্ৰৰ কংগ্ৰেছৰ চৰকাৰে উদ্যোগটো ৰিভেম্পিংৰ বাবে কেইবা কোটি টকা প্ৰদান কৰিছিল যদিও ইয়াৰ সুফল দেখা নগ'ল।
তাৰ বিপৰীতে ১ নং গোটটো স্কেপত লোহা টিন হিচাপে বিক্ৰী কৰিলে কিন্তু তাৰ হিচাপ আজিও নিদিলে। কোটি টকা ব্যয় কৰা উদ্যোগটো কিয় ভালদৰে নচলিল, চৰকাৰী ধন ক'ত ব্যয় কৰিলে তাৰ হিচাপ নহ'ল।
পৰিণতিত উদ্যোগটো মৃতপ্ৰায় লোকচানৰে ভৰা উদ্যোগলৈ ৰূপান্তৰ হ'ল । এই ক্ষেত্ৰত উদ্যোগটোৰ ইউনিয়ন সমূহক জগৰীয়া বুলি বক্তব্যত উল্লেখ কৰি কয় যে ইউনিয়ন সমূহে মেনেজমেণ্টৰ এনে কাম- কাজ সমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি দিয়া আৰু তদন্তৰ দাবী কৰাৰ বিপৰীতে ৱমেনেজমেণ্টৰ সুৰত সুৰ মিলাই চলাৰ বাবে বি ভি এফ চি এলৰ এই অৱস্থা হ'ল বুলি ভাষণ প্ৰসংগত কয়।
প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে লোকচান ভৰি থকা উদ্যোগতো ক্ৰয় কৰিবলৈ যে কোনো সচেতন উদ্যোগপতি আগবাঢ়ি আহিব তাৰ সন্দেহ আছে । তেনে প্ৰেক্ষাপটত বছৰৰ পিছত বছৰ লোকচান ভৰা উদ্যোগটোৰ ভৱিষ্যতকলৈ আশংকা ব্যক্ত কৰি কয় যে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপলৈ পূৰ্বৰ প্ৰস্তাৱিত প্ৰক্ৰিয়া অনুসৰি জইন ভেন্সাৰতে উদ্যোগটো জীয়াই ৰাখিবলৈ আহ্বান জনায়।
লগতে নিৰ্বাচনৰ সময়ত ৰাইজক সাৰ উদ্যোগক লৈ দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী তোলে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।
কাৰ্যসূচীত জয়পুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰিখেশ্বৰ ৱাংচু নামৰূপ পঞ্চায়তৰ সভাপতি তুতুমনী লাহন প্ৰমুখ্যে কংগ্ৰেছৰ বিষয় ববীয়া সকল উপস্থিত থাকে।