অসম কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মাণ্ডলীকৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

আজি পুৱা প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ পিছত পতাকা উত্তোলন কৰে সংগঠনটোৰ গোলাঘাট মাণ্ডলীক সমিটিৰ সভাপতি প্ৰশান্ত বৰাই ৷ ইয়াৰ পিছতেই স্মৃতি তৰ্পন ড° ৰঞ্জন বৰঠাকুৰে ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1golaghat dsx

ডিজিটেল সংবাদ,গোলাঘাটঃ  অসম কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মাণ্ডলীক সমিতিৰ ১৮ সংখ্যক বাৰ্ষিক অধিৱেশন খনি আজি দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ শিক্ষক গোটৰ আতিথ্যত কলেজ খনৰ সভাগৃহত অনুষ্ঠিত হয় ৷ আজি পুৱা প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ পিছত পতাকা উত্তোলন কৰে সংগঠনটোৰ গোলাঘাট মাণ্ডলীক সমিটিৰ সভাপতি প্ৰশান্ত বৰাই ৷

Advertisment

ইয়াৰ পিছতেই স্মৃতি তৰ্পন ড° ৰঞ্জন বৰঠাকুৰে ৷  মহিলা কোষৰ প্ৰতিনিধি সভা আৰু প্ৰতিনিধি সভা উদ্বোধন কৰে দেৱেশ্বৰ বৰুৱা আৰু ড° জয়প্ৰকাশ ওজাই ৷ প্ৰশান্ত বৰাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাখনি এটা সমবেত সংগীতেৰে আৰম্ভ কৰা হয় ৷ সভাৰ আদৰণী ভাষণ দিয়ে দেৱৰাজ ৰয় কলেজৰ অধ্যক্ষ ড° জয়ন্ত বাৰুকীয়ালে ৷

অৱসৰপ্ৰাপ্ত অধ্যাপক ড° পৰেশ চন্দ্ৰ দত্তই “বীক্ষা” শীৰ্ষক আলোচনী খন উন্মোচন কৰাৰ পিছত “ধনশিৰি” উন্মোচন কৰে ড° মিনুৱাৰা বেগমে ৷ আমন্ত্ৰিত অতিথিৰ ভাষণত অসমৰ বিশিষ্ট পৰিবেশবিদ তথা সাংবাদিক অপূৰ্ব বল্লভ গোশ্বামীয়ে কয় যে এইখন চৰকাৰে সকলোকে হিতাধিকাৰী সৃষ্টি কৰাৰ ক্ষেত্ৰত হে মনোযোগ দি আছে ৷ শিক্ষা দানৰ দৰে এক অতি পবিত্ৰ আৰু সন্মানীয় কৰ্মত জড়িত শিক্ষাগুৰু সকলৰ সকলো সমস্যা নিৰাময় কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায় ৷

ইয়াৰ পিছতে বিশিষ্ট অতিথিৰ ভাষণ দিয়ে অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ড° জয়ন্ত বৰুৱা আৰু সম্পাদক পৰাগ মহন্তই ৷  সভাৰ আঁত ধৰে গোলাঘাট মণ্ডলৰ সম্পাদক ড°ৰঞ্জন বৰঠাকুৰে ৷ বিগত সময়চোৱাত অৱসৰ লোৱা ৮ গৰাকী শিক্ষকক এই সভাতেই সম্বদ্ধনা জনোৱা হয়।

গোলাঘাট