'শিশুৰ দিন' উদযাপনেৰে উৎসৱমুখৰ পৰিৱেশ 'অসম গ্ৰন্থমেলা, ধেমাজি'ৰ বাকৰি...

author-image
Asomiya Pratidin
New Update
'শিশুৰ দিন' উদযাপনেৰে উৎসৱমুখৰ পৰিৱেশ 'অসম গ্ৰন্থমেলা, ধেমাজি'ৰ বাকৰি...

অসম গ্ৰন্থমেলা, ধেমাজি

ডিজিটেল সংবাদ ধেমাজিঃ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ধেমাজি কাছাৰী ময়দানত আয়োজিত 'অসম গ্ৰন্থমেলা, ধেমাজি'ৰ বাকৰি আজি “শিশুৰ দিন” অনুষ্ঠানেৰে উছৱমুখৰ হৈ পৰে ৷ “মুকুতা” আলোচনীৰ উদ্যোগত ধেমাজি জিলা মইনা পাৰিজাতৰ সহযোগত আয়োজিত “শিশুৰ দিন”ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা আৰু কুইজ অনুষ্ঠিত কৰা হয় ৷

Advertisment

চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক” শাখাত পংখী কাজল চুতীয়াই প্ৰথম , মনীষা সোনোৱালে দ্বিতীয়, সৌম্যদ্বীপ পাতিৰে তৃতীয় স্থান লাভ কৰিছে ৷ এই শাখাত নিচুকনী বঁটা লাভ কৰিছে কুঁহিৰাণী দিহিঙীয়াই ৷ “খ” শাখাত ধৃতিদ্বীপা ভূঞাই প্ৰথম, দুবৰী দত্তই দ্বিতীয় , প্ৰেৰণা পাওঁৱে তৃতীয় আৰু সেউতী চিন্টে, তীৰ্থজ্যোতি কলিতাই নিচুকনী বঁটা লাভ কৰিছে ৷

“গ” শাখাত ময়ূৰজ্যোতি কলিতাই প্ৰথম, সন্দিপ দাসে দ্বিতীয়, পৰিস্মিতা কোঁৱৰে তৃতীয় আৰু লিছা দিহিঙীয়াই নিচুকনী বঁটা লাভ কৰিছে ৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰকসকল হৈছে প্ৰণৱ দিহিঙীয়া, যোগেশ কছাৰী আৰু দীপক ভৰালী ৷

আকস্মিক বক্তৃতাত পাৰ্থপ্ৰতীম দিহিঙীয়াই প্ৰথম , ৰাজপাল শইকীয়া আৰু মৌচুমী লাহনে যুতীয়াভাৱে দ্বিতীয়, শিখামনি পেগুৱে তৃতীয় স্থান লাভ কৰিছে ৷ আকস্মিক বক্তৃতাৰ বিচাৰকদ্বয় হৈছে গোবিন দত্ত আৰু দিগন্ত কাকতি ৷

কুইজত লখিমপুৰৰ বিজিত লাহন , নিকু দুৱৰাই প্ৰথম , হাৱাজানৰ জিত শইকীয়াই দ্বিতীয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পল্লৱ কুমাৰ দাস , কৌশিক ৰঞ্জন বৰাই তৃতীয় স্থান লাভ কৰে ৷ কুইজ পৰিচালনা কৰে বিশ্বজ্যোতি দাস আৰু চিৰঞ্জীৱ শইকীয়াই ৷

ইপিনে আজি 'অসম গ্ৰন্থমেলা, ধেমাজি'ৰ বাকৰিত বিশিষ্ট ঔপন্যাসিক দিলীপ বৰাৰ “দোজখৰ দুৱাৰমুখত মেহেৰুণ বিবি” শীৰ্ষক ছুটি গল্পৰ গ্ৰন্থখন উন্মোচিত হয় ৷ তদুপৰি আন কেবাখনো নতুন গ্ৰন্থও উন্মোচিত হয় ৷ সন্ধিয়া গ্ৰন্থমেলাৰ মূল মঞ্চত পৰিৱেশিত হয় মনপৰশা সাংস্কৃতিক অনুষ্ঠান ৷

assam book fair dhemaji