অসম কৃষি  বিশ্ববিদ্যালয়ত পতংগ বিজ্ঞানৰ সমাৰোহ আৰম্ভ

তিনিদিনীয়া কার্য্যসূচীৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ পতঙ্গ তত্ত্ব বিভাগৰ উদ্যোগত আয়োজিত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচার্য্য ড০ বিদ্যুৎ চন্দন ডেকাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে।

author-image
Asomiya Pratidin
New Update
vbv

ডিজিটল সংবাদ,যোৰহাট:   অসম কৃষি বিশ্ববিদ্যালয়ত সর্বভাৰতীয় পর্যায়ৰ আগশাৰীৰ বৈজ্ঞানিক সমাজ ভাৰতীয় পতঙ্গ বিজ্ঞান সমাজৰ উদ্যোগত আজিৰ পৰা পতঙ্গ বিজ্ঞানৰ শিক্ষার্থী সমাৰোহ ২০২৫, আৰম্ভ হৈছে। তিনিদিনীয়া কার্য্যসূচীৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ পতঙ্গ তত্ত্ব বিভাগৰ উদ্যোগত আয়োজিত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচার্য্য ড০ বিদ্যুৎ চন্দন ডেকাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে।

Advertisment

ড০ ডেকাই তেখেতৰ বক্তব্যত ভাৰতীয় পতংগ বিজ্ঞান সমাজৰ শিক্ষার্থী সকলক উদ্দেশ্য কৰি আয়োজন কৰা এই পদক্ষেপক ভূয়সী প্রশংসা কৰে। এনে অনুষ্ঠানে ছাত্র-ছাত্রী সকলক শস্য ৰক্ষাৰ বিষয় সমূহৰ ওপৰত নতুন নতুন গৱেষণাৰ প্রতি আগ্রহী কৰি তুলিব বুলি আশা প্রকাশ কৰে।

লগতে শিক্ষার্থী সকলক কৃষি পৰিবেশ তথ্যৰ বিশ্লেষণ আৰু AI ৰ সু-প্রয়োগৰ জড়িয়তে দীর্ঘম্যাদী বতৰৰ পূর্বাভাষৰ লগত কীট-পতঙ্গ আৰু ৰোগৰ নিৰাময়ৰ ওপৰত অধ্যয়ন কৰাৰ পোষকতা কৰে। পতঙ্গ শিক্ষার্থী সমাৰোহৰ চেয়াৰমেন আৰু পতঙ্গ বিজ্ঞান সমাজৰ প্রেচিনেন্ট ড° ডি. ভি. ৰামামূর্খিয়ে ভার্চুৱেল যোগে অংশগ্রহণ কৰি এনে এই সমাৰোহে শিক্ষাৰ্থী সকলক ভৱিষ্যতেও বহু সহায় কৰিব বুলি ব্যক্ত কৰে।

কেন্দ্রীয় কৃষি বিশ্ববিদ্যালয়ক ইম্ফলৰ প্রাক্তন উপাচার্য্য ড০ এচ, এন পুৰিয়ে উদ্বোধনী অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি ভাৰতীয় পতঙ্গ বিজ্ঞান সমার্জৰ  শিক্ষার্থী সমাৰোহ এক উল্লেখযোগ্য আৰু অন্যতম পদক্ষেপ বুলি উল্লেখ কৰি শস্য সুৰক্ষাৰ ক্ষেত্রত হোৱা গৱেষনাৰাজি কৃষকৰ লাভালাভৰ স্বার্থত হোৱাটো বাঞ্চনীয় বুলি উল্লেখ কৰে।

সু-সমন্বিত পদ্ধতিৰে পতংগ উদ্ভিদ ৰোগ আৰু আক নিমার্টড নিয়ন্ত্রণ একে প্রচেষ্টাৰ আওতালৈ আহিলে শস্য সুৰক্ষাৰ ক্ষেত্রত সু-ফলাফল আশা কৰিব পৰা যায়। অনুষ্ঠানটিত শিক্ষার্থী সমাজৰ আয়োজক ড° শচীন সোৱাচ আৰু ভাৰপ্রাপ্ত বিজ্ঞান গুৰু  ড° ভগৱান ভৰালীয়েও অংশ গ্রহন কৰে।

এই অনুষ্ঠানতেই  তিনিখন গ্রন্থও উন্মোচন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ পতঙ্গতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডঃ বাদল  ভট্টাচার্য্যই শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিত পতঙ্গ তত্ত্বৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে পতঙ্গতত্ত্ব বিভাগৰ অৱসৰ প্রাপ্ত অধ্যাপক সকলক সন্মান জনোৱা হয়।

অসম কৃষি বিশ্ববিদ্যালয়