/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/791dc9ed-a70b-4881-a64b-930001af77d5/book_fair.jpg)
Dhemaji book fair
ডিজিটেল সংবাদ, ধেমাজিঃ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ধেমাজিত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। অহা ৪ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া অসম গ্ৰন্থমেলা ধেমাজি -২০২২ৰ বুধবাৰে লাইখুঁটা স্থাপন কৰে।
পুৱা ১০ বজাত ধেমাজিৰ কাছাৰী ময়দানত বিশিষ্ট লেখক ,সাহিত্যিক পেঞ্চনাৰ , সমাজকৰ্মী উমেশ চেতিয়া, বিশিষ্ট লেখক ,শিল্পী ড° পুষ্প গগৈ, আৰু মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কাৰ্য্য সমাপন কৰে ৷
ধেমাজি নগৰৰ গণ্য মান্য ব্যক্তি সকলৰ লগতে বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰি সাহিতিক পেঞ্চনাৰ উমেশ চেতিয়াই কয় যে, "ধেমাজি নগৰত গ্ৰন্থমেলা অনুষ্ঠিত কৰি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এক নতুন যাত্ৰাৰ শুভাৰম্ভ কৰিছে ৷ ধেমাজি নগৰত গ্ৰন্থমেলাৰ এই বৃহৎ পৰিসৰৰ আয়োজনে কেৱল গ্ৰন্থ জগতলৈকে যে শুভ বাৰ্তা কঢ়িয়াই আনিব এনে নহয় সমগ্ৰ জিলাখনতে নতুন উদ্দীপনাৰ সৃষ্টি কৰিব ৷ মই এনে মহৎ চিন্তাৰ বাবে দুয়োটা প্ৰতিষ্ঠানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অসম গ্ৰন্থমেলা ,ধেমাজিৰ সফলতা কামনা কৰিছো ৷"
বুধবাৰে অনুষ্ঠানৰ আন এগৰাকী বিশিষ্ট অতিথি তথা চিত্ৰশিল্পী ড° পুষ্প গগৈয়ে অসম গ্ৰন্থমেলা, ধেমাজিয়ে ধেমাজিবাসীৰ মনত নতুন প্ৰেৰণা সৃষ্টি কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ ভাষণ প্ৰসংগত ড° গগৈয়ে ধেমাজিৰ দৰে এখন প্ৰান্তীয় জিলাত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলা আয়োজন কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনায় আৰু গ্ৰন্থমেলাৰ সফলতা কামনা কৰি সকলো ফালৰ পৰা সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷
উক্ত কাৰ্যসূচীত আন এগৰাকী অতিথি মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ধেমাজিত গ্ৰন্থমেলা আয়োজন কৰি সমগ্ৰ জিলাখনকে নতুন চিন্তাৰে উদ্বুদ্ধ হ’বলৈ অনুপ্ৰাণিত কৰিছে ৷ বানে গৰকা বিভিন্ন সমস্যাৰে আক্ৰান্ত জিলাখনত মহা পয়োভৰৰে গ্ৰন্থমেলা আয়োজন কৰিবলৈ লোৱা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা সকলোৰে কৃতজ্ঞতাৰ পাত্ৰ হৈছে ৷ অনুষ্ঠানৰ প্ৰাৰম্ভতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থকা গ্ৰন্থপ্ৰেমী ৰাইজক সম্বোধন কৰি ধেমাজিত অসম গ্ৰন্থমেলা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰি আদৰণি ভাষণ প্ৰদান কৰে ৷
কলিতাই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যুটীয়াভাৱে গ্ৰন্থমেলা আয়োজন সন্দৰ্ভত সবিশেষ ব্যক্ত কৰি কয় যে, কেবল গুৱাহাটীতেই গ্ৰন্থমেলা আৱদ্ধ নাৰাখি ৰাজ্যখনৰ ভিন্ন প্ৰান্তলৈ বিস্তাৰ কৰাৰ চৰকাৰৰ যি প্ৰয়াস তাক সফল ৰূপায়ণৰ চেষ্টা কৰা হৈছে ৷ ধেমাজিৰ লগতে যোৰহাট, নলবাৰী, গুৱাহাটী আৰু বঙাইগাঁৱত অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি সম্পৰ্কেও সচিব কলিতাই সভাত বিৱৰি কয় ৷
'মুকুতা'ৰ সহযোগী সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানত ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী, ধেমাজি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা, অসম সাহিত্য সভাৰ কাৰ্যনিবাহক সদস্য নন্দেশ্বৰ বৰগোহাঁই, অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত সাহিত্য আলোচনী “ প্ৰকাশ”ৰ সম্পাদক মিহিৰ দেউৰী , জিলা সাহিত্য সভাৰ সভাপতি বিনীতা চৌধুৰী গাৰোদিয়া, সম্পাদক ৰনজিৎ চিৰিং, ধেমাজি খণ্ড উন্নয়ন বিষয়া নবীন কামান , নিৱন্ধকাৰ বগেন গগৈ, সাহিত্যিক পেঞ্চনাৰ বিমল ৰাজখোৱা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা, আটাছুৰ যুটীয়া সম্পাদক মনোজ গগৈ, সদৌ অসম নাট্য সন্মিলনৰ বলীন বৰগোহাঁই অসম বিজ্ঞান সমিতিৰ ধেমাজি শাখাৰ সভাপতি লাবণ্য লাহন চুতীয়া, বিহু সুৰক্ষা সমিতিৰ সভাপতি বোধেশ্বৰ কোঁৱৰ, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, নেচাৰ্চ বেকনৰ ধেমাজিৰ সমন্বয়ক যুগল সন্দিকৈ, পি চি পি ডিৰ সাংগঠনিক সম্পাদক দীপক ভড়ালী , জ্যেষ্ঠ সাংবাদিক তথা কবি মৃদুপৱন চুতীয়া ,অসম প্ৰকাশন পৰিষদৰ বিশেষ কৰ্তব্যৰত বিষয়া মিংকু হাজৰিকাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷
শেষত শলাগৰ শৰাই জ্ঞাপন কৰে সদৌ অসম পুুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ- সভাপতি বাহাৰুল ইছলাম চৌধুৰীয়ে ৷