পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা অসম চিভিল ছ’চাইটিৰ

কাশ্মীৰৰ পেহেলগামৰ ওচৰৰ সুদৃশ্য পৰ্যটনথলী বৈচাৰণত সন্ত্ৰাসবাদীৰ আক্ৰমণত বিদেশী পৰ্টকসহ ২৮ গৰাকী নিৰীহ পৰ্যটক নিহত আৰু আন বহু কেইগৰাকী আহত হোৱাৰ ঘটনাত অসম চিভিল ছ’চাইটিয়ে গভীৰ দুখ প্ৰকাশ কৰিছে

author-image
Asomiya Pratidin
New Update
পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা অসম চিভিল ছ’চাইটিৰ

ডিজিটেল সংবাদ, গুৱাহাটী : কাশ্মীৰৰ পেহেলগামৰ ওচৰৰ সুদৃশ্য পৰ্যটনথলী বৈচাৰণত সন্ত্ৰাসবাদীৰ আক্ৰমণত বিদেশী পৰ্টকসহ ২৮ গৰাকী নিৰীহ পৰ্যটক নিহত আৰু আন বহু কেইগৰাকী আহত হোৱাৰ ঘটনাত অসম চিভিল ছ’চাইটিয়ে গভীৰ দুখ প্ৰকাশ কৰিছে। লগতে এক বিবৃতিযোগে সন্ত্ৰাসবাদী আক্ৰমণটোক তীব্ৰ গৰিহণা প্ৰদান কৰিছে ৷ 

Advertisment

কাশ্মীৰকে ধৰি সমগ্ৰ ভাৰততে পেহেলগামৰ ঘটনাক কঠোৰ নিন্দা কৰি জনসধাৰণে বিক্ষোভ প্ৰদৰ্শন কৰিছে৷ বিদেশী সন্ত্ৰাসবাদীও জড়িত সন্ত্ৰাসবাদীসকল বাহিৰৰ পৰা অহা বুলি বাতৰিত প্ৰকাশ ৷ বিবৃতিত উল্লেখ কৰে যে, পৰ্যটন উদ্যোগৰ ওপৰত নিৰ্ভৰশীল পেহেলগাম তথা কাশ্মীৰৰ সাধাৰণ ৰাইজে সন্ত্ৰাসবাদী আক্ৰমণটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দেখুৱাই দিছে যে সাধাৰণ কাশ্মীৰীসকল সন্ত্ৰাসবাদৰ বিৰুদ্ধে আছে ৷ 

আনহাতে সন্ত্ৰাসবাদীসকলৰ আক্ৰমণত পেহেলগামৰ স্থানীয় লোক এজনো নিহত হোৱা ঘটনাই সন্ত্ৰাসবাদীসকলৰ নিৰ্বিচাৰ গুলীৰ লক্ষ্যই জাতি-ধৰ্ম বিচাৰ কৰা নাছিল সেয়া স্পষ্ট কৰিছে ৷ পেহেলগামৰ ঘটনাকলৈ দেশত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংগ্ৰামক বিপথে পৰিচালিত কৰি সন্ত্ৰাসবাদীসকলৰ উদ্দেশ্যকে সফল কৰিবলৈ প্ৰয়াস কৰা বুলি উল্লেখ কৰে বিবৃতিত ৷ 

সমগ্ৰ বিশ্বত সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰায় নিঃশেষ হোৱাৰ সময়ত পেহেলগামত নতনকৈ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা কাৰ্যই চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাৰ ত্ৰুটী আৰু চোৰাংচোৱা ব্যৱস্থাৰ দূৰ্বলতাক সামগ্ৰিকভাৱে প্ৰতিফলিত কৰিছে ৷  অসম চিভিল ছ’চাইটিয়ে সাম্প্ৰদায়িক মৌলবাদী আৰু সন্ত্ৰাসবাদী কাৰ্যৰ বিৰুদ্ধে সচেতন আৰু সতৰ্ক হ’বলৈ আৰু এইবোৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিবলৈ আহবান জনায় ৷

পেহেলগাম