বিতৰ্ক নহয়, সমস্যা সমাধানৰ বাবে 'দ্যা কনক্লেভ-২০২২ঃ' সাদিন-প্ৰতিদিন গোষ্ঠীৰ প্ৰচেষ্টাক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ল'লে শলাগ...

the conclave 2022
the conclave 2022

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা আৰু সমম্ভাৱনাক লৈ নতুন দিল্লীত প্ৰতিদিনগোষ্ঠীয়ে আয়োজন কৰা দ্যা কনক্লেভ-২০২২ ৰ প্ৰথম দিনৰ কাৰ্যসূচী ফলপ্ৰসূ ভাৱে অন্ত পৰে। মুঠ ৫ টা ভিন্ন বিষয়ৰ ওপৰত অনুষ্ঠিত এই আলোচনা চক্ৰত ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়।

দিল্লীৰ মানেকশ্ব কেন্দ্ৰত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অনুষ্ঠানৰ শুভ উদ্বোধন কৰে দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে। সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰাই অনুষ্ঠানৰ আৰম্ভণিতে উদ্বোধনী ভাষণ আগবঢ়ায়।

ভাষণৰ আৰম্ভণিতে সাদিন-প্ৰতিদিন গোষ্ঠীক ধন্যবাদ জনাই কয় যে, পূৰ্বে মই দিল্লীৰ একাংশ সংবাদ মাধ্যমে উত্তৰ পূৰ্বাঞ্চললৈ গৈ কাৰ্যক্ৰম হাতত লোৱা দেখিছো যদিও প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰা কোনো সংবাদ গোষ্ঠী দিল্লীলৈ আহি উত্তৰ পূবৰ সমস্যা ৰাজি উপস্থাপন কৰাৰ লগতে ইয়াৰ সমাধানৰ প্ৰচেষ্টা হাতত লৈছে। তেওঁ ইয়াৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ লগতে গোষ্ঠীৰ প্ৰতিজন সংবাদ কৰ্মীলৈ অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানত উপস্থিত থাকি দেশৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয় যে- প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে উত্তৰ পূৰ্বাঞ্চলক প্ৰকৃত সন্মান দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই অঞ্চলৰ উন্নয়নক অগ্ৰাধিকাৰ আৰু প্ৰাধান্য দিছে।

তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ আটাইতকৈ বৃহৎ সফলতা হৈছে উত্তৰ পূৰ্বাঞ্চলত শান্তি স্থাপন। এই অঞ্চলৰ ৰাজ্য কেইখনক সন্ত্ৰাসবাদ মুক্ত কৰি শান্তি আৰু উন্নয়নৰ দিশত অগ্ৰসৰ কৰাটো এই চৰকাৰৰ অন্যতম সফলতা।

ইয়াৰ উপৰিও তেওঁ কয়, এই অঞ্চলৰ পৰা ৮০ ৰ পৰা ৯০ শতাংশ সন্ত্ৰাসবাদ মুক্ত কৰা হৈছে। এই অঞ্চলৰ উন্নয়ন আৰু এই অঞ্চলৰ সৈতে দেশৰ অন্যন্য ৰাজ্যৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাটোও এই চৰকাৰৰ আন এক সফলতা।

পূৰ্বে যোগাযোগ আৰু যাতায়ত উন্নত সুযোগ, সুবিধাৰ পৰা বঞ্চিত হৈ থকা উত্তৰ পূৰ্বাঞ্চলৰ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা বিজেপি চৰকাৰৰ দিনত বহু উন্নতি হৈছে আৰু পোনপটীয়াকৈ দেশৰ অন্য প্ৰান্তৰ লগত সম্পৰ্ক স্থাপনত সম্ভৱ হৈ পৰিছে।

তেওঁ কয়, কংগ্ৰেছ চৰকাৰৰ দিনত উত্তৰ পূৰ্বাঞ্চলত ১০৭৯ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছিল। কিন্তু বিজেপি চৰকাৰে ২০৩১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে। চৰকাৰে এই অঞ্চলটোত ৪০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে। তেওঁ কয়, উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ অভিহনে আত্মনিৰ্ভৰ ভাৰত সম্ভৱ নহয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হাতত লোৱা পি এম ডিভাইন আঁচনিৰ অধিনত উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে ৬,৫০০ কোটি টকা নিৰ্ধাৰণ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰক ৰে'লেৰে সংযোগ কৰাৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য ক্ষেত্ৰৰ বিকাশৰ বাবে মুঠ ১৫৭ খন মেডিকেল কলেজ, হাস্পতাল নিৰ্মাণ কৰা হৈছে। অসমত এইমছ নিৰ্মাণ কৰা হৈছে।

ইফালে অনুষ্ঠানৰ আৰম্ভণিতে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই আদৰণি ভাষণত মুখ্য অতিথি ৰাজনাথ সিঙৰ লগতে অনুষ্ঠানত উপস্থিত থকা বিশেষজ্ঞ, সমল ব্যক্তিসকলৰ লগতে সংবাদ মাধ্যম আৰু উপস্থিত সুধিসমাজক ‘সাদিন-প্ৰতিদিন’, প্ৰতিদিন টাইম, 'নন্দিনী' আৰু 'সাতসৰী' পৰিয়ালৰ সমূহ সদস্যৰ হৈ এই শুভেচ্ছা আৰু সম্ভাষণ জ্ঞাপন কৰিছো।

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৱাৰ দৰে ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰো উন্নয়ন আৱশ্যক বুলি কোৱাৰ দৰেই এই সন্মিনলৰ ধাৰণা লোৱা হৈছে। যি উদ্দেশ্যৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাজ্যিক সীমা সমস্যা, আন্তঃগাঁথনিৰ উন্নয়ন, পৰিৱেশ, পৰ্যটন, স্বাস্থ্য, ক্ৰীড়া, সংস্থাপন, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহকে ধৰি বিভিন্ন দিশৰ সমস্যা আৰু ইয়াৰ সমাধান আৰু সম্ভাৱনীয়তা সম্পৰ্কে বিতৰ্কৰ পৰিৱৰ্তে বনস্তুনিষ্ঠ ভাৱে আলোচনা কৰিবলৈ বিভিন্ন বিশিষেজ্ঞ তথা বিশিষ্ট ব্যক্তিক একেখন মঞ্চলৈ অনাৰ ব্যৱস্থা কৰা হৈছে।

দ্যা কনক্লেভ-২০২২ প্ৰথম সত্ৰৰ বিষয়- জাতীয়তবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ

 দ্যা কনৰক্লেভ-২০২২ ৰ প্ৰথম আলোচনা সত্ৰৰ বিষয় আছিল- 'জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ'।এই আলোচনাত অংশ লৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা নেছুৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই। এই আলোচনা সত্ৰৰ আঁত ধৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই।

প্ৰথমে আলোচনাত বক্তব্য প্ৰদান কৰে এ পি চি চিৰ সভাপতি ভূপেন বৰাই। বৰাই কয় যে, ৰাষ্ট্ৰীয়তাবাদৰ প্ৰাসংগিকতা সদায় আছে আৰু থাকিব। স্বাধীনতা আন্দোলনৰ প্ৰসংগ উত্থাপন কৰি বৰাই কয়, জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ বিতৰ্কৰ সূত্ৰপাত হৈছিল স্বাধীনতা আন্দোলনৰ সময়ছোৱাতে।

ইফালে এই আলোচনাত অংশ লৈ সমুজ্জ্বল ভট্টাচাৰ্যই বাৰে বাৰে অসমক কেন্দ্ৰ বা ৰাষ্ট্ৰই প্ৰবঞ্চনা কৰাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সময়তে আছুৰ সৈতে হোৱা আলোচনাত বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে চৰকাৰে। তৰুণ গগৈৰ চৰকাৰে জনসংযোগৰ জৰিয়তে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা হৈছে বুলি সেই সময়ত প্ৰকাশ কৰা বিজ্ঞাপনো তেওঁ প্ৰদৰ্শন কৰে।

যোৱা কেইবছৰত বানপানীৰ বাবে কেন্দ্ৰই অসমক কিমান টকাৰ পেকেজ দিলে বুলিও প্ৰশ্ন তোলে এই আলোচনাত। কেন্দ্ৰই অসমক কৰা প্ৰতাৰণা সন্দৰ্ভত বিষদ ভাৱে আলোচনা কৰে ভট্টাচাৰ্যই।

আনহাতে বিজেপিৰ ৰাষ্টীয় সম্পাদক দিলীপ শইকীয়াই জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ বিতৰ্কৰ আঁতধৰি কয় যে, সংযুক্ত ভাৰতৰ ৩৬ খন ৰাজ্যই সম অধিকাৰ আৰু সম মৰ্যাদা লাভ কৰিলে জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদৰ আলোচনাই নহ'ল হয়। তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰিছে।

আলোচনাৰ মাজত অসমক কেন্দ্ৰ তথা ৰাষ্ট্ৰই বঞ্চনা কৰি অহাৰ কথা উল্লেখ কৰি স্বাধীনতা সংগ্ৰামৰ সময়তস্বাধীনতাৰ হকে যুঁজা স্বাধীনতা সংগ্ৰামীসকলে ৰাষ্ট্ৰীয় স্বীকৃতি নাপালে বুলিও উল্লেখ কৰে। তেওঁ অসমীয়া ভাষা আৰু জাতিৰ সুৰক্ষাৰ বাবে যি দিঘলীয়া সংগ্ৰাম কৰিলে সেই সংগ্ৰামে কেতিয়াও স্বীকৃতি নাপালে বুলিও ক্ষোভ ব্যক্ত কৰে।

ভট্টাচাৰ্যই কয়, উচ্চ শিক্ষাৰ মাধ্যম অসমীয়া হোৱাৰ পিছত হে বহু হাজাৰ অসমীয়াই স্নাতক ডিগ্ৰী লাভ কৰিছিল। এই প্ৰসংগতে তেওঁ কয়, ভাষাৰ সৃষ্টিৰ সৈতে আছে জাতীয়তাবাদৰ সম্পূৰ্ক। ভাষাৰ সৃষ্টিতে জাতীয়তাবাদ সূচনা হোৱাৰ কথাও তেওঁ উল্লেখ কৰে।

গ্ৰুপিংৰ সময়ত অসমক পাকিস্তানৰ সৈতে চামিল হোৱাৰ পৰা ৰক্ষা কৰাৰ আঁৰত আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। এইগৰাকী লোকপ্ৰিয় বৰদলৈক কংগ্ৰেছে কিয় ভাৰত ৰত্ন সন্মান প্ৰদান কৰা নাছিল বুলি প্ৰশ্ন উত্থাপন কৰি কয় তেওঁক বিজেপিয়েহে ভাৰত ৰত্ন দিছিল।

ইফালে ভূপেন বৰাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সম্পৰ্কে কবলৈ গৈ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ভুল তথ্য উপস্থাপন কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে অসমত শেহতীয়াকৈ ২০০ ৰো অধিক যুৱকে আলফাত যোগদান কৰিছে।

দ্বিতীয় আলোচনা সত্ৰৰ বিষয়ঃ 'অসমৰ চাহ উদ্যোগ আৰু ইয়াৰ প্ৰতিবন্ধকতা'

এই আলোচনাত অসমৰ চাহ উদ্যোগৰ ভৱিষ্যত সম্ভাৱনিয়তা আৰু এই উদ্যোগে সন্মুখীন হোৱা প্ৰতিবন্ধকতা সম্পৰ্কে বহু নতুন দিশৰ উন্মোচন হোৱাৰ লগতে এই সমস্যা কিদৰে দূৰ কৰিব পাৰি সেই সম্পৰ্কেও বাট মুকলি হৈছে।

আলোচনাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ভাৰতীয় চাহ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ প্ৰভাত বেজবৰুৱা, এ ই আৰ চিৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণ আৰু আটছাৰ নেতা ধীৰাজ গোৱালাই অসমৰ চাহ উদ্যোগৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সম্ভাৱনিয়তাৰ দিশসমূহ বিশদ ভালে আলোচনা কৰে।

আলোচনাখনত কুমাৰ সঞ্জয় কৃষ্ণই অসমৰ চাহ উদ্যোগে সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা প্ৰতিবন্ধকতা সম্পৰ্কে আলোচানা কৰিবলৈ গৈ কয় যে, ভাৰতীয় চাহ ৰপ্তানিকৰ্তা সকলে চাহৰ গুণাগণ সম্পৰ্কে সচেতন নহয়। তেওঁলোকে ৰপ্তানি কৰা চাহ গুণাগণ নিম্নমানৰ। তেওঁ চাহ ৰপ্তানিকৰ্তাসকলৰ লগতে চাহ উৎপাদনত জড়িতসকলক চাহৰ উৎপাদনশীলতা, মানদণ্ড, ব্ৰেণ্ড সৃষ্টি, ৰপ্তানিৰ সঠিক পৰিকল্পনা আৰু যান্ত্ৰিককৰণক লৈ বজাৰ সৃষ্টি কৰাই হৈছে চাহ উদ্যোগৰ উন্নতিৰ মাপকাঠি।

আনহাতে আলোচনাত উপস্থিত থকা চাহ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ প্ৰভাত বেজবৰুৱাই চাহ উদ্যোগে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ কয় যে, জলবায়ু পৰিৱৰ্তনে চাহ উদ্যোগত বৃহৎ সমস্যাৰ সৃষ্টি কৰিছে। বিশেষকৈ অসমৰ জয়লবায়ু অধিক উষ্ণ হৈ যোৱাৰ ফলত ই অধিক সমস্যাৰ সৃষ্টি কৰিছে।

চাহ উদ্যোগৰ বাবে নাতিষিতুষ্ণ জলবায়ুৰ প্ৰয়োজন। কিন্তু দিনক দিনে উষ্ণতা বৃদ্ধি পোৱাৰ ফলত চাহ উৎপাদনত প্ৰভাৱ পৰাৰ লগতে চাহ সেৱন কৰাৰ ক্ষেত্ৰত মানুহে চিন্তা কৰিবলৈ ধৰিছে। অন্যান্য শীতল পানীয়ৰ সহজলভ্যতাৰ বাবে মানুহে অত্যাধিক গৰমৰ বাবে চাহ খাবলৈও এৰিছে।

তেওঁ কয় চাহ উদ্যোগৰ এখন ভাল বজাৰ আহিব কিন্তু এই বজাৰ বহনক্ষম নহ'ব। কিয়নো কোকাকলাৰ দৰে গ্লেমাৰছ শীতল পানীয়ৰ বাবে চাহ উদ্যোগ অধিক সমস্যাৰ সন্মুখীন হৈছে। শীতল পানীয়ৰ জনপ্ৰিয়তাই চাহৰ জনপ্ৰিয়তা হ্ৰাস কৰাই নহয়, চাহৰ বিশ্বব্যাপী থকা বজাৰখনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।

বেজবৰুৱাই অসমৰ চাহে সন্মুখীন হোৱা প্ৰতিবন্ধকতাক দুটা ভাগত ভাগ কৰিছে। তেওঁ ইয়াৰ বাবে জলবায়ু আৰু চাহৰ গুণাগুণক দোষাৰোপ কৰিছে। চাহৰ গুণাগুণ ৰক্ষা কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ সহায়ত কেচা পাত তোলাৰ কথাকো আঙুলিয়াই দিয়ে। প্ৰযুক্তিৰ সহায়ত পাত তোলাৰ বাবে কুমলীয়া পাতৰ লগত বুঢ়া পাত অহাৰ বাবে চাহৰ গুণাগুণ হ্ৰাস হৈছে।

আনহাতে চাহ জনগোষ্ঠীয় নেতা ধীৰাজ গোৱালাই কয় যে, ক্ষুদ্ৰ চাহ উদ্যোগৰ বাবেও নূন্যতম সমৰ্থন মূল্যৰ নীতি প্ৰযোজ্য যদিও বটলিং প্লেণ্টসমূহৰ ওপৰত ভাৰতীয় চাহ বৰ্ডৰ নিয়ন্ত্ৰণ নথকাৰ হেতু তেওঁলোকে চাহ খেতিয়কসকলক নিজ ইচ্ছামতেই মূল্য পৰিশোধ কৰে। তেওঁলোকে চাহৰ উৎপাদন হ্ৰাস হোৱাৰ সময়ত ক্ষুদ্ৰ উদ্যোগৰ পৰা উচিত মূল্যতে চাহ ক্ৰয় কৰে যদিও তেওঁলোকৰ উৎপাদন বৃদ্ধি পোৱাৰ সময়ত ক্ষুদ্ৰ চাহ খেতিয়কক নূন্যতম মূল্যও পৰিশোধ নকৰে।

তৃতীয় আলোচনা সত্ৰৰ বিষয়ঃ 'বহনক্ষম পৰ্যটন আৰু উত্তৰ পূৱ ভাৰত'

উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনক অধিক সম্প্ৰসাৰিত কৰাৰ লগতে ইয়াৰ সম্ভাৱনিয়াত আৰু পৰ্যটন উদ্যোগৰ বিকাশৰ উদ্দেশ্যৰে  'বহনক্ষম পৰ্যটন আৰু উত্তৰ পূৱ ভাৰত' শীৰ্ষক শিৰোনামৰে অনুষ্ঠিত হোৱা আলোচনাত পৰ্যটন উদ্যোগী জাহ্নবী ফুকন আৰু ডিপ্লমেটিক ট্ৰেভেলপইণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক তথা এ ডি টি অ' আইৰ সভাপতি পি পি খান্নাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। এই আলোচনাৰ আঁত ধৰে প্ৰতিদিন টাইমৰ মুখ্য পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে।

আলোচনাত অংশগ্ৰহণ কৰি জাহ্নৱী ফুকনে ৰাষ্ট্ৰীয় ৰাজধানীত এই আলোচনা অনুষ্ঠিত কৰাৰ বাবে প্ৰতিদিন গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰি কয় যে, উত্তৰ পূৰ্বাঞ্চল পৰ্যটন ক্ষেত্ৰত শেহতীয়াকৈ আত্মপ্ৰকাশ কৰিছে। ইয়াৰ সুযোগ কৰিছে অঞ্চলটোৰ ৰাজ্য কেইখনে। কিয়নো অন্যান্য পৰ্যটন ক্ষেত্ৰই কৰা ভুলবোৰ অধ্যয়ন কৰি এই ৰাজ্য কেইখনে সেই ভুলৰ পৰা শিক্ষা ল'ব পাৰিব।

তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চল পৰ্যটন ক্ষেত্ৰত ব্যতিক্ৰম বুলি উল্লেখ কৰি কয়, আমাক অত্যাধিক পৰ্যটনৰ প্ৰয়োজন নাই। ইফালে আলোচনাত অংশগ্ৰহণ কৰি পি পি খান্নাই কয় যে, মহামাৰীৰ পিছত আমি অত্যাধিক জনবহুল অঞ্চলৰ পৰা আঁতৰি প্ৰকৃতিৰ অধিক কাষ চাপি গৈছো। অসমৰ প্ৰকৃতিৰ কথা ক'বলৈ গৈ তেওঁ কয় গোটেই বিশ্বত আজিৰ সময়ত হাড়গিলা আছে মাত্ৰ ১৫০০। ইয়াৰ ভিতৰত অসমতেই আছে সৰ্বাধিক ৫০০ হাড়গিলা।

অসমৰ পৰ্যটনৰ ক্ষেত্ৰৰ কথা উল্লেখ কৰিবলৈ গৈ তেওঁ কয়, উপযুক্ত প্ৰচাৰৰ অভাৱৰ বাবেই উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰই বিশ্বব্যাপি অধিক প্ৰসাৰতা লাভ কৰা নাই। এই অঞ্চলটোৰ সংস্কৃতি, সংগীত, নৃত্যৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়োজন আছে।

তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বহু এনে ঠাই আছে যাৰ সন্ধান বিশ্ববাসীয়ে এতিয়াও লাভ কৰা নাই, সেই সমূহ প্ৰাকৃতিক ভাৱে চহকী আৰু মনোমোহা অঞ্চলৰ সন্ধান কৰি ভ্ৰমণ বিলাসী লোকসকলৰ দৃষ্টি আকৰ্ষণৰ বাবে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰাৰো পৰামৰ্শ প্ৰদান কৰিছে।

আনহাতে পৰ্যটন উদ্যোগী জাহ্নৱী ফুকনে কয়, সকলোৱে আজিৰ তাৰিখত বহনক্ষম পৰ্যটন আশা কৰে। ইয়াৰ বাবে চৰকাৰ আৰু ব্য়ক্তিগত খণ্ডৰ উদ্যোগীয়েও সহযোগিতা আগবঢ়াব লাগিব। তেওঁৰ মতে পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে পি পি পি অৰ্থাত পাবলিক, প্ৰাইভেট আৰু পাৰ্টনাৰ্শ্বিপ পদ্ধতিয়েই উত্তম বুলি উল্লেখ কৰিছে। উদ্যোগটোৰ বিকাশৰ বাবে যুৱ প্ৰজন্মৰ অংশগ্ৰহণৰো পোষকতা কৰে উদ্যোগীগৰাকীয়ে।

উদ্যোগটোৰ বিকাশৰ বাবে হোটেল, পৰিবহন আদি আনুসাংগিক সকলো ক্ষেত্ৰৰে সহযোগিতাও লাগিব বুলি উল্লেখ কৰি তেওঁ কয়, নিৰ্দিষ্ট ঠাই নহয় সেই ঠাইৰ মানুয়েহে পৰ্যটনক অধিক আকৰ্ষণ কৰে।

এই অঞ্চলটোৰ পৰ্যটনৰ বিকাশৰ বাবে পি পি খান্নাই পয যোগাযোগ ব্যৱস্থা অধিক উন্নিতকৰণ, বিমান সেৱা, আদিৰ বিকাশৰ কথা দোহাৰে। তেওঁ এই অঞ্চলৰ বিদ্ৰোহী গোট সমূহৰ বাবেই যোগাযোগ ব্যৱস্থাৰ অধিক উন্নতি নোহোৱাৰ বাবে পৰ্যটন উদ্যোগটোক ক্ষতি কৰিছে বুলিও উল্লেখ কৰে। সেয়েহে এতিয়া তেওঁ এই সমস্যাসূহৰ পৰা আঁতৰি উন্নয়নৰ দিশে অগ্ৰসৰ হোৱাৰ এয়াই সঠিক সময় বুলি উল্লেখ কৰে।

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা থকাৰ বাবে পৰ্যটকসকল বহু সময়ত অসুবিধাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি কয় যে এই ৰাজ্য কেইখনৰ বাবে যদি এখনেই পাৰপত্ৰৰ ব্যৱস্থা কৰা হয় তেন্তে পৰ্যটকৰ বাবে সুবিধা হয়।

ইফালে পৰ্যটন উদ্যোগেই সৰ্বাধিক সংস্থাপনৰ বাট মুকলি কৰে বুলি উল্লেখ কৰি কয় যে, এই ক্ষেত্ৰত এই অঞ্চলৰ লোকসকলক অত্যাধিক অতিথিপৰায়ণ, পৰ্যটন ক্ষেত্ৰত ক্ষুদ্ৰ কৰ, শিক্ষাৰ্থীক দ্বাৰা পৰ্যটন ক্ষেত্ৰৰ লগত জড়িতকৰণ, কৰ্মশক্তিৰ বিকাশ, ঐতিহ্যৰ সংৰক্ষণ, প্ৰকৃতিৰ সংৰক্ষণকে ধৰি বিভিন্ন দিশৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে।

চতুৰ্থ আলোচনা সত্ৰৰ বিষয়ঃ শক্তি সংৰক্ষণ বনাম বনধ্বংস আৰু উদ্যোগীকৰণ

 চতুৰ্থখন আলোচনা সত্ৰৰ বিষয় সম্পৰ্কে বস্তুনিষ্ঠ আলোচনা কৰিবলৈ সমল ব্যক্তি হিচাপে উপস্থিত থাকে আই আই টি গুৱাহাটীৰ অধ্যাপক ড০ অৰূপ শৰ্মা, ভূ-বিজ্ঞানী ড০ ভগৱত প্ৰাণ দুৱৰা, ষ্টাৰ চিমেণ্টৰ পৰা প্ৰদীপ পুৰোহিত আৰু ডাউন টু আৰ্থৰ পৰিচালন সম্পাদক ৰিচাৰ্ড মহাপাত্ৰ। অনুষ্ঠানটোৰ আঁত ধৰে নন্দিনীৰ সম্পাদিকা মাইনী মহন্তই।

আলোচনাতক ভূ-বিজ্ঞানী ড০ ভাগৱত প্ৰাণ দুৱৰাই কয় যে, মানৱ জাতিয়ে প্ৰকৃতি বিৰোধী কাম-কাজ কৰি থকাৰ বাবেই প্ৰকৃতিয়ে নিজস্ব ধৰেণে ইয়াৰ প্ৰতিশোধ পূৰণ কৰিছে। তেওঁ কয়, প্ৰসংগ ক্ৰমে কয় যে একাংশই শোষণ কৰিও পুৰস্কৃত হয়। উদাহৰণ হিচাৰে বৃহৎ নদীবান্ধৰ কথা উল্লেখ কৰে আৰু কয়, এই বান্ধক লৈ বিতৰ্কৰ সূচনা হৈছে, নানান ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। কিন্তু একাংশই এই বান্ধৰ বাবেই পুৰস্কৃত হৈছে।

আন এগৰাকী সমল ব্যক্তি প্ৰদীপ পুৰোহিতে কয় যে, জলবায়ু পৰিৱৰ্তনৰ প্ৰাকৃতিক পৰিঘটনা দীৰ্ঘদিন ধৰি চলি আছে আৰু চলি থাকিব। তেওঁ কয়, যদিও জলবায়ু পৰিৱৰ্তন এক প্ৰাকৃতিক পৰিঘটনা, তথাপিও এই পৰিঘটনাক অধিক মাত্ৰ প্ৰদান কৰিছে উদ্যোগে।

তেওঁ কয়, "উদ্যোগসমূহৰ পৰা জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰিবলৈ, আমি আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত কাম কৰিব লাগিব আৰু সামগ্ৰীৰ পুনৰ্ব্যৱহাৰ ওপৰত গুৰুত্ব দিব লাগিব।চিমেণ্ট উদ্যোগৰ পৰিকল্পনা সন্দৰ্ভত বক্তব্য ৰাখি পুৰোহিতে কয়, প্ৰযুক্তিগত উন্নতিয়ে কাৰ্বন হ্ৰাস কৰাত সহায় কৰিছে।

অৱশ্যে তেওঁ অভিযোগ কৰে পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত ইটা ভাটা সমূহৰ ভূমিকা অধিক। কিয়নো ইটা ভাটাত এতিয়াও পাঁচ দশক আগৰ প্ৰযুক্তিৰ ওপৰত ভিত্তী কৰিয়েই চলি আছে।

আলোচনাত অংশগ্ৰহণ কৰা আন এগৰাকী সমল ব্যক্তি অৰূপ শৰ্মাই কাৰ্বন নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি জলবায়ু পৰিৱৰ্তনত ইয়াৰ প্ৰভাৱৰ বিষয়ে বক্তব্য প্ৰদান কৰে। তেওঁ ব্ৰহ্মপুত্ৰৰ অধ্যয়নৰ এক প্ৰসংগ উত্থাপন কৰি কয় যে, জলবায়ু পৰিৱৰ্তনৰ বাবেই প্ৰাক মৌচুমী প্ৰবাহৰ লগতে বৰষুণ যথেষ্ট হ্ৰাস পাব। তেওঁ জলবায়ু পৰিৱৰ্তনৰ লগতে সংগতি ৰাখি বানপানীৰ প্ৰসংগও উল্লেখ কৰে।

আনহাতে ৰিচাৰ্ডি মহাপাত্ৰাই কয় যে, উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ নৱীকৰণযোগ্য সম্পদৰ উত্তম পদ্ধতি হ'ল কৃষি বনানীকৰণ । প্ৰাকৃতিক সম্পদসমূহৰ আমি বৰ্তমানতকৈ উন্নত মুল্য সংযোজনৰ প্ৰয়োজন ।

পঞ্চমখন আলোচনা সত্ৰৰ বিষয়ঃ ‘উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগ বাণিজ্য ক্ষেত্ৰত বিকল্প পৰিবহণৰ মাধ্যম ৰূপে ব্ৰহ্মপুত্ৰ’

দ্যা কনক্লেভ-২০২২ ৰ প্ৰথম দিনৰ অন্তিম কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতীম কুমাৰে আঁত ধৰা অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য কৰাৰ লগতে ঘোষণা আগবঢ়ায়। আলোচনাৰ আৰম্ভণিতে তেওঁ ৰাষ্ট্ৰীয় ৰাজধানীত এই কনক্লেভ অনুষ্ঠিত কৰাৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ প্ৰতিদিন গোষ্ঠীক উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠস্বৰ বুলিও উল্লেখ কৰে।

তেওঁ কয়, যাতায়তৰ বাবে যি সময়ত ৰে’ল, বাছ আদি নাছিল সেই সময়ত নদীয়েই এঠাইৰ পৰা আন এঠাইলৈ যোৱাৰ একমাত্ৰ পথ আছিল। তেওঁ কয়, সভ্যতা, সংস্কৃতি, বাণিজ্য আদান-প্ৰদানৰ মূল উৎস আছিল নদী। তেওঁ আমদানি-ৰপ্তানী কেৱল নদী পথেৰ সম্ভৱ বুলি উল্লেখ কৰি কয়, ২০১৬ চনলৈ আছিল মাত্ৰ ৫ টা জলপথ। কিন্তু নৰেন্দ্ৰ মোডী ক্ষমতালৈ অহাৰ পিছত এই সংখ্যা ১০০ টালৈ বৃদ্ধি কৰা হৈছে।

তেওঁ দেশৰ প্ৰায় ২৩ খন নদীত এক বৃহৎ অংকৰ প্ৰকল্প হাতত লোৱাৰ কথা উল্লেখ কৰি কয়, গুৱাহাটীৰ পাণ্ডুত নিৰ্মাণ কৰা হৈছে ৱাটাৰৱে। পূৰ্বে অসমৰ পৰা জাহাজ মেৰামতিৰ বাবে কলকাতালৈ যাবলগীয়া হৈছিল। আৰু ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হৈছিল প্ৰায় ৬ মাহ। এতিয়া পাণ্ডুত জাহাজ মেৰামতিৰ ব্যৱস্থা কৰাৰ ফলত যথেষ্ট সময় ৰাহি হ'ব।

ইফালে শেহতীয়াকৈ দেশৰ সেনাবাহিনীৰ অন্তৰ্ভুক্ত হোৱা যুদ্ধ জাহাজখনৰ প্ৰসংগ টানি আনি কয়, এই জাহাজখনে ২১ খন যুঁজাৰু বিমান কঢ়িয়াইনিব পাৰে। অসমৰ ডিব্ৰু ছৈখোৱৰ গুইজান বিলত ফ্লটিং জেটি নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে।

ইয়াৰ উপৰিও তেওঁ অসমত বগী বিল দলঙৰ কাষত নদী বন্দৰ স্থাপনৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশনা অনুসৰি গ্ৰীণ ছিপিং, গ্ৰীণ প'ৰ্টৰো নিৰ্মাণৰ কাম কৰি থকা হৈছে যি কাৰ্বন শূন্য হ'ব।

দেশৰ মুঠ ৪ টা স্থানত আন্তঃৰাষ্ট্ৰীয় ক্ৰুইজ টাৰ্মিনেল নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰি তেওঁ উত্তৰপূৰ্বাঞ্চলত মুঠ ২০ টা আৰু অসমত ১৪ টা নতুন জলপথ নিৰ্মাণৰকথা উল্লেখ কৰে।

আনহাতে আগন্তুক পৰিকল্পনা সন্দৰ্ভত কয়- আমি পুৰণি বন্দৰৰ চাৰিওফালে পোৰ্টলেণ্ড উন্নয়ন, বন্দৰ ভূমি আধুনিকীকৰণ, উপকূলীয় সামূহিক বিকাশ আৰু কাৰ্গো জাহাজৰ চলাচল ক্ষমতা বৃদ্ধিৰ লক্ষ্য ৰাখিছো। পাটনাৰ পৰা পাণ্ডুলৈ পৰীক্ষামূলক ভাৱে এখন মালবাহী জাহাজ চলোৱা হৈছিল। নগীৰ গভীৰতা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা এই জাহাজখন সফল ভাৱেই আহি পাণ্ডুত উপস্থিত হৈছিল।

ব্ৰহ্মপুত্ৰত কাৰ্গো চলাচলৰ বাবে প্ৰয়োজনীয় নদীৰ গভীৰতাক লৈ প্ৰশ্ন উত্থাপন হৈ আছিল যদিও এই কাৰ্গোখন সফলভাৱেই পাণ্ডুত আহি উপস্থিত হোৱাত ব্ৰহ্মপুত্ৰ যে কাৰ্গো চলাচল কৰিব পৰাকৈ গভীৰ সেই কথাক প্ৰমাণ কৰিলে। ফল স্বৰূপে ব্ৰহ্মপুত্ৰক উত্তৰ-পূবৰ পৰা ভাৰত তথা বিশ্বৰ আন প্ৰান্তলৈ সামগ্ৰী ৰপ্তানি কৰিবলৈ জলপথ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব।

কনক্লেভৰ দ্বিতীয় দিনটোত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে মোকাবিলা, ড্ৰাগছ, সন্ত্ৰাসবাদ, ভূ-ৰাজনীতি আৰু উত্তৰ পূৱ, মহিলাৰ স্বাস্থ্য বিষয়ক আলোচনাৰ উপৰিও উত্তৰ পূবৰ ক্ৰীড়া প্ৰতিভা, বিনিয়োগ আৰু অসমৰ ৪ লাখ কোটি অৰ্থনীতি বিষয়ত আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। ইয়াৰ বিভিন্ন আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, সেনা বিষয়া ৰাণা প্ৰতাপ সিং, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ লগতে গৱেষক, কমনৱেলথ স্বৰ্ণ জয়ী নয়নমণি শইকীয়াকে ধৰি বহু সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in