মুখ্যমন্ত্ৰীয়ে ক'লে ময়ো ক্ষমা খুজিছো, দিলীপ শইকীয়াই শিকালে কেনেকৈ সম্বোধন কৰিব লাগে সংবাদ মেল

অহংকাৰে মূৰত ধৰাৰ ফলত দিক-বিদিক হেৰুৱাই পেলোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যে এতিয়া বিজেপি দলটোৰ বাবেই মূৰৰ কামোৰণি হৈ পৰিছে সেয়া দলটোৰ একাংশ নেতাৰ ভাষ্যতে স্পষ্ট হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মুখ্যমন্ত্ৰীয়ে ক'লে ময়ো ক্ষমা খুজিছো, দিলীপ শইকীয়াই শিকালে কেনেকৈ সম্বোধন কৰিব লাগে সংবাদ মেল

ডিজিটেল ডেস্কঃ অহংকাৰে মূৰত ধৰাৰ ফলত দিক-বিদিক হেৰুৱাই পেলোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যে এতিয়া বিজেপি দলটোৰ বাবেই মূৰৰ কামোৰণি হৈ পৰিছে সেয়া দলটোৰ একাংশ নেতাৰ ভাষ্যতে স্পষ্ট হৈছে। এইগৰাকী বহুবল্কী মন্ত্ৰীয়ে যেতিয়াই মুখ মেলে তাৰ পিছতেই স্পষ্টিকৰণ অথবা প্ৰতিক্ৰিয়া দিবলৈ বাধ্য হবলগীয়া হৈছে দলটোৰ সভাপতিৰ পৰা আৰম্ভ কৰি সতীৰ্থ মন্ত্ৰীলৈকে। আনকি উচ্চ-নীচ ভেদভাবৰ লেতেৰা চিন্তাৰ বাহক এইগৰকী মন্ত্ৰীৰ হৈ এইবাৰ ক্ষমা খুজিবলৈ বাধ্য হৈছে ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়েও।

Advertisment

জাতিৰ দেউল স্বৰূপ হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে সম্যক জ্ঞান নথকা জয়ন্ত মল্ল বৰুৱাই চৰম উদ্ধতালিৰে যিবোৰ বক্তব্য ৰাখিছিল তাক লৈ ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ ধিক্কাৰ দিয়াৰ জোৱাৰ উঠিছে। তাৰ পিছতো নিজৰ জিভাক লেকাম লগাব নোৱাৰা এইগৰাকী মন্ত্ৰীয়ে আহ্বান কৰা সংবাদ মেলতে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মনৰ ভিতৰত শিপাই থকা উচ্চ-নীচৰ ভেদভাৱ ৰাজহুৱা হৈ পৰাত এতিয়া পুনৰ বিজেপি নেতৃত্ব অস্বস্তিত পৰিছে। 

নিজকে সৰ্বজান্তা বুলি ভবা জয়ন্ত মল্ল বৰুৱাক এতিয়া তেওঁৰ দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কেতিয়া, ক'ত, কেনেকৈ মন্তব্য কৰিব লাগে তাকো শিকাই দিবলগীয়া এক পৰিস্থিতিৰ সূচনা হৈছে।জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া আচৰণ আৰু বক্তব্যৰ সন্দৰ্ভত আজি সাংবাদিকৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংবাদ মাধ্যমে পালন কৰা দায়িত্বক সন্মান কৰিবলৈয়ো প্ৰকাৰন্তৰে বুজাই দিবলগীয়া হৈছে।

সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিলীপ শইকীয়াই কয়, সংবাদ মাধ্যমক বেয়া পালেও ভাল পাব লাগিব। সংবাদ মাধ্যমে আমাৰ বিৰুদ্ধে কিবা যদি বাতৰিও কৰে, তাকো হজম কৰিব পৰা শক্তি প্ৰতিজন জনপ্ৰতিনিধিৰ থাকিব লাগিব।

তেওঁ কয়, সদায়েই সংবাদ মাধ্যমৰ পৰা আমি বাহঃ বাহঃ নাপাওঁ। সদায়েই সংবাদ মাধম্যে আমি কোৱাটোৱেই সত্য বুলি প্ৰকাশ নকৰে। কাৰণ সংবাদ মাধ্যমৰ এটা দায়িত্ব আছে। গোটেই শুদ্ধ, সত্য তথ্যখিনি ৰাইজৰ মাজলৈ লৈ যাব লাগে। কৰবাত ব্যক্তিগত কাৰোবাক আক্ৰমণ হয়, কেতিয়াবা কাৰোবাৰ তথ্য থাকে গতিকে বহুত বেছি আবেগিক হোৱাৰ প্ৰয়োজন নাই।

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, মই জয়ন্ত মল্ল বৰুৱাক অনুৰোধ কৰিম যে, সংবাদ মাধ্যমক যেতিয়া সম্বোধন কৰিব আৱেগিক নহব। ব্যৱহাৰিক হৈ সংবাদ মাধ্যমক সম্বোধন কৰিব ভৱিষ্যতৰ দিনত।

ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক উদ্দেশ্যি কৰা মন্তব্যক লৈ ক্ষমা খুজিছে। আজি বাজপেয়ী ভৱনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই জয়ন্ত মল্ল বৰুৱাৰ প্ৰসংগত সাংবাদিকৰ আগত কয়, সাংবাদিকক যদি জয়ন্ত মল্ল বৰুৱাই বেয়াকৈ কৈছে, তেন্তে তেওঁ ক্ষমা খোজা উচিত। ময়ে কৈ দিম তেওঁক। আপোনালোকক বেয়াকৈ কোৱাৰ তেওঁৰ অধিকাৰ নাই। ময়ো ক্ষমা খুজিছো তেওঁৰ হৈ।

ইফালে গৰুখুঁটি প্ৰকল্পলৈ গুজৰাটৰ পৰা অনা গীৰ গাই ৰঙিয়াৰ পৰা জনপ্ৰতিনিধিয়ে লৈ যোৱাৰ যি তালিকা সেই তালিকাত দিলীপ শইকীয়াৰ নাম থকাক লৈয়ো সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই অভিযোগৰ সন্দৰ্ভত তেওঁ কয়, ''কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহিছে। মোৰ নামেই ওলাইছে, দুটা গৰু মই লোৱা বুলি। মইতো ৰঙিয়াৰ পৰা গৰু লোৱা নাই। ৮ মাহ পিছত মই গৰুখুঁটিৰ পৰা গৰু লৈছো, পইছা দি।''

তেওঁ কয়, ''ডেৰ মাহ পিছত মই গৰুখুঁটিক গৰু উভতাই দিছো। যোৱা দুবছৰ পিছত আজি তিনিমাহ আগত মোৰ একাউণ্টত এক লাখ টকা ঘূৰাই দিছে গৰুখুঁটি প্ৰকল্পই। গৰুঁখুটি প্ৰকল্পৰো মই মেম্বাৰ।''

ৰঙিয়াৰ পৰা গীৰ গাইসমূহ কেনেকৈ, কত, গল সেই তথ্য গৰুখুঁটি প্ৰকল্পই দিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, ''মই গৰুখুঁটিৰ পৰা ২ টা গৰু ৮ মাহ পিছতহে লৈ গৈছিলো। তাত গৰু পোৱালি বহুত হৈ গল, ৬/৭ মাহত বহুত গাইয়ে পোৱালি দিলে। সেই সময়ত থাকিবলৈ ঠাই নোহোৱা হল।''

শইকীয়াই কয়, ''সেই সময়ত দুটা গৰু লৈ গৈছিলো পইছা দি। যোৱা তিনিমাহ আগত মোৰ একাউণ্টলৈ এক লাখ টকা 'ট্ৰেন্সফাৰ' হৈছে। গৰু একমাহ পিছতে ঘূৰাই দিলো। কাৰণ সেই গীৰ গাই মই পুহিব নোৱাৰো। তাৰ কাৰণে মানুহ লাগে, বহুত ব্যৱস্থা লাগে।''

এক মাহৰ ভিতৰত মোৰ ২২ হাজাৰ টকা খৰচ হৈছে। মাত্ৰ ২ হাজাৰ টকাৰ গাখীৰ বিক্ৰী কৰিছো। গো-মাতাৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। লৰা, ছোৱালী কেইটাও কৈ থাকে গৰু লাগে বুলি। মোৰ এয়া ব্যৱসায় নহয়। নিজৰ ঘৰৰ গাখীৰ খাম বুলি গৰু লৈ গৈছিলো।

 

ড০ হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্ল বৰুৱা দিলীপ শইকীয়া