Advertisment

আজিৰে পৰা খানাপাৰাত অসম গ্ৰন্থমেলা

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলা আজিৰ পৰা আৰম্ভ হ’ব। ২৭ ডিচেম্বৰ২০২৪ৰ পৰা ৭জানুৱাৰী ২০২৫লৈ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ গুৱাহাটীত অনুষ্ঠিত হ’ব এই গ্ৰন্থ উৎসৱ।

author-image
Asomiya Pratidin
New Update
Assam Book Fair

Assam Book Fair

ডিজিটেল ডেস্ক : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলা আজিৰ পৰা আৰম্ভ হ’ব। ২৭ ডিচেম্বৰ২০২৪ৰ পৰা ৭জানুৱাৰী ২০২৫লৈ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ গুৱাহাটীত অনুষ্ঠিত হ’ব এই গ্ৰন্থ উৎসৱ।

Advertisment

বিয়লি ৩-০০ বজাত অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে সঞ্চালনা কৰা এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব। 

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ ল’ব পশ্চিম বংগৰ বিশিষ্ট ইতিহাসবিদ হিন্দু সেন গুপ্ত, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা আৰু দা ফেডাৰেছন অৱ পাব্লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ এছ’ছিয়েছন ইন ইণ্ডিয়াৰ সভাপতি সুৰিন্দ্ৰ কুমাৰ ধায়ে। উদ্বোধনী অনুষ্ঠানৰ পাছতে গ্ৰন্থমেলাস্থলীত এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

assam book fair 2024-25 assam book fair