নামৰূপ সাৰ কাৰখানা বিক্রীৰ বিৰোধিতাৰে  সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰত  আম আদমী পাৰ্টীৰ  উত্তাল প্ৰতিবাদ...

প্ৰধানমন্ত্ৰীক মিছলীয়া  আখ্যা আপৰ

author-image
Asomiya Pratidin
New Update
নামৰূপ সাৰ কাৰখানা বিক্রীৰ বিৰোধিতাৰে  সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰত  আম আদমী পাৰ্টীৰ  উত্তাল প্ৰতিবাদ...

AAP Assam

ডিজিটেল সংবাদ ,নামৰূপঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা নিৰ্বিনিয়োজন নীতিৰ আধাৰত চলিত বিত্তীয় বৰ্ষত ৰাজহুৱা খণ্ডৰ ৮ টা উদ্যোগৰ ভিতৰত  নামৰূপস্থিত বি ভি এফ চি এলকো কোনো ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰা প্ৰসংগৰ তীব্ৰ বিৰোধিতা কৰিছে আম আদমী পাৰ্টি অসমে ।

Advertisment

বুধবাৰে দুপৰীয়া সাৰ উদ্যোগৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত আম আদমী পাৰ্টি অসমৰ নেতৃত্বত ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচীত শতাধিক আপ সমৰ্থকে বি জে পি হায় হায় , সাৰ কাৰখানা  বিক্ৰী প্ৰক্ৰিয়া বন্ধ কৰক, নৰেন্দ্ৰ মোদী মিচলীয়া , ৰামেশ্বৰ তেলী মিচলীয়া আদি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

 আপ অসমৰ ৰাজ্যিক নেতা মনোজ ধনোৱাৰে প্ৰতিবাদস্থলীত প্ৰদান কৰা ভাষণ প্ৰসংগত কয় যে  দুটা কৈ  কাৰ্যকাল শাসনত থকা বি জে পি চৰকাৰে সাৰ কাৰখানাক নিৰ্বাচনী ইছ্যু  হিচাপে লৈ মিথ্যাচাৰৰ আশ্ৰয় লৈছে, ৰাইজক প্ৰবঞ্চনা কৰিছে।   

কেন্দ্ৰীয় চৰকাৰে ৩ বছৰৰ পূৰ্বে সাৰ কাৰখানা পুনৰুজীৱিত কৰণৰ বাবে ৮৪৩০ কোটি টকা আবন্টিত হৈছে বুলি প্ৰচাৰ কৰি ৩ মাহৰ ভিতৰত  ইয়াক  কাৰ্যকৰী হ'ব বুলিও প্ৰচাৰ কৰিছিল। কিন্তু ৩ মাহৰ ঠাইত ৩ বছৰ পাৰ হ'ল।  সাৰ কাৰখানাৰ অৱস্থাৰ সলনি নহ'ল।  বিপৰীতে উদ্যোগটো বিক্ৰী কৰাৰহে সিদ্ধান্ত ল'লে বুলি বক্তব্যত কয়। 

লগতে কয় নামৰূপ সাৰ কাৰখানাৰ ১ নং গোট বন্ধ হ'ল, ২নং গোটটোও দুই তিনি বছৰ ধৰি বন্ধ হৈ আছে  অৰ্থাৎ ২ নং গোটটোও  বন্ধ হ'ল।  চলি থকা ৩ নং গোটটোৰ হঠাৎ কিবা দুৰ্ঘটনা সংঘটিত হৈ বন্ধ হ'লে  চৰকাৰে তলা ওলোমাব  নামৰূপ সাৰ কাৰখানাত । এনে এটা পৰিস্থিতিৰ বাবেই  চৰকাৰে বাট চাই আছে বুলি বক্তব্যত উল্লেখ কৰি কয়   সেই দিনা হেজাৰ হেজাৰ শ্রমিক কৰ্মচাৰীৰ কি ভয়ানক অৱস্থা হ'ব ! এই সকলোৱে সংস্থাপন হেৰুৱাব।   

আপ ৰ নেতা গৰাকীয়ে কয় যে  চৰকাৰে দুয়োটা গোট মেৰামতিৰ বাবে প্ৰদান কৰা ১০০ কোটি টকাৰ ক্ষেত্ৰতো কোনো কাম কৰা নাই বুলি আৰ টি  আই তথ্যত প্ৰকাশ বুলি উল্লেখ কৰে। এই সকলো সমস্য  সন্দৰ্ভত  বি ভি এফ চি এল ৰ স্থায়ী অস্থায়ী শ্ৰমিক ইউনিয়ন কেইখনৰ লগতো আপ অসমে  আলোচনাত মিলিত হৈছে বুলি  প্ৰসংগত উল্লেখ কৰে ।  

দুটা  কাৰ্যকাল জিলাখনক প্ৰতিনিধিত্ব কৰা সাংসদ তথা কেন্দ্ৰীয়  মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ককো কটাক্ষ কৰি কয় আম আদমী দলৰ কেন্দ্ৰীয় নেতা অৰবিন্দ কেজৰিৱালৰ সুস্থ ৰাজনীতিৰ জৰিয়তে আপ অসমে নামৰূপ সাৰ কাৰখানাত নিয়োজিত হেজাৰ হেজাৰ স্থায়ী অস্থায়ী শ্ৰমিকৰ সুৰক্ষাৰ বাবে নামৰূপ সাৰ কাৰখানাৰ জীয়াই ৰাখিবলৈ আন্দোলন চলাই যাব বুলিও  ঘোষণা কৰে  আপ ৰ নেতা ধনোৱাৰে।

লগতে চৰকাৰী পক্ষৰ তীব্ৰ হেচা প্ৰত্যাখান কৰি ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা শ শ আপ সমৰ্থকক কৃতজ্ঞতা জনাই আপ অসমৰ তৰফৰ পৰা।

arvindkejriwal aap