Advertisment

জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে শুকুৰবাৰে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে...

author-image
Asomiya Pratidin
New Update
জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

ডিজিটেল সংবাদ, যোৰহাট : জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে শুকুৰবাৰে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ে দীর্ঘদিনীয়া গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰা এই জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ জৰিয়তে কৃষকৰ মাজলৈ আগবঢ়াই নিয়াৰ বাবে প্ৰমেক টেকনলজিচ এণ্ড চাৰ্ভিচেজৰ সৈতে চুক্তিবদ্ধ হয়। 

Advertisment

এই চুক্তিৰ জৰিয়তে জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ নিৰ্বাচিত ৮ প্ৰকাৰৰ বাণিজ্যিক উৎপাদনৰ আৰম্ভ হ'ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গবেষণা সঞ্চালকৰ সভাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ কৃষি গবেষণা সঞ্চালক ড° সঞ্জয় কুমাৰ চেতিয়া আৰু প্ৰমেক টেকনলজিচ এণ্ড চাৰ্ভিচেজৰ হৈ কংকন কাশ্যপে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। 

জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তিত স্বাক্ষৰ
জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

 

চুক্তি স্বাক্ষৰ অনুষ্ঠানত বক্তব্যত কৃষি গবেষণা সঞ্চালক ড° সঞ্জয় কুমাৰ চেতিয়াই কয় যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই বিশ্ববিদ্যালয়ৰ উদ্ভাৱনসমূহৰ কৃষকৰ মাজলৈ নিয়াত গুৰুত্ব আৰোপ কৰিছে। সেয়ে এই পদক্ষেপৰ অংশ হিচাপে উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিৰ কৰ্মসূচীৰ অধীনত এই চুক্তিৰ জৰিয়তে জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদন হ'ব আৰু ইয়াৰ জৰিয়তে কৃষক লাভাৱান্বিত হ'ব। 

বিশেষকৈ প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষিৰ ক্ষেত্ৰত এই চুক্তিৰ জৰিয়তে কৃষক যথেষ্ট উপকৃত হ'ব। এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী কৃষি গৱেষণা সঞ্চালক ড০ মৃণাল শইকীয়া , উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ পলাশ দেৱনাথ, ভূমি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ দিলীপ পাটগিৰিৰ লগতে কেইবাজনো গৱেষক বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।

agricultural university