অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি ছ’চিয়েল মিডিয়াত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

নতুন প্ৰজন্মৰ অভিযন্তা জ্যোষিতা দাসৰ ৰহস্যজনক মৃত্যুৰ চিবিআই তদন্ত বিচাৰি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সামাজিক মাধ্যমত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

author-image
Asomiya Pratidin
New Update
দুৰ্গত শিল্পীৰ সাহায্যৰ বাবে ১৬ আগষ্টত ‘ৰ’দালি’ৰ উদ্যোগত সাংস্কৃতিক সন্ধিয়া

ডিজিটেল সংবাদ গুৱাহাটীঃ নতুন প্ৰজন্মৰ অভিযন্তা জ্যোষিতা দাসৰ ৰহস্যজনক মৃত্যুৰ চিবিআই তদন্ত বিচাৰি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সামাজিক মাধ্যমত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সভাপতি ভূপেন বৰা, ৰিপুণ বৰা, প্ৰাক্তন সাংসদ আব্দুল খালেক, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক দিগন্ত বৰ্মন, শিৱামণি বৰা, ৰেকিবুদ্দিন আহমেদ, আব্দুল বাতেন খণ্ডকাৰ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সেৱা দলৰ অধ্যক্ষ দীপ বায়ন, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ, প্ৰদ্যুৎ ভূঞা প্ৰমুখ্যে জিলা কংগ্ৰেছৰ সভাপতিসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Advertisment

জ্যোষিতাৰ পৰিয়ালে ন্যায় নোপোৱা পৰ্যন্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তদন্তৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক বিবৃতিত আজি প্ৰকাশ কৰিছে। 

দেশভক্ত তৰুণৰাম ফুকনক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি

আজি পুৱাৰ ভাগত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে মুক্তিযোদ্ধা, দেশভক্ত তৰুণৰাম ফুকনৰ কৰ্মৰাজিৰ বিষয়ে চমুকৈ আলোকপাত কৰে। অনুষ্ঠানটোৰ আঁত ধৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।

কংগ্ৰেছ প্ৰতিবাদ