/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e6448872-67df-4ca8-9f0e-0e2fe59f4ffc/assam_book_fair_16.jpg)
assam book fair
ডিজিটেল ডেস্কঃ অসমৰ বিভিন্ন প্ৰান্তলৈ গ্ৰন্থৰ চিৰন্তন আৱেদন বিস্তাৰিত কৰাৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত সম্প্ৰতি প্ৰস্তুত কৰি তোলা হৈছে এক সুদূৰপ্ৰসাৰী পৰিকল্পনা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আগ্ৰহ আৰু পৰিকল্পিত আঁচনি অনুযায়ী অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত এইবাৰ গুৱাহাটীকে ধৰি অসমৰ চাৰিটা স্থানত অসম গ্ৰন্থমেলাৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সেই সিদ্ধান্ত অনুযায়ী অহা ৪ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ ধেমাজিৰ কাছাৰী ময়দানত ‘অসম গ্ৰন্থমেলা-ধেমাজি’ অনুষ্ঠিত হ’ব। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজি এক সংবাদ বিজ্ঞপ্তিত জনোৱা মতে 'অসম গ্ৰন্থমেলা- ধেমাজি'ৰ পাছতে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি বিক্ৰেতা সংস্থা আৰু অসম শৈক্ষিক কেন্দ্ৰৰ যৌথ উদ্যোগত অহা ২ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ যোৰহাট কাছাৰী ময়দানত অনুষ্ঠিত হ’ব 'অসম গ্ৰন্থমেলা-যোৰহাট'।
এই গ্ৰন্থমেলাৰ পৰিসমাপ্তিৰ পাছতে অহা ২৯ ডিচেম্বৰ-২০২২ তাৰিখৰ পৰা ৯ জানুৱাৰী, ২০২৩ তাৰিখলৈ অনুষ্ঠিত হ’ব গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত 'অসম গ্ৰন্থমেলা-গুৱাহাটী'। এই গ্ৰন্থমেলাৰ সফল সামৰণিৰ পাছত ফেব্ৰুৱাৰী মাহত শেষৰখন গ্ৰন্থমেলা অনুষ্ঠিত হ’ব বঙাইগাঁৱত।
প্ৰকাশন পৰিষদৰ সচিবে আৰু জনোৱা মতে অসম গ্ৰন্থমেলা-ধেমাজিৰ কাৰ্যসূচী প্ৰস্তুতি, অতিথি নিমন্ত্ৰণ তথা বিপণী আৱণ্টনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে। এই প্ৰক্ৰিয়া অনুযায়ী 'অসম গ্ৰন্থমেলা-ধেমাজি'ত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক গ্ৰন্থ প্ৰকাশক তথা বিক্ৰেতাসকলে বিপণীৰ বাবে অহা ১৯ ছেপ্টেম্বৰৰ পৰা অসম প্ৰকাশন পৰিষদৰ ৱেবছাইট www.publicationboardassam.com ৰ পৰা ডাউনলোড কৰি আৱেদন পত্ৰ সংগ্ৰহ কৰি অহা ১০ অক্টোবৰৰ ভিতৰত জমা দিব লাগিব।
গ্ৰন্থমেলা সন্দৰ্ভত সবিশেষ জানিবৰ বাবে- বিশেষ কৰ্তব্যৰত বিষয়া, অসম প্ৰকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী-২১ ফোনঃ ৯১-৯৮৬৪৬-৫১২৭১ নাইবা সাধাৰণ সম্পাদক, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা, পাণবজাৰ গুৱাহাটী-১ ফোনঃ ৯১-৮৬৩৮৭-৩১৬৫৯ এই ঠিকনাত যোগাযোগ কৰিব পাৰিব।