নৱতম প্ৰযুক্তিৰে ৰাইজৰ কাষত অসম কৃষি বিশ্ববিদ্যালয়

নৱতম প্ৰযুক্তি আৰু উদ্ভাৱনী কৌশলেৰে ৰাইজৰ তথা কৃষি আৰু কৃষকৰ মাজলৈ গৈ ৰাজ্যৰ কৃষিক্ষেত্ৰত সুদুৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আগবাঢ়িছে অসম কৃষি বিশ্ববিদ্যালয়ে।

author-image
Asomiya Pratidin
New Update
নৱতম প্ৰযুক্তিৰে ৰাইজৰ কাষত অসম কৃষি বিশ্ববিদ্যালয়

ডিজিটেল সংবাদ যোৰহাটঃ নৱতম প্ৰযুক্তি আৰু উদ্ভাৱনী কৌশলেৰে ৰাইজৰ তথা কৃষি আৰু কৃষকৰ মাজলৈ গৈ ৰাজ্যৰ কৃষিক্ষেত্ৰত সুদুৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আগবাঢ়িছে অসম কৃষি বিশ্ববিদ্যালয়ে। যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ কৃষি গৱেষণা সঞ্চালকালয়ৰ সভা গৃহত আজি আয়োজিত এখন সংবাদ মেলত এই বিষয়ে প্ৰকাশ কৰে বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়াই। 

Advertisment

অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি আৰু কৃষকৰ বাবে গৱেষণালব্ধ ফলাফলৰ জৰিয়তে আগবঢ়োৱা পদক্ষেপৰ বিষয়ে সদৰি কৰি কয় যে, ভাৰতবৰ্ষৰ উত্তৰ-পূবাৰ্ঞ্চলত অৱস্থিত সুজলা সুফলা শস্য শ্যামলা অসমৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰতে নিৰ্ভৰশীল৷ 

অসমৰ ৭০ শতাংশ লোকেই কৃষিজীৱি৷ কৃষক ৰাইজক কৃষিক্ষেত্ৰৰ বিভিন্ন দিশত অসম কৃষি বিশ্ববিদ্যালয়ে ১৯৬৯ চনৰ পৰাই উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে৷ শিক্ষা প্ৰদান, গৱেষণা আৰু সম্প্ৰসাৰণ এই তিনিটা দিশত অসম কৃষি বিশ্ববিদ্যালয়ে সেৱা আগবঢ়ায়ছে আৰু ইয়াৰ ভিতৰত গৱেষণা অসম কৃষি বিশ্ববিদ্যালয়ৰ এক গুৰুত্বপূৰ্ণ উপাদান৷ 

ষাঠিৰ দশকতে ভাৰতবৰ্ষত আৰম্ভ হোৱা সেউজ বিপ্লৱে অসমক প্ৰভাৱ পেলাব পৰা নাছিল যদিও নব্বৈ দশকৰ উদ্ভাৱিত ধানৰ ৰঞ্জিত সঁচে অসমৰ কৃষিক্ষেত্ৰক খাদ্যশস্য উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰি তোলাত বহুমূলীয়া অৱদান আগবঢ়ায়৷ ধানৰ বজাৰত ৰঞ্জিৎ ধানৰ সঁচে ৩৬০০ কোটি টকাৰ অংশীদাৰিত্ব বহন কৰি আছে৷ 

পঁচপন্ন বছৰ গৰকা অসম কৃষি বিশ্ববিদ্যালয়ে যোৱা পাঁচ বছৰত ধান,  সৰিয়হ,  তিল, বেঙেনা,  নাৰিকল,  মাটিমাহ,  মগুমাহ,  কণীধান,  মটৰমাহ ইত্যাদি শস্যৰ ২৪ বিধ সঁচ উদ্ভাৱন কৰিছে যি বিগত পঞ্চাশ বছৰত উদ্ভাৱিত ধান আৰু মৰাপাটৰ কেৱল ১৬ বিধ সঁচতকৈ বহুগুণে বেছি৷ ইয়াৰোপৰিও ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত উদ্ভাৱিত বিভিন্ন শস্যৰ বিভিন্ন সঁচ কৃষক ৰাইজৰ সুবিধাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ে অনুমোদন জনাইছে৷ 

যোৱা কেইবছৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত জহা চাউল,  কাজি নেমু, গামোচা,  জুডিমা [ডিমাচা থলুৱা সুৰা],  চকোৱা চাউলে ভৌগোলিক সূচ্যাংক (GI)লাভ কৰিবলৈ সক্ষম হৈছে৷ তাৰোপৰি অৰুণাচল প্ৰদেশৰ মনপা গোমধান,  কাৰ্বি আৰু দেউৰীসকলৰ পৰম্পৰাগত সাজ-পোছাক তথা অলংকাৰৰ ভৌগোলিক সূচ্যাংক আহৰণৰ বাবেও প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ 

সহযোগী কৃষি গৱেষণা সঞ্চালক ড০ মৃণাল শইকীয়াই আঁতধৰা সংবাদ মেলত প্ৰসিদ্ধ কৃষি বিজ্ঞানী ড০ চেতিয়াই লগতে কয় যে যোৱা পাঁচ বছৰত মগুমাহৰ বীজ সংৰক্ষণ,  চাহপাত শুকুওৱা যন্ত্ৰ,  তৰলীকৃত উপকাৰী ভেঁকুৰ কৰ্ষণৰ সংৰক্ষণ পদ্ধতি আৰু তৰলীকৃত জৈৱিক কীটনাশক শীৰ্ষক প্ৰযুক্তিৰ অসম কৃষি বিশ্ববিদ্যালয়ে পেটেণ্ট লাভ কৰিবলৈ সক্ষম হৈছে৷ 

তদুপৰি কাজিনেমুৰ ৰস সংৰক্ষণ, এৰী সূতাত লাৰ ৰং দিয়া পদ্ধতি, জৈৱিক কীটনাশকৰ প্ৰস্তুতকৰণ,  চুঙাচাউল প্ৰস্তুতকৰণৰ আহিলা,  সাজপানী প্ৰস্তুতকৰণৰ উন্নত পদ্ধতি, পশুধনৰ চিকৰা নিয়ন্ত্ৰণৰ জৈৱিক মলম ইত্যাদিকে সামৰি ১১ বিধ প্ৰযুক্তিৰ পেটেণ্টৰ বাবে আবেদন কৰা হৈছে। 
বৰ্তমান সময়ৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ে জৈৱিক আৰু প্ৰাকৃতিক কৃষিত গুৰুত্ব আৰোপ কৰি ইতিমধ্যে কেইবাটাও গৱেষণা প্ৰকল্প সম্পূৰ্ণ কৰিছে৷ জৈৱিক কৃষিত প্ৰত্যাহ্বান স্বৰূপ ৰোগ আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে বায়’ভীৰ, বায়’গাৰ্ড, বায়’চোনা, বায়’শক্তি ইত্যাদি জৈৱিক কীটনাশক উদ্ভাৱন কৰিছে আৰু কৃষকৰ মাজত সহজলভ্য হ’বৰ বাবে ইতিমধ্যে বহুকেইটা প্ৰতিষ্ঠানৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে৷ জৈৱিক কৃষিত ব্যৱহাৰৰ বাবে বৰলীয়া পোকৰ টোপ  উদ্ভাৱন কৰি কৃষকৰ মাজত বিতৰণ কৰাও হৈছে। 

অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা বহুকেইটা সঁচৰ গৱেষণালব্ধ সম্প্ৰসাৰণৰ বাবে আন্তৰ্জাতিক প্ৰতিষ্ঠান যেনে, নৰৱে চৰকাৰৰ নিবিঅ’ [NIBIO], জাৰ্মান চৰকাৰৰ জি আই জেড, ফিলিপাইনৰ ইৰি (IRRI), কমনৱেলথ জোঁটৰ কেবি (CABI), ইক্ৰিচাট (ICRISAT), ইউ এন ডব্লিউ ফুড প্ৰগেম ইত্যাদি, ৰাষ্টীয় প্ৰতিষ্ঠান যেনে, আই চি এ আৰ (ICAR), সৰিয়হ গৱেষণা সঞ্চালকালয়, মাহ গৱেষণা প্ৰতিষ্ঠান, ধান গৱেষণা প্ৰতিষ্ঠান ইত্যাদি, স্বতন্ত্ৰ প্ৰতিষ্ঠান যেনে এম এছ স্বামীনাথন গৱেষণা প্ৰতিষ্ঠান ইত্যাদিৰ সৈতে কাৰ্যপন্থা হাতত লৈছে৷ 

তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ঔদ্যোগিক প্ৰতিষ্ঠান যেনে, গডৰেজ এগ্ৰ’ভেট, ৰিলায়েঞ্চ ইণ্ডাষ্টিজ, ধনুকা এগ্ৰিটেক, টেৰি ইত্যাদিকে সামৰি বহুজাতিক প্ৰতিষ্ঠান যেনে, চিনজেণ্টা আদিৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱিত জাতসমূহৰ বীজ উৎপাদন তথা বাণিজ্যিকীকৰণৰ বাবে অসম তথা পশ্চিমবংগ, বিহাৰ আৰু ঊৰিষ্যাৰ ১৫ টা বীজ কোম্পানীৰ লগত প্ৰযুক্তি কৌশল বিনিময় চুক্তি স্বাক্ষৰিত কৰা হৈছে৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভিত প্ৰযুক্তি যেনে, বায়’গাৰ্ড, বায়’ভীৰ [জৈৱিক কীটনাশক], সাজপানী [পৰম্পৰাগত পানীয়], ধানৰ সঁচ যেনে- লাৱণ্য, থলুৱা বনৌষধিৰ গুড়ি আদিৰ বাণিজ্যিকীকৰণৰ বাবে বিভিন্ন সংস্থাক কতৃত্ব প্ৰদান কৰা হৈছে৷

অসম কৃষি বিশ্ববিদ্যালয়ে অসমৰ থলুৱা যুৱক-যুৱতীৰ উদ্যমিতা বিকাশৰ জৰিয়তে স্ব-সংস্থাপনৰ প্ৰচেষ্টাও হাতত লৈছে৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যমিতা বিকাশৰ বাবে যাৱতীয় অনুদান প্ৰদানো ইয়াৰে এক কাৰ্যকৰী পদক্ষেপ৷

জন্মলগ্নৰে পৰা অসম কৃষি বিশ্ববিদ্যালয়ে বহুতো প্ৰযুক্তি উদ্ভাৱন কৰিছিল যদিও এই প্ৰযুক্তিসমূহৰ প্ৰসাৰ কৃষকৰ মাজত সীমিত আছিল৷ কিন্তু যোৱা পাঁচ বছৰত উপভোক্তা কৃষক সমাজৰ সুবিধাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ে ৫০ টা প্ৰযুক্তি কৌশল বাণিজ্যিকীকৰণৰ প্ৰচেষ্টা হাতত লৈছে৷ 

ইয়াৰ দ্বাৰা অনাগত ভৱিষ্যতত কৃষক সমাজ অধিক লাভান্বিত হ’ব বুলি আশা কৰা হৈছে৷ অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা “লাৱণ্য” [ধানৰ সঁচ]ক অহা ১৫ বছৰৰ বাবে ভাৰত চৰকাৰে পঞ্জীয়ন কৰিছে যাৰ দ্বাৰা অনাগত দিনবোৰত এই সঁচবিধৰ অধিক বাণিজ্যিকীকৰণ সম্ভৱপৰ হ’ব৷ 

তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ে ভোল, জলকীয়া, বেঙেনা, লাইশাক ইত্যাদি শস্যৰ থলুৱা জাত যেনে প্ৰৱালী [জলকীয়া], লাইকা আৰু কাজলী [লাইশাক], কুনকুনী জহা, ক’লা জহা [ধান] আদিৰ বীজ বাণিজ্যিকীকৰণৰ প্ৰচেষ্টাও হাতত লৈছে৷ ইয়াৰোপৰি ৰঙা বাও, ককুৱা বাও, তৰা বাও ইত্যাদি ধানৰ সঁচৰ বাণিজ্যিকীকৰণৰ প্ৰচেষ্টাই এই জাতবোৰৰ বাণিজ্যিকীকৰণৰ জৰিয়তে অসমৰ অৰ্থনীতি টনকিয়াল কৰিব বুলি অসম কৃষি বিশ্ববিদ্যালয় আশাবাদী৷

কৃষকৰ সুবিধাৰ বাবে এই বৰ্ষত [২০২৫] ‘শস্যৰক্ষক’ নামৰ এটি মোবাইল এপ অসম কৃষি বিশ্ববিদ্যালয়ে মুকলি কৰিছে৷ যাৰ জৰিয়তে কৃষকসকলে কীট-পংতগ তথা ৰোগ চিনাক্তকৰণ আৰু নিয়ন্ত্ৰণৰ দ্বাৰা অধিক উৎপাদন লাভ কৰিব বুলি আশা কৰা হৈছে৷

অসম কৃষি বিশ্ববিদ্যালয়ে অসম চৰকাৰৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জিন বেংক প্ৰতিষ্ঠা কৰিছে৷ এই জিন বেংকত ৭০০০ ধানৰ সঁচৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ 

২০২৫ বৰ্ষত আৰম্ভ কৰা এই জিন বেংকত বিভিন্ন শস্যৰ সঁচ সংৰক্ষণৰ ব্যৱস্থা আছে৷ জৈৱবৈচিত্ৰ সংৰক্ষণত অদূৰ ভৱিষ্যতে ই এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব৷সংবাদ মেলখনত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া ড০ ৰঞ্জিত কুমাৰ সাউদ, কৃষি অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ নিবেদিতা ডেকা, কৃষি গৱেষণা সঞ্চালকালয়ৰ বিজ্ঞানী ড০ নিলয় বৰা, ড০ সুৰজিত কলিতা আৰু ড০ আৰাধনা বৰুৱা উপস্থিত থাকে।

অসম কৃষি বিশ্ববিদ্যালয়