মহেন্দ্ৰ হাজৰিকাৰ গীতৰ কলিৰে মন্ত্ৰী অশোক সিংঘালক ধিক্কাৰ দিলে অসমীয়া যুৱ মঞ্চই

মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে সৰব হৈছে অসমীয়া যুৱ মঞ্চ। গুৱাহাটীত চুপাৰ চাকাৰৰ নামত সংঘটিত অবাধ দুৰ্নীতি সন্দৰ্ভত আমগুৰি নগৰস্থিত অসমীয়া যুৱ মঞ্চৰ কাৰ্যালয়ত সম্বোধন কৰে এখন সংবাদমেল।

author-image
Asomiya Pratidin
New Update
অশোক সিংঘালৰ বিৰুদ্ধে সৰব অসমীয়া যুৱ মঞ্চ

অশোক সিংঘালৰ বিৰুদ্ধে সৰব অসমীয়া যুৱ মঞ্চ

ডিজিটেল ডেস্ক: মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে সৰব হৈছে অসমীয়া যুৱ মঞ্চ। গুৱাহাটীত চুপাৰ চাকাৰৰ নামত সংঘটিত অবাধ দুৰ্নীতি সন্দৰ্ভত আমগুৰি নগৰস্থিত অসমীয়া যুৱ মঞ্চৰ কাৰ্যালয়ত সম্বোধন কৰে এখন সংবাদমেল। সংবাদমেলত চুপাৰ চাকাৰক মন্ত্ৰী অশোক সিংঘালৰ ধন ঘটাৰ মেচিনত পৰিণত হোৱা বুলি মন্তব্য কৰে সংগঠনটোৱে। জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ গীতৰ কলিৰে মন্ত্ৰী অশোক সিংঘালক ধিক্কাৰ দিয়ে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াই।

Advertisment

আকাশ শইকীয়াই সংবাদমেল সম্বোধন কৰি কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী অশোক সিংঘালৰ চুপাৰ চাকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মৌনতা অৱলম্বন কৰিছে। মুখ্যমন্ত্ৰীয়ে এই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পৰিৱৰ্তে উদগনিহে যুগাইছে বুলি উল্লেখ কৰে সংগঠনটোৰ নেতাগৰাকীয়ে।
সততে মুখ্যমন্ত্ৰী গৰাকীয়ে দুৰ্নীতি সংঘটিত কৰা সকলৰ বিৰুদ্ধে বিভিন্ন তদাৰকী শাখাৰ জৰিয়তে তদন্ত কৰাই যদিও মন্ত্ৰী সিংঘালৰ দুৰ্নীতিৰ বিৰুদ্ধে কিয় ইমান দৰদ ওপজিছে তাক লৈয়ো সন্দেহৰ সৃষ্টি হৈছে অসমীয়া যুৱ মঞ্চৰ।

অসমীয়া যুৱ মঞ্চ দুৰ্নীতি অশোক সিংঘাল