ডিজিটেল সংবাদ, ধেমাজি : অসম বাৰ্তাজীৱী সংঘৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি সোমবাৰে ধেমাজি জিলা সাংবাদিক সন্থাৰ উদ্যোগত ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা হয় ৷ বিয়লি ১-০০ বজাত বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী মুকলি কৰে ধেমাজি প্ৰেছ ক্লাৱৰ উপদেষ্টা দিলীপ কুমাৰ হাজৰিকাই ৷
ধেমাজি জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক জীৱন কোঁৱৰে ৷ ট্ৰেড ইউনিয়নৰ ধাৰা অব্যাহত ৰাখি সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ ন্যাৰ্য প্ৰাপ্য অধিকাৰ , মান উন্নয়ন আৰু সুৰক্ষাৰ বাবে কাম কৰি অহা অসম বাৰ্তাজীৱী সংঘৰ কামকাজ লৈ জিলাখনৰ সংবাদসেৱীসকলে পৰ্য্যালোচনা কৰা লগতে আগন্তুক দিনত কৰিবলগীয়া বিভিন্ন কৰণীয় কামৰ সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয় ৷
অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে অসম বাৰ্তাজীৱী সংঘৰ কাৰ্যনিৰ্বাহক সদস্য অশ্বিনী কুমাৰ দুৱৰা , ধেমাজি প্ৰেছ ক্লাৱৰ উপদেষ্টা দিলীপ কুমাৰ হাজৰিকা আৰু অসম বাৰ্তাজীৱী সংঘৰ উত্তৰ পূৰ্ব মণ্ডলৰ উপ-সভাপতি ভাস্কৰ সভাপণ্ডিতে ৷ অনুষ্ঠানত জিলা সাংবাদিক সন্থা আৰু প্ৰেছ ক্লাৱসমূহৰ সাংবাদিক আৰু বিষয়ববীয়াসকলে উপস্থিত থাকি সংগঠনৰ কামকাজকলৈ গঠনমূলক পৰামৰ্শ আগবঢ়ায় ৷
শেষত সভাই দুটা প্ৰস্তাৱ গ্ৰহণ কৰি অসম বাৰ্তাজীৱী সংঘলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্ৰতিষ্ঠা দিৱসৰ সভাৰ পিছতেই ধেমাজি জিলা সাংবাদিক সন্থাৰ সাধাৰণ সভাখনি অনুষ্ঠিত কৰা হয় ৷ সাধাৰণ সভাত অহা ২৫ ডিচেম্বৰত চিলাপথাৰত অনুষ্ঠিত হ'ব লগা জিলা সাংবাদিক সন্থাৰ অধিৱেশনৰ অগ্ৰগতিক লৈ আলোচনা কৰা হয় ৷
সভাত চিলাপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি নয়নমনি মহন্ত , মাছখোৱা প্ৰেছ ক্লাৱৰ সম্পাদক মিন্টু শইকীয়া, গোগামুখ প্ৰেছ ক্লাৱৰ হৈ দিব্যজ্যোতি বৰগোহাঁই আৰু ধেমাজি প্ৰেছ ক্লাৱৰ বিষয়ববীয়া ও সদস্যসকলৰ লগতে জিলা সাংবাদিক সন্থাৰ বিষয়ববীয়াসকলে পৰামৰ্শ আগবঢ়ায় ৷ সভাত জিলা সাংবাদিক সন্থাৰ সাহিত্য আৰু আলোচনী সম্পাদক পৱন বৰুৱাই অধিৱেশনত প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ “কৰেছপণ্ডেণ্ট” আৰু জিলা সাংবাদিকসকলৰ জীৱনপঞ্জীৰ লিখনিসমূহ দিয়া সম্পৰ্কে অৱগত কৰাৰ লগতে স্মৃতিগ্ৰন্থ আৰু জীৱনপঞ্জীৰ আনুমানিক বাজেট দাখিল কৰে ৷