/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ef72f9d3-99d5-443d-b7b6-536dc4fb355d/apsc_05.jpg)
apsc
ডিজিটেল সংবাদ যোৰহাটঃ ''ব্যস্ততাৰ মাজতো দায়বদ্ধতাৰে সমাজৰ প্ৰতি উৎসৰ্গিত মনোভাবেৰে সুচিন্তিত ভাবে কাম কৰিবলৈ নৱনিৰ্বাচিত প্ৰশাসনিক বিষয়াসকলে নিজকে প্ৰস্তুত কৰিব লাগিব। আদৰ্শনীয় আচৰনেৰে সৰ্বস্তৰৰ জনসাধাৰণৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাটো অতিকে প্ৰয়োজন ।
কাৰণ নিজৰ আচৰন আৰু তাৎক্ষণিক সঠিক সিদ্ধান্ত গ্ৰহণৰ ওচৰতে এজন বিষয়া সকলোৰে আস্থাভাজন হয় । একে সময়তে আমি নিজৰ শিপা নাপাহৰি পিতৃ, মাতৃ তথা সকলোৰে প্ৰতি আন্তৰিকতাৰে সেৱা আগবঢ়াই কৰ্মজীৱনত আগুৱাই যাব লাগিব।''
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f85f1e59-6654-44b6-b09a-54fed1cd12d1/1f73bb36_7202_47fa_9b4c_a9af271bca84.jpg)
অসম লোকসেৱা আয়োগৰ সদ্যঘোষিত ২০২২বৰ্ষৰ ফলাফলত উৰ্ত্তীণ হোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলক আজি বিশ্ববিদ্যালয় পৰিয়ালে সম্বৰ্দ্ধনা জনোৱাৰ অনুষ্ঠানত এই মত ব্যক্ত কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই । বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত সদ্যঘোষিত ফলাফলত কৃতিত্ব দেখুওৱা শুভজিত খাউণ্ড, নুপুৰ ৰঞ্জন নেওগ, অভিলাষ বৰুৱা, ধীমান হাজৰিকা, সুতৃষ্ণা বৰদলৈ, জেবিন গুলনাৰ, সৃষ্টি কলিতা, মনিকংকনা দাস, বিদ্যুৎ কুমাৰ শইকীয়া, মধু কাকতি, কৰবী বনিয়া, প্ৰিয়ব্ৰত হাজৰিকা, ৰংবমন টেৰন, ৰূপমিলি টেৰংপি, হামজানা হোজাই, নীলাঞ্জন শইকীয়া, ফাহনাজ চুলতানা, নুপুৰ ৰঞ্জন নেওগ, ঋচি শিখা আৰু কস্তুৰী পুষ্টিক উপাচাৰ্য ড০ ডেকাই অভিনন্দন জনাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/001575f1-121f-44a1-a31f-ea4b53125946/a6e974e4_545d_4d6b_81ee_926e7a79de6b.jpg)
সম্বৰ্দ্ধনা গ্ৰহণ কৰি কেইবাজনো নৱনিৰ্বাচিত বিষয়াই নিজৰ অনুভৱ ব্যক্ত কৰে । এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই,কৃষি গৱেষণা সঞ্চালক ড০ অশোক ভট্টাচাৰ্য, কৃষি বিজ্ঞানগুৰু ড০ জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠক, ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰাণা প্ৰতাপ ভূঞা, মুখ্য গ্ৰন্থাগাৰিক ড০ চন্দন হাজৰিকা, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক তথা জনসম্পৰ্কৰক্ষী বিষয়া ড০ ৰঞ্জিত কুমাৰ সাউদৰ লগতে বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপকসকল, গৱেষক বিজ্ঞানীসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।