ড০ সুৰজিত দলেক অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ অনুমোদন ক্ৰমে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই মঙলবাৰে ড০ দলেক মেডিয়া আৰু গণ সংযোগ বিভাগৰ মুখপাত্ৰ হিচাবে নিযুক্তি দিছে।

author-image
Asomiya Pratidin
New Update
sd

ডিজিটেল সংবাদ,ঢকুৱাখনা:  অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মিডিয়া বিভাগৰ মুখপাত্ৰ হিচাবে ড০ সুৰজিত দলেক নিযুক্তি প্ৰদান। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ অনুমোদন ক্ৰমে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই মঙলবাৰে ড০ দলেক মিডিয়া আৰু গণ সংযোগ বিভাগৰ মুখপাত্ৰ হিচাবে নিযুক্তি দিছে।

Advertisment

 ড০ দলেক দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এই পদত নিযুক্তি পত্ৰ প্ৰদান কৰি আনুষ্ঠানিক ভাৱে দায়িত্ব অৰ্পণ কৰা হয়। ঢকুৱাখনা বিধান সভা সমষ্টিৰ কেঁকুৰী পমুৱা মিৰি গাঁৱৰ নিবাসী,গোগামুখৰ এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ শিক্ষক কোষৰ উপাধ্যক্ষ, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মিচিং স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিৰ মুখ্য আহ্বায়কৰো দায়িত্ব প্ৰাপ্ত ড০ দলেক পুনৰ এই গুৰুত্বপূৰ্ণ পদত নিযুক্ত কৰাত স্বাভাৱিকতে উৎসাহী হৈ পৰিছে সকলো।

ঢকুৱাখনা বিধান সভা সমষ্টিৰ ঢকুৱাখনা ,ঘিলামৰা আৰু বগীনদী ব্লক কংগ্ৰেছ সমিতি সমূহৰ লগতে যুৱ কংগ্ৰেছ ,মহিলা কংগ্ৰেছ , সেৱা দলৰ সমূহ বিষয়ববীয়া আৰু কৰ্মকর্তা সকল উৎফুল্লিত হোৱা পjৰিলক্ষিত হৈছে । ড০ দলেলৈ ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি দেৱজিৎ হাজৰিকা,ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া , ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰমেন মিলি , ব্লক কংগ্ৰেছৰ বিষয়ববীয়া ৰাকেশ পেগু , ৰাজীৱ খান আদি বিভিন্ন বিষয়ববীয়াই অভিনন্দন জ্ঞাপন কৰিছে।

ঢকুৱাখনা