অসমীয়া ভাষা অৰুণাচলীৰ তেজত জীয়াই আছেঃ অসমীয়া ভাষাক উত্তৰপূৰ্বাঞ্চলৰ সংযোগী ভাষা ঘোষণা কৰাৰ আহ্বান...

author-image
Asomiya Pratidin
New Update
অসমীয়া ভাষা অৰুণাচলীৰ তেজত জীয়াই আছেঃ অসমীয়া ভাষাক উত্তৰপূৰ্বাঞ্চলৰ সংযোগী ভাষা ঘোষণা কৰাৰ আহ্বান...

dhemaji

ডিজিটেল সংবাদ ধেমাজি : “ ইংৰাজী মাধ্যমৰ শিক্ষা আৰম্ভ হোৱাৰ পৰিণতি স্বৰূপে অৰুণাচল প্ৰদেশত অসমীয়া ভাষা-সাহিত্যলৈ দুৰ্দিন-দুৰ্ভাগ্য নামি আহিল ৷ আগতে বিদ্যালয়ত সুন্দৰকৈ অসমীয়া ভাষা শিকোৱা হৈছিল আৰু অসমীয়া সাহিত্যৰ আনুষ্ঠানিক চৰ্চা হৈছিল ৷ কিন্তু ইংৰাজী ভাষাত শিক্ষাৰ পাতনি মেলাত পৰৱৰ্তী প্ৰজন্মই অসমীয়াত লিখা তথা সাহিত্য চৰ্চা কৰাত প্ৰতিবন্ধকতা আহি পৰিল ৷”- এই মন্তব্য বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ ৷

Advertisment

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ধেমাজি কাছাৰী ময়দানত আয়োজিত 'অসম গ্ৰন্থমেলা ধেমাজি'ত দেওবাৰে “অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে আলাপ” অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি তেওঁ এইদৰে কয় ৷ “কিতাপ গোট আৰু অৰুণাচল প্ৰদেশ লিটাৰেৰি ছ’চাইটি”ৰ সহযোগত আয়োজিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ঠংচিয়ে লগতে কয় যে, ইংৰাজী মাধ্যমৰ শিক্ষা ব্যৱস্থাই বিপৰ্যয় মাতিলেও অৰুণাচলত এতিয়াও অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা ব্যক্তিগত উদ্যোগত অব্যাহত আছে ৷

অৰুণাচলৰ ভিতৰুৱা অঞ্চলত মানুহে এতিয়াও অসমীয়া ভাষাই ব্যৱহাৰ কৰে ৷ অসমীয়া ভাষাই অৰুণাচলৰ আপোন ভাষা আৰু নিজৰ ভাষা ৷ অৰুণাচল প্ৰদেশ লিটাৰেৰি ছ’চাইটিয়ে বিভিন্ন স্থানত থকা অসমীয়া ভাষা চৰ্চা কৰা সকলোকে বিচাৰি একত্ৰিত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে ৷

বিভিন্নজন অৰুনাচলীয়ে অসমীয়াত গল্প, উপন্যাস,কবিতা লিখি আছে ৷ তেওঁলোকক উলিয়াই অনাৰ বাবে পদক্ষেপ লোৱা হৈছে ৷ চৰ্চা হ’লে অৰুণাচলত অসমীয়া ভাষা পুনৰ আগৰ দৰেই জাতিষ্কাৰ হৈ উঠিব বুলিও তেওঁ ভাষণত উল্লেখ কৰে ৷

অনুষ্ঠানটিত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি কবি-লেখক আত’ লেগোৱে কেবাটিও ছন্দোৱদ্ধ কবিতা পাঠ কৰি আৱেগেৰে কয়-“ অসমত এনেদৰে কবিতা পাঠৰ এই অভিজ্ঞতা বৰ আনন্দদায়ক ৷ আমি আখৰ বুলিলে অসমীয়া আখৰহে চিনি পাওঁ ৷ ইয়াত অসমীয়া কিতাপবোৰ দেখি মন ভৰি পৰিছে ৷”

আন এগৰাকী আমন্ত্ৰিত অতিথি মাদিং পাৰ্টিনে কয়- “ মোৰ আজি জোনবাইত থিয় দিয়া যেন অনুভৱ হৈছে ৷ জীৱনজুৰি অসমীয়া ভাষা-সাহিত্য চৰ্চা কৰি আহিছোঁ কিন্তু এনেদৰে ৰজহুৱাভাৱে গল্প-কবিতা পাঠ কৰা এয়াই প্ৰথম ৷ এই প্ৰচেষ্টাই অসম-অৰুণাচলৰ সম্প্ৰীতি আৰু সুদৃঢ় কৰিব ৷”

আন এগৰাকী আমন্ত্ৰিত অতিথি বাটেম পাৰ্টিনে অসমীয়া ভাষা অৰুণাচলৰ মানুহৰ তেজত জীয়াই থকা বুলি উল্লেখ কৰি কয় যে, ষড়যন্ত্ৰমূলকভাৱে শিক্ষাৰ মাধ্যমৰ পৰা অসমীয়া ভাষা উঠাই দিয়াৰ বাবেহে ভাষাটো বিপৰ্যয়ত পৰিছে ৷ অৰুণাচল চৰকাৰৰ গৱেষণা বিভাগৰ অৱসৰ প্ৰাপ্ত সঞ্চালক পাৰ্টিনে অসমীয়া ভাষাক উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগী ভাষা ঘোষণা কৰিবলৈ আহ্বান জনায় ৷

একেদৰে আমন্ত্ৰিত অতিথি হেংকাৰ ৰ’কম বাদুৱেও অসমীয়া ভাষা অৰুণাচলৰ মানুহৰ প্ৰাণৰ ভাষা মন্তব্য কৰে ৷ বিষয় প্ৰসংগত তেওঁ কয় “অসমীয়া ভাষাই সমগ্ৰ উত্তৰপূৰ্বাঞ্চলত মিলন সেতু গঢ়িব পাৰে ৷ অসম প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰা আজিৰ এই অনুষ্ঠানে আশাৰ ৰেঙনি কঢ়িয়াইছে ৷ ”

বাদুৱে এটি স্বৰচিত কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে ৷ আমন্ত্ৰিত অতিথিৰূপে আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰা কবি কালিং ব’ৰাঙে দুখেৰে কয়- “শিক্ষাৰ মাধ্যমৰ পৰা অসমীয়া ভাষা উঠাই দিয়াৰ পৰা অৰুণাচলত নিজৰ এই আপোন ভাষাটো কোৱা আৰু চৰ্চা কৰা মানুহৰ সংখ্যা কমি আহিছে ৷ কিন্তু আমি পুৰনি মানুহখিনিয়ে অসমীয়া ভাষাকে মাতৃভাষা বুলি পূজা কৰোঁ ৷

আমাক যদিও ৰাজনৈতিকভাৱে বিভাজিত কৰা হ’ল আমি কিন্তু হৃদয়ৰ পৰা একেই ৷ ভাষাৰ প্ৰতি প্ৰেমে আমাক অৰুণাচলৰ হোৱাৰ পাছতো অসমীয়া কৰি ৰাখিছে ৷'' তেওঁ পুনৰ অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা অৰুণাচলত ব্যাপক কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ অসম প্ৰকাশন পৰিষদ আৰু অৰুণাচল প্ৰদেশ লিটাৰেৰি ছ’চাইটিক আহ্বান জনায় ৷

তেওঁ সৰ্বজনপূজ্য সাহিত্যিক লুম্মেৰ দাইৰ নামত উছৰ্গা কৰা এটি স্বৰচিত কবিতাও পাঠ কৰে ৷ অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে আলাপৰ এই সভাখনক ঐতিহাসিক বুলি অভিহিত কৰে ৷

তেওঁ কয় যে, অসমীয়া ভাষাৰ পৰিধি বহল ৷ অৰুণাচলবাসীৰ আন্তৰিকতাই ইয়াকে প্ৰতিপন্ন কৰে ৷ অৰণাচলত বহু উচ্চ স্তৰৰ সাহিত্য কৰ্ম হোৱা বুলি উল্লেখ কৰে তেওঁ ৷ আজিৰ এই মনোজ্ঞ অনুষ্ঠানটি উদ্বোধন কৰে বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শিৰোমণি বৰুৱাই ৷

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষন প্ৰদন কৰা আৰু লেখক-সাংবাদিক মুকুল পাঠকে আঁত ধৰা এই আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যষ্ঠ সাংবাদিক, ঔপন্যাসিক দিলীপ চন্দনেও বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠান পৰিচালনা কৰাত সহযোগিতা আগবঢ়ায় বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ে ৷

assam book fair dhemaji dhemaji