ডিজিটেল সংবাদ, ওৰাং: ওদালগুৰি জিলা বন বিভাগৰ যুটীয়া অভিযানত অসম অৰুণাচল সীমান্তত অবৈধ ভাবে ৰাস্তা খনন কৰি থকা অৱস্থাত এছকেভেটৰ আৰু টেক্টৰ জব্দ কৰে বন বিভাগে। জব্দ কৰা এছকেভেটৰখনৰ জি পি এছ বন্ধ কৰি দিয়াত বিমোৰত পৰিছে জিলা বন বিভাগ।
অসম অৰুণাচল সীমান্তৰ দৈচাংগুৰি বন গাঁৱত অবৈধ ভাবে বন বিভাগৰ মাটিত ৰাস্তা খনন কৰি থকা অৱস্থাত বন বিভাগে যুটিয়া অভিযান চলাইছিল। বন বিভাগৰ অভিযানত ওদালগুৰি জিলা বন বিষয়া মোস্তাফা আলি আহমেদৰ নেতৃত্বত অৰুণাচল বন বিভাগ, মাজবাট আঞ্চলিক বন বিভাগ, লালপুলস্থিত ২৩ নামৰ এছ এছ বিৰ যুটীয়া অভিযানত দৈচাংগুৰিৰ পৰা ৰাস্তা খনন কৰি থকা অৱস্থাত এখন এছকেভেট আৰু নাম্বাৰ প্লেট বিহিন এখন টেক্টৰ জব্দ কৰে।
এছকেভেটৰ মালিকে জি পি এচ বন্ধ কৰি দিয়াত জিলা বন বিভাগ বিমোৰত পৰিছে বুলি বিশেষ সূত্ৰে প্ৰকাশ কৰিছে। পৰৱৰ্তী সময়ত জব্দ কৰা এছকেভেটৰখন দৈচাংগুৰিতে এৰি টেক্টৰ খন মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ত লৈ আনে বুলি মাজবাট আঞ্চলিক বন বিভাগৰ বন বিষয়াই সাংবাদিকক জানিবলৈ দিয়ে।