/asomiyapratidin/media/media_files/2025/03/10/ZC2XAZRHxw7YMUATpnGQ.jpg)
1. এচীয় উন্নয়নী বেংকৰ বিত্তীয় সাহায্যৰে জাগীৰোড আৰু পলাশবাৰীত এক বৃহত টাউনশ্বীপ প্ৰকল্পৰ নিৰ্মাণৰ প্ৰস্তাৱ এই বাজেটত। ইয়াৰ বাবে ৮০০০হাজাৰ কোটি টকাৰ এক প্ৰকল্প ৰূপায়নৰ চিন্তা কৰা হৈছে।
2. ৰাজ্যত ঔদ্যোগিক ভূমি বেংক গঢ়ি তোলাৰ কথা ঘোষণা বাজেটত। ৩,১০০একৰ আবন্টনযোগ্য ভূমিসহ ৬,৫০০ এক ঔদ্যোগিক ভূমি আছে। এই সকলোবোৰক লৈ ১১, ৬৬০ একৰ ভূমি উন্নয়ন সাধন কৰাৰ লক্ষ্য।
3. অসমত শক্তিশালী ঔদ্যোগিক পৰিৱেশ গঢ়ি তোলাৰ বাবে ২০২৫-২৬বৰ্ষৰ বাজেটত ২০০০ কোটিতকৈ অধিক টকাৰ আৱন্টন।
4. মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ এককালীন সাহায্যৰ পৰিমাণ ৪লাখৰ পৰা ৫লাখলৈ বৃদ্ধি। বন্য জন্তুৰ উপদ্ৰৱত ফলত শস্য নষ্ট হলে ইয়াৰ ক্ষতিপূৰণ ৭,৫০০টকাৰ পৰা ৮,০০০টকালৈ বৃদ্ধি।
5. কাজিৰঙাত পুৰণি জিপছীৰ স্থানত নতুন বাহন, বৈদ্যুতিক বাহন অনা হব। ইয়াৰ বাবে ২০কোটি টকা ধাৰ্য কৰিছে বাজেটত।
6. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ বাৰ্ষিক কিস্তিত ১০০কোটি টকাৰ এককালীন অনুদানৰ ঘোষণা বাজেটত।
7. ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্ছিত্ৰ আৰু দুৰদৰ্শন প্ৰতিষ্ঠানক এবছৰৰ ভিতৰত ডিপ্লমা পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈ উন্নীতকৰণ সিদ্ধান্ত।
8. অসমৰ সকলো জিলা সদৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ। ৩৫খন জিলাত ৭০০কোটি টকাৰ ভিতৰত ১২খন জিলাৰ বাবে ২৪০কোটি টকা এই বাজেটত আৱন্টন।
9. ৰাজ্যখনৰ জিকিৰ আৰু জাৰীসমূহ থলুৱা ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাই এই গুৰু দায়িত্ব বহন কৰিব।
10. জ্যোতি চিত্ৰবনৰ কৰ্মচাৰীসকলৰ প্ৰাদেশীকৰণৰ সিদ্ধান্ত। জ্যোতি চিত্ৰবন সমাজৰ উন্নীত কৰণৰ বাবে ৪জনীয়া সমিতি গঠন।
11. মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়লৈ গৱেষণামূলক কাম কাজৰ বাবে ৫০কোটি টকাৰ আৱন্টনৰ ঘোষণা বাজেটত।
12. কোচবিহাৰ মধুপুৰ সত্ৰৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ ৫০কোটি টকীয়া প্ৰকল্প গ্ৰহণ। এই সত্ৰখনক ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব।
13. ২০২৫বৰ্ষৰ ১৪এপ্ৰিলৰ পৰা অসম চৰকাৰৰ সকলো চৰকাৰী নিৰ্দেশ অসমীয়া অনুবাদ বাধ্যতামূলক।
14. ২০২৫-২৬বৰ্ষৰ বাজেটত অসমত অৰণোদয় আচঁনিৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.০২লাখলৈ বৃদ্ধিৰ সিদ্ধান্ত।এই আঁচনিখনৰ বাবে ৫হাজাৰ কোটি টকা আছুতীয়াকৈ ধাৰ্য কৰা হৈছে।
15. মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অভিযানৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৩০লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ ২লাখ আত্মসহায়ক গোটক সামৰি লোৱা কথা ঘোষণা। সকলোকে প্ৰদান কৰা হব ১০হাজাৰকৈ টকা। এই আচঁনিৰ বাবে ৩,০৩৮কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত।
16. নিযুত মইনা আচনিৰ হিতাধিকাৰীৰ সংখ্যা ৪.৩লাখলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত। এই আচঁনিৰ বাবে ৩৯১কোটি টকা আৱন্টন।
17. ১জানুৱাৰী, ২০০৬ৰ পূৰ্বে স্থাপিত হোৱা বিদ্যালয় প্ৰাদেশীকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই বাজেটত।
18. স্নাতক মহলাৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আচঁনিৰ বাবে ২৫কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা।
19. মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ২০২৫-২৬বিত্তীয় বৰ্ষত ৭৭৩কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা এই বাজেটত।
20. ৰাজ্যত ১লাখ নিযুক্তি প্ৰদানৰ কাৰ্যসূচী ১লাখৰ সীমা পাৰ হৈ ১লাখ ৬০হাজাৰ ৫৯৪গৰাকীক নিযুক্তি দিয়াৰ দিশে অসম চৰকাৰ। এই সন্দৰ্ভত সবিস্তাৰে বাজেটত উল্লেখ।
21. ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলৰ বাবে খাদ্য যোগানৰ নিশ্চিতি প্ৰদান কৰিবলৈ বাজেটত ৩৭০কোটি টকা আৱন্টন।
22. চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে ২০২৫-২৬বাজেটত ৩৪২কোটি টকাৰ আৱন্টন কৰিছে অসম চৰকাৰে।
23. শৈক্ষিক ক্ষেত্ৰত লিখা মেলা কৰা ১হাজাৰ যুৱ লেখকলৈ ২৫হাজাৰ টকাৰ আৰ্থিক সাহায্য। কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে ১হাজাৰ টকাকৈ এককালীন অনুদান।
24. অসম দৰ্শনৰ অধীনত ধৰ্মীয় অনুষ্ঠানৰ উন্নতকৰণ বাবে এই বাজেটত ধাৰ্য কৰা হৈছে ৪২০কোটি টকা। ২০২৫ৰ ৩১মাৰ্চৰ পূৰ্বে ইয়াৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰাৰ কথা ঘোষণা।
25. প্ৰতি মাহত ১২০ ইউনিট বিদ্যুত খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলক প্ৰতিটো ইউনিটত ১টাকৈ হ্ৰাস পাব। ইয়াৰ বাবে ৩০০কোটি টকাৰ ৰাজ সাহায্য ঘোষণা এই বাজেটত।
26. মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত ৫০০টা কৃষক উৎপাদক সংস্থাক ১০লাখকৈ টকা প্ৰদান কৰা হব। ইয়াৰোপৰি প্ৰতি কুইন্টল ধানত ২৫০টকা, প্ৰতি কুইন্টল সৰিয়হত ৫০০টকা চৰকাৰী সাহায্য প্ৰদান কৰা হব।
27. এক জিলা এক পথ আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাতে ২৫কিলোমিটাৰ পথ নিৰ্মাণ কৰা হব। শিলচৰত এখন উৰণ সেতু। ডিব্ৰুগড়ত নিৰ্মাণ কৰা হব বিধায়কৰ হোষ্টেল। দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হব ডিব্ৰুগড়ক।
28. দশম আৰক্ষী বেটলিয়নৰ চাউনী গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা হব। কাৰ্বি আংলঙত সৈনিক স্কুল, কৃষি মহাবিদ্যালয়, পশু চিকিতসা মহাবিদ্যালয়। ৰং মহলত নিৰ্মাণ কৰা হব নতুন উচ্চ ন্যায়ালয়ৰ ভ্ৰমণ। ইয়াৰ বাবে ৪০৫কোটি টকা ধাৰ্য।
29. অসম বিশ্ববিদ্যালয়, শিলচৰৰ মূল চৌহদত আৰু তেজপুৰ বিশ্ববিদ্যালয়ত ক্ৰমে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁঞিবৰুৱাৰ নামত অসমীয়া ভাষা মুকলি।
৩০. ২০২৫ৰ এপ্ৰিলৰ পৰা সকলো বিদ্যালয়তে অষ্টম শ্ৰেণীলৈকে অসম ইতিহাস বিষয়টো বাধ্যতামূলক।