প্ৰয়োজনীয় কি? হিজাব নে শিক্ষা, মুখ্যমন্ত্ৰী শৰ্মাই ক’লে…

প্ৰয়োজনীয় কি? হিজাব নে শিক্ষা, মুখ্যমন্ত্ৰী শৰ্মাই ক’লে…

author-image
asomiyapratidin
New Update
শৰ্মা মন্ত্ৰীসভাৰ প্ৰথম সম্প্ৰসাৰণ, দৌৰত কোন কোন?

ডিজিটেল ডেস্ক: দেশত চলি থকা হিজাব বিতৰ্কৰ মাজতেই এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে "হিজাবক লৈ কোনো বিবাদ হ'ব নালাগে। যদি কোৰাণ শ্বৰীফ ভালদৰে অধ্যয়ন কৰা যায় দেখা যায় যে তাত শিক্ষাক গুৰুত্ব দিয়া হৈছে,হিজাবক নহয়। এতিয়া প্ৰশ্ন হয় হিজাব প্ৰয়োজনীয় নে শিক্ষা।শিক্ষাত গুৰুত্ব আৰোপ কৰাটো মুছলাম সকলৰ গুৰুত্বপূৰ্ণ দায়িত্ব"।

ইয়াৰ পূৰ্বে কেৰলৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে হিজাবক লৈ মন্তব্য কৰি এয়া এক ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছিল। লগতে কৈছিল যে মুছলমান নাৰী সকলৰ বাবে শিক্ষা জৰুৰী। শৰীয়ত আইন মতে নাৰীৰ ৰাজহুৱা স্থানত মাত মতাৰ অধিকাৰ নাই। গতিকে সেই ফালৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে প্ৰতিবাদ কৰাটোও ভুল।

উল্লেখ্য যে, এতিয়াও শাম কটা নাই হিজাব বিতৰ্কৰ। দেশৰ বিভিন্ন প্ৰান্তত হিজাবক লৈ প্ৰতিবাদ সাব্যস্ত হোৱাও দেখা গৈছে। একাংশই সমৰ্থন কৰাৰ উপৰি একাংশই ইয়াৰ বিৰোধিতা কৰিছে।

hijab himanta biswa sarma