বিৰোধীৰ সদন ত্য়াগঃ স্মাৰ্ট মিটাৰ, শিৱসাগৰ ঘটনাক লৈ উত্তপ্ত অসম বিধান সভা...

বিৰোধীৰ সদন ত্য়াগঃ স্মাৰ্ট মিটাৰ, শিৱসাগৰ ঘটনাক লৈ উত্তপ্ত অসম বিধান সভা...

author-image
Asomiya Pratidin
New Update
বিৰোধীৰ সদন ত্য়াগঃ  স্মাৰ্ট মিটাৰ, শিৱসাগৰ ঘটনাক লৈ উত্তপ্ত অসম বিধান সভা...

ডিজিটেল ডেস্কঃ স্মাৰ্টমিটাৰ প্ৰসংগ আৰু শিৱসাগৰত অসমীয়া যুৱতীক অনাঅসমীয়াই অশালীন ব্যৱহাৰৰ প্ৰসংগক লৈ বৃহস্পতিবাৰে উত্তাল হয় অসম বিধানসভাৰ মজিয়া। বিৰোধীয়ে শিৱসাগৰ ঘটনাটোক লৈ সদনত পৃথক আলোচনাৰ আহ্বান কৰিছিল লগতে স্মাৰ্ট মিটাৰ প্ৰসংগক লৈ সভা স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল। অধ্যক্ষই এই প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পাছতে বিৰোধীয়ে প্ৰতিবাদ কৰি ত্যাগ কৰে সদন।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, বিৰোধীৰ হৈ সভা স্থগিতৰ প্ৰস্তাৱ দিছিল অখিল গগৈয়ে। বিধানসভাত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ আঁত ধৰি অখিল গগৈয়ে কয় যে, ৰাজ্যত ব্যাপকভাৱে আইন-শৃংখলাৰ অৱনতি ঘটিছে। মুখ্যমন্ত্ৰীয়ে নিজমুখে কৈছে যে, ৰাজ্যত ২২গৰাকীৰো অধিক মহিলা-যুৱতী ধৰ্ষিতা হৈছে। গতিকে এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে।

ইফালে পুৱাৰভাগতে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ বিধানসভাৰ চৌহদত উপস্থিত হয় অখিল গগৈ। লগতে সংবাদমাধ্যমৰ আগত স্মাৰ্ট মিটাৰৰ বাবে কিমান নিৰিখ বৃদ্ধি পাইছে তাৰ সন্দৰ্ভতো বিস্তৃত বিৱৰণ দাঙি ধৰে।

আনফালে বিধানসভাৰ মজিয়াত স্মাৰ্ট মিটাৰ প্ৰসংগক লৈ বিৰোধীয়ে উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ সময়তে মন্ত্ৰী পীয়ুষ হাজৰিকাই মন্ত্ৰী-বিধায়কসকলৰ ঘৰতো স্মাৰ্ট মিটাৰ লগোৱা হব বুলি মন্তব্য প্ৰকাশ কৰে। মাটি কিনা-বেচাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰোধিতাৰে বিধায়ক আমিনুল ইছলামেও আনিছিল সভা স্থগিতৰ প্ৰস্তাৱ। কিন্তু বিৰোধীৰ এই আটাইকেইটা প্ৰস্তাৱ অগ্ৰাহ্য কৰে অধ্যক্ষই।

উল্লেখ্য যে, অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। আগন্তুক ৫দিনলৈকে চলিব এই অধিবেশন। বিৰোধীয়ে সদন ত্যাগ কৰাৰ পাছতো সদনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত অংশ লয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ধুবুৰীৰ বিধায়ক ৰকিবুল হুচেইনে।

Also Read: ৰাস্তাত একাঁঠু বোকা-পানীঃ নেদেখে বিধায়কে, ক্ষোভিত ৰাইজ...

শিৱসাগৰ