বিদ্বৎ সমাজ-শিক্ষাৰ্থীৰ সমাবেশত জীপাল ধেমাজিত অনুষ্ঠিত অসম গ্ৰন্থমেলা...

অসম গ্ৰন্থমেলা, ধেমাজিৰ প্ৰৱেশ বিনামূলীয়া

author-image
Asomiya Pratidin
New Update
বিদ্বৎ সমাজ-শিক্ষাৰ্থীৰ সমাবেশত জীপাল ধেমাজিত অনুষ্ঠিত অসম গ্ৰন্থমেলা...

অসম গ্ৰন্থমেলা ধেমাজি

ডিজিটেল সংবাদ ধেমাজিঃ “গ্ৰন্থ অধ্যয়নঃ আনন্দ আৰু অন্বেষণ” শীৰ্ষক আলোচনা সত্ৰই শনিবাৰে গ্ৰন্থমেলাৰ দ্বিতীয় দিনা জীপাল কৰি তোলে অসম গ্ৰন্থমেলা,ধেমাজি ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত গ্ৰন্থমেলাত আয়োজিত এই আলোচনা সত্ৰ পৰিচালনাত সহযোগিতা আগবঢ়ায় ধেমাজি মহাবিদ্যালয়ে ৷

Advertisment

আলোচনা সত্ৰ উদ্বোধন কৰি ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে কয় , “ৰাজ্য চৰকাৰে ধেমাজিত অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰাটো এই অঞ্চলৰ বাবে এক শুভবাৰ্তা ৷ ইয়াৰ জৰিয়তে ধেমাজিৰ বিদ্যায়তনিক ক্ষেত্ৰ নিশ্চিতভাৱে সমৃদ্ধ হ’ব ৷ গ্ৰন্থ অধ্যয়নক বিষয় হিচাপে লৈ অনুষ্ঠিত কৰা আলোচনা সত্ৰই ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব ৷”

মনোজ্ঞ আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট লেখক , সমালোচক ড° অৰিন্দম শৰ্মাই ৷ বিষয় প্ৰসংগত তেওঁ কয়, “ কিতাপ পঢ়ি আনন্দ লোৱাৰ বাবে প্ৰথমে নিজকে প্ৰস্তুত কৰিব লাগিব ৷ তেতিয়াহে কিতাপৰ প্ৰতি হাবিয়াস জাগে ৷ মনৰ খোৰাকৰ বাবে আনন্দদায়ক কিতাপ নিৰ্বাচিত কৰিব পৰাটোও এটা কলা ৷”

তেওঁ লগতে কয় যে,কিছুমান কিতাপ অৱশ্য পঠনীয় ৷ কাৰণ জ্ঞানাৰ্জনৰ সুন্দৰ বাট দেখুৱায় গ্ৰন্থই ৷ এই চিন্তাৰে গ্ৰন্থৰ জগতত প্ৰৱেশ কৰিলে অধ্যয়ন আৰু অন্বেষণৰ আনন্দ পাব পাৰি ৷ কিতাপে মানসিক পুষ্টি দিয়ে ৷ জীৱনক বুজিবলৈ , জগতক বুজিবলৈ কিতাপে বিভিন্ন দুৱাৰ মুকলি কৰি দিয়ে ৷ তদুপৰি কিতাপে মানুহক উদাৰ কৰে ৷

আলোচনা সত্ৰখনত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক ড° মৃদুল শৰ্মাই ৷ তেওঁ কয় যে, গ্ৰন্থ হৈছে তেজত বৈ থকা এক অনুভৱ ৷ গ্ৰন্থত সাধাৰণতে যিবোৰ তথ্য থাকে সেইবোৰক মৃত তথ্য বুলিব পাৰি ৷ কিন্তু এই তথ্য অন্বেষণ কৰি থকা সময়ত আমি গ্ৰন্থ প্ৰণেতাসকলক জীৱিত ৰূপত আৱিষ্কাৰ কৰোঁ ৷ সেয়ে গ্ৰন্থ অধ্যয়ন এক আনন্দদায়ক অভিজ্ঞতা ৷

ড° শৰ্মাই পুনৰ কয়, “পঢ়াৰ অনুশীলন গঢ়ি তোলাৰ প্ৰয়োজন ৷ কিতাপত আনন্দ পাব পৰা কিবা আছে , এনে ভাবেৰে অনুশীলন কৰিলে কিতাপ পঢ়াৰ আনন্দ লভিব পাৰি। গ্ৰন্থই ইতিহাসৰ ন ন তথ্য দিয়ে আৰু সেই তথ্যৰ আধাৰত অধিক নতুন তথ্য আৱিষ্কাৰ কৰিব পাৰি ৷ অৰ্থাৎ গ্ৰন্থ অধ্যয়ন নতুনৰ পৰা নতুনলৈ এক আনন্দদায়ক যাত্ৰা ৷”

ড° শৰ্মাই আৰু কয় যে, কেৱল কিতাপে তথ্যৰ যোগান ধৰাই নহয়, ই সকলো ধৰণে মানুহক সমৃদ্ধ কৰে ৷ কিতাপে মানুহক সুস্থিৰ হ’বলৈ আৰু সন্ধিক্ষণত সিন্ধান্ত ল’বলৈ শিক্ষা দিয়ে ৷

আন এগৰাকী আলোচক অতিথি বিশিষ্ট লেখিকা জ্যোৎস্না বৰুৱাই গ্ৰন্থ অধ্যয়নে জীৱনক আনন্দময় কৰি তোলে বুলি উল্লেখ কৰে ৷ বিষয় প্ৰসংগত তেওঁ কয় , “ গ্ৰন্থৰ প্ৰতি যিসকল আকৰ্ষিত হৈছে তেওঁলোকক অধ্যয়ন আৰু জ্ঞানান্বেষণে সততে আনন্দ দিয়ে ৷ পুথি অধ্যয়নে জ্ঞান চৰ্চাৰ পৰিৱেশ গঢ়ি দিয়ে ৷ য’ত জ্ঞানৰ চৰ্চা হয় তাত সদায় ভাল লগা ইতিবাচক আলোচনা হয় ৷ এনে পৰিৱেশে সমাজকো সুন্দৰ কৰি ৰাখে ৷ এয়াই কিতাপ পঢ়াৰ আনন্দ ৷” কিতাপে জীৱনবোধৰ পোহৰ বিলাই বুলি উল্লেখ কৰি বৰুৱাই লগতে কয় যে, কিতাপ পঢ়ি আহৰণ কৰা অভিজ্ঞতাই মানুহক আনন্দ দিয়াই নহয়,যিকোনো পৰিস্থিতিত অটল আত্মবিশ্বাসেৰে থিয় দি থাকিব পৰাৰ শক্তি দিয়ে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা , গৱেষক-লেখিকা ড° স্বাতী কিৰণেও আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে ৷ ড° কিৰণে কয় যে, কিতাপৰ সৈতে সম্পৰ্ক স্থাপন হ’লে জীৱন সমৃদ্ধ হয় ৷ গ্ৰন্থৰ অধ্যয়ন আৰু অন্বেষণে জীৱনক নান্দনিক কৰি তোলে ৷ গ্ৰন্থৰ জগতে পৃথিৱীখনক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে ৷ তেওঁ গ্ৰন্থ অধ্যয়নক জীৱন অন্বেষণ বুলিও অভিহিত কৰি কিতাপে মানুহক সাহসী কৰে বুলি কয় ৷ আলোচনা সত্ৰখনত আদৰণি ভাষণ প্ৰদান কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ অনুষ্ঠানত উদ্বোধক , সঞ্চালক আৰু আলোচক অতিথি বৰ্গক ফুলাম গামোছাৰে সম্ভাষণ জনায় আয়োজক সমিতিয়ে।

অসম গ্ৰন্থমেলা, ধেমাজিৰ বাকৰিত আজি দ্বিতীয় দিনা পৰিলক্ষিত হয় বিদ্বৎ সমাজ আৰু শিক্ষাৰ্থীৰ সমাবেশ ৷ সেই অনুসৰি সমিতিয়ে আগন্তুক দিন কেইটাত গ্ৰন্থৰ বিক্ৰীৰ হাৰ আশাব্যঞ্জক হ’ব বুলি আশা প্ৰকাশ কৰে ৷

উল্লেখ্য যে, আয়োজক সমিতিয়ে জনোৱা অনুসৰি অসম গ্ৰন্থমেলা, ধেমাজিৰ প্ৰৱেশ বিনামূলীয়া কৰা হৈছে ৷ ৰাইজৰ দাবী আৰু শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ পৰামৰ্শমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মাই এক বিবৃতি যোগে এই কথা সদৰি কৰে ৷

আনহাতে আজি অসম গ্ৰন্থমেলা , ধেমাজিৰ বাকৰিত বিয়লি ২.৩০ বজাত উদীয়মান লেখক ড° অচ্যুৎ গগৈয়ে লিখা “ৰঙা ৰঙা কৃষ্ণচূড়া” নামৰ গ্ৰন্থখন উন্মোচন কৰে অসমৰ বিশিষ্ট লেখক গৱেষক ইছমাইল হোছেইনে ৷ গ্ৰন্থ উন্মোচনী সভাত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিব্য চুতীয়া, উপাধ্যক্ষ ড° বনজিৎ ভট্ট, কবি তথা বিশিষ্ট লেখিকা নিবেদিতা বড়া সন্দিকৈ ধৰি বহু কেইগৰাকী বিশিষ্ট বক্তিয়ে অতিথি হিচাপে উপস্থিত থাকে ৷

ইয়াৰ আগে উদীয়মান লিখক ড° অচ্যুৎ গগৈয়ে উদ্দেশ্য ব্যাখ্যাত নিজৰ কৰ্মজীৱনৰ লগতে গ্ৰন্থখন লিখাত কি দৰে অনুপ্ৰাণিত হৈছিল সেই বিষয়ে অৱগত কৰে । ইয়াৰ উপৰিও গ্ৰন্থমেলাৰ বাকৰিত ধেমাজিৰ যোগেশ গোহাঁই উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট নাট্যকাৰ বলীন বৰগোহাঁইয়ে লিখা “চিন্তা তৰঙ্গ” গ্ৰন্থখনি উন্মোচন কৰে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষয়ত্ৰী তথা বিশিষ্ট লেখিকা জ্যোৎস্না বৰুৱাই ।

উন্মোচনী সভাৰ সভাপতিত্ব কৰে সাহিত্য পেঞ্চনাৰ তথা জ্যেষ্ঠ সাংবাদিক উমেশ চেতিয়াই ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ প্ৰসিদ্ধ নাট্যকাৰ, নাট পৰিচালক,কবি ৰফিকুল হুছেইন আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গৱেষক,চিত্ৰ শিল্পী ড° পুষ্প গগৈ,বিশিষ্ট নাট্যকাৰ হেমন্ত বৰপাত্ৰগোহাঁই ,লিখক বগেন গগৈ ,অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজসেৱক ৰবি গগৈয়ে ৷

উন্মোচনী সভাত সুৰ তৰংগ সংগীত একাডেমীৰ অধ্যক্ষা জ্যোতি দিহিঙীয়াই পৰিৱেশন কৰা ভূপেন হাজৰিকাৰ গীত আৰু ৰশ্মিৰেখা শইকীয়াই পৰিৱেশন কৰা বৰগীতেৰে সকলোকে আপ্লুত কৰে ৷ এই গ্ৰন্থ দুখনৰ উপৰিও আৰু বহুকেইখন নতুন গ্ৰন্থ দ্বিতীয় দিনা গ্ৰন্থমেলাত উন্মোচিত কৰে ৷

সন্ধিয়া গ্ৰন্থমেলাৰ মূল মঞ্চত পৰিৱেশিত হয় মনপৰশা সাংস্কৃতিক অনুষ্ঠান ৷ এই সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিৎ ভট্টই ৷ সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভণী কৰে ধেমাজি মদাৰ্চ প্ৰাইড বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ৷

assam assam book fair dhemaji dhemaji