/asomiyapratidin/media/media_files/2025/11/27/1-2025-11-27-19-44-29.jpg)
ডিজিটেল ডেস্কঃ মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে বৈবাহিক সম্পর্কৰ বিশ্বাসযোগ্যতা বর্তাই ৰখাৰ ঐতিহাসিক পদক্ষেপ হিচাপে বিধানসভাই আজি বহুবিবাহ প্ৰতিৰোধ বিধেয়ক গৃহীত কৰে। মঙলবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ সদনত উত্থাপন কৰিছিল।
এই বিধেয়কৰ জৰিয়তে আইনীভাবে প্রথম বিবাহ ভংগ নকৰাকৈ দ্বিতীয় বিবাহ কৰা কার্যক অপৰাধৰ শ্ৰেণীভুক্ত কৰিব খোজা হৈছে। বিধেয়কখনত পূর্বৰ বিবাহৰ কথা গোপনে বাখি দ্বিতীয় বিবাহ করা ব্যক্তিক ১০ বছৰ আৰু প্ৰথম বিবাহ ভংগ নকৰাকৈ দ্বিতীয় বিবাহ কৰা ব্যক্তিক ৭ বছৰ কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে।
বিধেয়কখনৰ অধীনত বাৰে বাৰে এনে অপৰাধ কৰা সকলক দুগুণ শাস্তি বিহাৰ ব্যৱস্থা আছে। বহুবিবাহত লিপ্ত হোৱা পুৰোহিত, মৌলানা, যাজক আদিক ডেৰ লাখ টকা পর্যন্ত জৰিমনা বিহা হ'ব আৰু কর্তৃপক্ষৰ পৰা ইচ্ছাকৃতভাবে তথ্য লুকোৱা বা পলমকৈ তথ্য প্রদান কৰা লোকসকলক দুবছৰ কাৰাদণ্ড আক এক লাখ টকাৰ জৰিমনা বিহা হ'ব।
অৱশ্যে বিধেয়কখন ৰাজ্যৰ ষষ্ঠ অনুসূচীৰ অধীনৰ এলেকা আৰু জনজাতীয় লোকসকলৰ মাজত প্রযোজ্য নহ'ব। বিধেয়কখন সন্দর্ভত হোৱা আলোচনাত মুঠ ৩১ জন বিধায়কে অংশগ্রহণ কৰে। কংগ্রেছ, এ আই ইউ ডি এফ, চি পি আই এম আৰু ৰাইজৰ দলে বিধেয়কখনত ভালেমান সংশোধনৰ আৰু বাছনি সমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়।
উল্লেখ্য যে, বিভিন্ন বিষয়ত মুখ্যমন্ত্রীৰ আশ্বাসৰ পাছত কংগ্ৰেছ আৰু ৰাইজৰ দলে তেওঁলোকৰ দাবীসমূহ প্রত্যাহাৰ কৰে। অৱশ্যে এ আই ইউ ডি এফ আৰু চি পি আই এম দলে তেওঁলোকৰ দাবীসমূহ প্রত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছত বিধেয়কখন আইনত পৰিণত হ'ব।
ইফালে, বহুবিবাহ প্ৰতিৰোধ বিধেয়কখন সমৰ্থন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “মই নিবিচাৰোঁ মোৰ ছোৱালীয়ে ২১ বছৰ বয়সত বিশ্ববিদ্যালয়ত পঢ়িব আৰু কোনো ছোৱালীয়ে ১৫ বছৰ বয়সতে বিয়াৰ বলি হ’ব।”
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us