বিলাসীপাৰাত বিজেপিৰ ৰথযাত্ৰাৰ জৰিয়তে "গাঁও সম্পৰ্ক অভিযান"...

বিলাসীপাৰাত বিজেপিৰ ৰথযাত্ৰাৰ জৰিয়তে "গাঁও সম্পৰ্ক অভিযান"...
বিলাসীপাৰাত বিজেপিৰ ৰথযাত্ৰাৰ জৰিয়তে "গাঁও সম্পৰ্ক অভিযান"...

ডিজিটেল সংবাদ বিলাসীপাৰাঃ আজি বিলাসীপাৰাত স্বাধীনতাৰ ৭৫ বৰ্ষ অতিক্ৰম কৰা উপলক্ষে "আজাদী কা অমৃত মহোৎসৱ" ৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি, অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ উদ্যোগত ৰথযাত্ৰাৰ জৰিয়তে "গাঁও সম্পৰ্ক অভিযান" কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচীত অসম বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহী, এ এফ ডি চিৰ উপাধ্যক্ষ তথা কাৰ্যসূচী প্ৰমুখ নৱাৰুণ মেধি, অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি শ্যামল শইকীয়া, সহ-প্ৰভাৰী বিশ্বজিৎ মালী, অনুসূচিত জাতি মৰ্চাৰ সামাজিক মাধ্যম কোষৰ আহ্বায়ক দিগন্ত শইকীয়া, বিলাসীপাৰাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি প্ৰফুল্ল কলিতা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা জয়ন্তী শইকীয়া, অৰুনিমা দাস, অনুসূচিত জাতি মৰ্চাৰ জিলা প্ৰভাৰী অমল দাস, অনুসূচিত জাতি মৰ্চাৰ জিলা সভাপতি ইন্দ্ৰজিৎ দাসৰ লগতে জিলা, মণ্ডলৰ বিষয়ববীয়া, কাৰ্যকৰ্তাসকল অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, যোৱা ১৭ নৱেম্বৰত 'গাঁও সম্পৰ্ক অভিযান' কাৰ্যসূচী ধুবুৰীৰ গোলোকগঞ্জ সমষ্টিৰ জিনকাটা সত্ৰৰ পৰা ৰাজ্যিক সভাপতি ভবেশ কলিতাই শুভাৰম্ভ কৰে।আজি গোলকগঞ্জৰ পৰা গৌৰীপুৰ হৈ পোনে পোনে বিলাসীপাৰাত আহি উপস্থিত হৈছে। আজি এই যাত্ৰা বিলাসীপাৰাৰ পৰা পোনে পোনে কোকৰাঝাৰলৈ ৰওনা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in