/asomiyapratidin/media/media_files/2025/06/18/ONGC 18-91bb8f52.jpg)
ডিজিটেল ডেস্কঃ সাত দিন ধৰি অহৰহ প্ৰাকৃতিক গেছ নিৰ্গত হৈ থকা শিৱসাগৰৰ ভটীয়াপাৰ বাৰীচুকৰ অ’এনজিচিৰ ৰিগ এতিয়াও নিয়ন্ত্ৰণলৈ আনিব পৰা নাই। যাৰ বাবে স্থানীয় ৰাইজে শেষ ভৰসা হিচাপে নেদেখাজনৰ ওচৰত শৰণাপন্ন হ’বলৈ বাধ্য হৈছে।
প্ৰতি মুহূৰ্ততে অনাকাংশিত ভয়াকন বিপদৰ আশংকাত সময় পাৰ কৰা স্থানীয় জনতাৰ জীৱন-জীৱিকা তথা সম্পদৰাজিৰ সুৰক্ষাৰ বাবে চিন্তিত হৈ পৰিছে দল, সংগঠনসমূহ। আজি অ’ এন জি চিৰ দায়িত্বহীনতা আৰু গুৰুত্বহীনতাৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি নাজিৰাস্থিত অ’ এন জি চিৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে অসমীয়া যুৱ মঞ্চই৷
যোৱা বৃহস্পতিবাৰৰ পৰা সাতদিন ধৰি ভটীয়াপাৰৰ বাৰীচুকত থকা অ’ এন জি চিৰ ভয়ংকৰ গেছ নিৰ্গমনৰ ফলত জৈৱ বৈচিত্ৰৰ প্ৰতিও চৰম ভাবুকি কঢ়িয়াই আনিছে। তাৰ পিছতে নিয়মমাফিক গেছ নিৰ্গমন ৰোধ কৰিবলৈ কৌটিকলীয়া ব্যৱস্থাকেই অনুসৰণ কৰাৰ লগতে দিখৌ নদীৰ পানী চটিয়াই দায়িত্ব সামৰিছে অ’ এন জি চিয়ে।
ফলত ২০২০ ত তিনিচুকীয়া জিলাৰ বাঘজানত সংঘটিত হোৱা ঘটনাৰ দৰেই আন এক অঘটন সংঘটিত হোৱাৰ আশংকা তীব্ৰতৰ হৈ পৰিছে। সেয়ে ক্ষোভ বৃদ্ধি পাইছে জনতাৰ লগতে দল, সংগঠনসমূহৰ।
তাৰ পৰিপ্ৰেক্ষিতত আজি নাজিৰাত থকা অ’ এন জি চিৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে৷ এই প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীয়ে অ’ এন জি চিৰ কাৰ্য্যবাহী সঞ্চালক(ED) ভাস্কৰ চৌধুৰীৰ পুত্তলিকা দাহ কৰিবলৈ চেষ্টা কৰে। অৱশ্যে সেই সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰো সৃষ্টি হয়।