অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° মিনেশ্বৰ হাজৰিকালৈ "ভাৰত গৌৰৱ পুৰস্কাৰ"

ভাৰত বিকাশ সঙ্গমৰ প্ৰতিষ্ঠাপক পূজ্য কে এন গোবিন্দাচাৰ্য্য আৰু মূখ্য পৃষ্ঠপোষক ভাচভাৰাজ পাটিল চেডামৰ উপস্থিতিত মথুৰাৰ গীতা আশ্ৰমৰ ধৰ্মাচাৰ্য্য অভেশে শ্বানন্দ মহাৰাজে এই বঁটা প্ৰদান কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
CVCV

ডিজিটেল সংবাদ, গুৱাহাটী:  অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আৰু "লোক তীৰ্থ দাতব্য ন্যাস"ৰ পৰিচালন ট্ৰাষ্টী ড° মিনেশ্বৰ হাজৰিকাক ৰাষ্ট্ৰীয় সামাজিক অনুষ্ঠান 'ভাৰত বিকাশ সংগমে' ২০২৪-২৫ বৰ্ষৰ বাবে 'ভাৰত গৌৰৱ' পুৰস্কাৰেৰে পুৰস্কৃত কৰিছে ৷  

Advertisment

এই পুৰস্কাৰ যোৱা  ৫ ফেব্ৰুৱাৰীত কৰ্ণাটকৰ গুলবাৰ্গত অনুষ্ঠিত হোৱা  সপ্তম ভাৰতীয় সাংস্কৃতিক উৎসৱত প্ৰদান কৰে। ভাৰত বিকাশ সঙ্গমৰ প্ৰতিষ্ঠাপক পূজ্য কে এন গোবিন্দাচাৰ্য্য আৰু মূখ্য পৃষ্ঠপোষক ভাচভাৰাজ পাটিল চেডামৰ উপস্থিতিত মথুৰাৰ গীতা আশ্ৰমৰ ধৰ্মাচাৰ্য্য অভেশে শ্বানন্দ মহাৰাজে এই বঁটা প্ৰদান কৰে।

যোৱা আঠ বছৰ ধৰি খানাপাৰাত অৱস্থিত ʼলোক তীৰ্থ দাতব্য ন্যাসʼৰ দ্বাৰা নিস্বাৰ্থভাবে কৰা বিভিন্ন জনহিতৈষীমূলক আৰু সামাজিক সেৱাৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে ʼলোকতীৰ্থ দাতব্য ন্যাসেʼ বিভিন্ন জনহিতৈষীমূলক কামৰ উপৰিও গুৱাহাটীলৈ চিকিৎসাৰ‌ বাবে অহা কেঞ্চাৰ ৰোগী আৰু আৰ্থিকভাৱে দুৰ্বল ব্যক্তিসকলক সুলভ মূল্যত থকা আৰু খোৱাৰ বাবে সেৱা আগবঢ়াই আহিছে।

ইয়াৰ উপৰি সময়ে সময়ে কৃষি, পশুপালন, খাদ্য সংসাধন, যোগ আৰু ধ্যান, ৰেইকি, আধ্যাত্মিক জাগৰণ, পৰিৱেশ সংৰক্ষণ আৰু প্ৰদূষণ ৰোধৰ ওপৰতো প্ৰশিক্ষণৰ আয়োজন কৰি সেৱা আগবঢ়াই আহিছে।‌ ডঃ হাজৰিকালৈ খানাপাৰা অঞ্চলৰ বিভিন্ন সাংস্কৃতিক-সামাজিক অনুষ্ঠান‌ সুৰক্ষা, খানাপাৰা সাহিত্য চৰা, চছল শতদল শাখা সাহিত্য সভা, বৃহত্তৰ চছল জ্যেষ্ঠ নাগৰিক সন্মিলন, ওপৰ চছল বিহু সন্মিলন আৰু‌ চছল‌‌ ৰাজহুৱা নামঘৰৰ সমিতিৰ লগতে বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে ʼভাৰত গৌৰৱʼ বটা লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে ।

অসম কৃষি বিশ্ববিদ্যালয়