
ডিজিটেল ডেস্ক: আজি অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। জনতা ভৱনত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠক। য'ত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তলত সৱিশেষ উল্লেখ কৰা হ'ল-
সাগৰমালা আঁচনিৰ অধীনত তীৰ্থক্ষেত্রলৈ ফেৰী সেৱা।
কামাখ্যাৰ পৰা অশ্বক্লান্তলৈ চলিব ফেৰী।
অশ্বক্লান্তৰ পৰা উমানন্দলৈ চলিব ফেৰী।
উমানন্দৰ পৰা দৌল গোবিন্দলৈ ফেৰী সেৱা।
গুৱাহাটীৰ ৫ তীৰ্থক্ষেত্রলৈ আৰম্ভ হ’ব ফেৰী সেৱা।
দক্ষতা বিকাশৰ ক্ষেত্রতো হ’ব বিশেষ ব’ৰ্ড।
দুমাহৰ ভিতৰত কাৰিকৰী শিক্ষাই ল’ব নতুন ৰূপ।
অষ্টম উত্তীৰ্ণই কাৰিকৰী শিক্ষা ল’লে HSLCৰ সমমৰ্যাদা পাব।
HSLC উত্তীৰ্ণসকলে কাৰিকৰী শিক্ষা ল’লে HSৰ সমমৰ্যাদা পাব।
দুমাহৰ ভিতৰত গঠন কৰা হ’ব দক্ষতা বিকাশ ব’ৰ্ড।
৪৪ লাখ লোকৰ ঘৰত সংস্থাপিত হ’ব ডিজিটেল মিটাৰ।
ইয়াৰ বাবে প্রয়োজন হ’ব ৫ হাজাৰ টেকনেচিয়ান।
৪,৬৬২ কোটি টকা ব্যয়ৰ ক্ষেত্রত অনুমোদন।
বৰছলাত হ’ব ৫০ মেগাৱাটৰ সৌৰ পাৰ্ক।
জোখ-মাখ বিভাগক খাদ্য, যোগান বিভাগৰ লগত চামিলৰ সিদ্ধান্ত।
৩১ মাৰ্চলৈ বৃদ্ধি কৰা হ’ব বসুন্ধৰা আবেদনৰ সময়সীমা।
পূৰ্বে DGPৰ কাৰ্যালয়ৰ পৰা সম্পন্ন হৈছিল বদলিকৰণ প্রক্রিয়া।