/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/517095e5-460a-4532-b267-6b350627f985/book.jpg)
গ্ৰন্থ উন্মোচন
ডিজিটেল সংবাদ, ধেমাজিঃ অসম সাহিত্য সভাৰ আজীৱন সভ্য, শুভানুধ্যায়ী সভ্য, পৰম হিতৈষী সভ্য, হিতৈষী সভ্য আৰু পৰম সুহৃদ হিতৈষী সভ্য সকলৰ সমাৱেশ, আলোচনা সত্ৰ আৰু গ্ৰন্থ উন্মোচনী সভা মঙ্গলবাৰে ধেমাজিৰ গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হৈ যায় ৷
মঙ্গলবাৰে পুৱা ৮:৩০ বজাত প্ৰতিনিধি পঞ্জীয়নৰ পৰিচালনা কৰে যুগল সন্দিকৈ, কুশল বৰুৱা, দিপক ভৰালী, নীলিমা গগৈয়ে ৷ ৮:৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনীতা চৌধুৰী গাৰোডিয়াই ৷ ৯:৩০ বজাত স্মৃতিতৰ্পণ মুকলি কৰে ধেমাজি জিলা সাহিত্য সভাৰ উপসভাপতি প্ৰশান্ত কুমাৰ ভাগৱতীয়ে ৷ ১০:০০ বজাত ধেমাজি জিলা সাহিত্য সভাৰ সকলো পৰ্যায়ৰ সভ্য সকলৰ তথা শাখা সাহিত্য সভাৰ সভাপতি, সম্পাদক সকলৰ মুকলি সমাবেশ অনুষ্ঠিত হয় ৷ বিনীতা চৌধুৰী গাৰোডিয়াৰ সভাপতিত্ব অনুষ্ঠিত সভাৰ উদ্বোধন কৰে প্ৰাক্তন সভাপতি টেপুৰাম কোঁচে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/655624dd-1d3b-438b-bc54-3654c30400a8/book1.jpg)
আদৰণী ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰুৱাই ৷ ধেমাজিৰ বিভিন্ন শাখা সাহিত্য সভাৰ জৰিয়তে সময়ে সময়ে যিসকল ব্যক্তিয়ে অসম সাহিত্য সভাৰ পৰম হিতৈষী সভ্য হোৱা প্ৰাক্তন ছাত্ৰনেতা মুহি বৰগোহাঁই, জোনাইৰ বিশিষ্ট সমাজকৰ্মী কমলা কান্ত শৰ্মা, ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী মদন মোহন তামুলী, বিউটিৰানী দত্তক গামোছা, শৰাই মানপত্ৰ,জাপি আদিৰে বিশেষভাৱে সম্বৰ্ধনা জনায় ।
অনুষ্ঠানৰ আঁত ধৰে ধেমাজি জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ৰনজিত চিৰিঙে ৷ উক্ত সভাত ৰনজিত চিৰিঙে সম্পাদনা কৰা ধেমাজি জিলা সাহিত্য সভাৰ প্ৰবন্ধ সংকলন উন্মোচন কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি বিপুল শৰ্মা বৰুৱাই ৷ ভাষণত তেওঁ কয় যে, বতৰ্মান অসম সাহিত্য সভাৰ প্ৰতি যুৱ চামৰ লগতে অসমৰ মানুহৰ আস্থা ঘূৰি আহিছে ৷ যাৰ বাবে কোটি টকাৰ ঘৰত তেওঁলোকে স্ব-ইচ্ছাই দান আগবঢ়াই আহিছে ৷
অসমীয়া মানুহ জীয়াই থকালৈকে অসমত অসমীয়া ভাষা চলি থাকিব ৷ অসমীয়া ভাষা চলি থাকিবলৈ ৰাইজক কিতাপ কিনা আৰু পঢ়াৰ বাবে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়াবলৈ আহবান জনায় ৷ অসমীয়া হৈ নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াশুনা কৰি ভাষাৰ সংকটৰ কথা কলেই ভাষাটো জীয়াই নাথাকে ৷ সাহিত্য থকালৈকে ভাষা থাকিব বুলি উল্লেখ কৰে ৷ বতৰ্মান অসমীয়া ভাষা তীব্ৰ সংকটৰ গৰাহত পৰাৰ কথা উল্লেখ কৰে শৰ্মা বৰুৱাই ৷
ইয়াৰ পাছতে অসম সাহিত্য সভাৰ ভেটি সবল কৰাত "আজীৱন সভ্য", "শুভানুধ্যায়ী", "পৰম হিতৈষী সভ্য", " হিতৈষী সভ্য", "পৰম সুহৃদ হিতৈষী সভ্য" সকলৰ ভুমিকা শীৰ্ষক এক আলোচনা সত্ৰ অনুষ্ঠিত হয় ৷
উক্ত আলোচনা সত্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকে ধেমাজি জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা ধেমাজিৰ সাহিত্যিক, শিক্ষাবিদ আৰু প্ৰবীন সাংবাদিক উমেশ চেতিয়াই ৷
আলোচনা চক্ৰত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা, ধেমাজি মাৰোৱাৰী সন্মিলনৰ সভাপতি কমল কিশোৰ শৰ্মা, ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে বিমল ৰাজখোৱা, নন্দেশ্বৰ বৰগোহাঁই, তিলেন গগৈ, পদ্মেশ্বৰ দিহিঙীয়া, গজেন টাইদ, আৰু জিলাৰ প্ৰাকন সম্পাদক প্ৰশান্ত ভাগৱতী আৰু ড° বসন্ত মংগল দত্ত উপস্থিত থাকে ৷
আজিৰ সভাত অসম সাহিত্য সভাৰ আজীৱন সভ্য, হিতৈষী সভ্য, ‘পৰম সুহৃদ হিতৈষী সভ্য সকল উপস্থিত থাকে ৷ আজিৰ সভাতে শিশু সাহিত্যিক বাবুল গগৈৰ শিশু উপন্যাস জীৱন গঢ়া সপোন উন্মোচন কৰে ধেমাজিৰ বিশিষ্ট লেখক তথা সাহিত্যিক, শিক্ষাবিদ বগেন গগৈয়ে ৷ কবি জীৱন টায়েৰ 'মহাকালৰ সংলাপ' নামৰ কাব্যগ্ৰন্থখনৰ লগতে 'অসমৰ মাৰোৱাৰী সমাজ' নামৰ প্ৰবন্ধ সংকলন খন উন্মোচন কৰে ধেমাজিৰ বিশিষ্ট সাহিত্যিক বগেন গগৈয়ে ।
ভাষণ প্ৰসংগত উন্মোচক গগৈয়ে কয় যে, পাহাৰ খহিব, গঢ় ভাঙিব কিন্ত গ্ৰন্থৰ অৱক্ষয় কেতিয়াও নহয় ৷ অসমীয়া ভাষাটো জীয়াই ৰখাৰ স্বাৰ্থত অসমৰ চৰকাৰী কাৰ্যালয়ৰ সকলো কাম-কাজ অসমীয়া ভাষাত ৰূপায়ণ কৰাৰ দাবী জনাবলৈ আহবান জনায় ৷ উল্লেখ্য যে, মঙ্গলবাৰে গ্ৰন্থমেলাত মুঠ ৫ খন বিভিন্ন গ্ৰন্থ উন্মোচন কৰা হয় ৷