অসম চেম্বাৰ অৱ কমাৰ্চৰ নতুন সমিতি গঠন

দেওবাৰে নগাঁৱৰ হোটেল ঋষিৰাজত অনুষ্ঠিত হয় অসম চেম্বাৰ অৱ কমাৰ্চৰ সাধাৰণ সভা। অসম চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই।

author-image
Asomiya Pratidin
New Update
অসম চেম্বাৰ অৱ কমাৰ্চৰ নতুন সমিতি গঠন

অসম চেম্বাৰ অৱ কমাৰ্চৰ নতুন সমিতি গঠন

ডিজিটেল সংবাদ, নগাঁও: দেওবাৰে নগাঁৱৰ হোটেল ঋষিৰাজত অনুষ্ঠিত হয় অসম চেম্বাৰ অৱ কমাৰ্চৰ সাধাৰণ সভা। অসম চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই।

Advertisment

বিধায়কগৰাকীয়ে নিজৰ ব্যৱসায়িক জীৱনৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি কয় যে, "অকল চাকৰিৰ জৰিয়তে নিৱনুৱা সমস্যা সমাধান কৰিব নোৱাৰি। এতিয়া মেধাৰ ভিত্তিত নিযুক্তি হয়। বাকী আন সকলৰ সংস্থাপনৰ বিষয়টো সকলোৱে চিন্তা কৰিব লাগিব। ইয়াৰ বাবে তেওঁলোকক ব্যৱসায় - বাণিজ্য আৰু কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। আমাৰ মানুহে বেংকৰ পৰা ঋণ লৈ ব্যৱসায় কৰিবলৈ আগ্ৰহী নহয়। সাহস, ধৈৰ্য্য আৰু পৰিশ্ৰম থাকিলে ব্যৱসায়ৰ লগতে আন ক্ষেত্ৰটো সফলতা লাভ কৰিব পাৰি। অসম এতিয়া উদ্যোগিক হাব হ'বলৈ গৈ আছে। এডভান্টেজ আসাম ২.০ অহাৰ লগে লগে অসমৰ উদ্যোগিক ক্ষেত্ৰই নতুন গতি লাভ কৰিছে।"

উদ্যোগিক বিকাশৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰি বিধায়ক শৰ্মাই উল্লেখ কৰে, "এতিয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত সমগ্ৰ অসমলৈ উদ্যোগ স্থাপনৰ পথ সুগম হৈছে। অসমৰ পৰিৱেশ এতিয়া ক্ৰমশঃ সলনি হৈছে। অসমৰ নৱ প্ৰজন্মৰ যুৱক-যুৱতীক ব্যৱসায়-বাণিজ্যিৰ প্ৰতি আগ্ৰহী কৰিবৰ বাবে সময়ে সময়ে কৰ্মশালা অনুষ্ঠিত কৰিবলৈ চেম্বাৰ অৱ কমাৰ্চক বিধায়ক গৰাকীয়ে আহ্বান জনায়। সভাত এখন জিলাত উৎপাদিত সামগ্ৰীক উৎসাহিত কৰা, স্থানীয় শিল্পীক সবল কৰা, থলুৱাৰ বাবে কণ্ঠস্বৰ নিশ্চিত কৰা, ভাৰতীয় উদ্যোগী সকলক উৎসাহিত কৰা, ভাৰতীয় হস্তশিল্প আৰু গহনাৰ প্ৰচাৰ কৰা, ভাৰতীয় নাৰীক সন্মান কৰা, বেটি বচাও বেটি পঢ়াও অভিযান সফল কৰা , স্কিল ইণ্ডিয়া অভিযানৎ জৰিয়তে যুৱ সমাজক সবল কৰা আদি ১৪ টা বিষয়ৰ সংকল্প গ্ৰহণ কৰা হয়।

 সভাত অসম চেম্বাৰ অৱ কমাৰ্চৰ কাৰ্যকৰী সভাপতি শিশিৰ কলিতা, জয়ন্ত শৰ্মা, সম্পাদক বসন্ত কুমাৰ কলিতা, নৱল কিশোৰ খান্দেৰকাৰ ,নগাঁও জিলা সমিতিৰ সভাপতি  সুৰেন্দৰ সিং চেহমী, সাধাৰণ সম্পাদক নানু দাস, দেৱাংশু শৰ্মা আৰু জীৱন বণিক আদিয়ে অংশগ্ৰহণ কৰে। সভাত ৰূপম গোস্বামীক অধ্যক্ষ, কিশোৰ বৰাক, শিশিৰ কলিতা, জয়ন্ত শৰ্মাক কাৰ্যকৰী সভাপতি,বসন্ত কুমাৰ কলিতা, নৱল কিশোৰ খান্দেলকাৰক সম্পাদক হিচাপে লৈ পৰৱৰ্তী তিনিবছৰৰ বাবে অসম চেম্বাৰ অৱ কমাৰ্চৰ নতুন সমিতি গঠন কৰা হয়।

নগাঁও চেম্বাৰ অৱ কমাৰ্চ