অসমীয়া প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ত ৮জনীয়া চোৰৰ দল...

অসমীয়া প্ৰতিদিনৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত চোৰৰ তাণ্ডৱ।

author-image
Asomiya Pratidin
New Update
অসমীয়া প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ত ৮জনীয়া চোৰৰ দল...

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিনৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত চোৰৰ তাণ্ডৱ। চানমাৰী থানাৰ পৰা প্ৰায় ৫০০মিটাৰ নিলগত থকা অসমীয়া প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ত ৮জনীয়া চোৰৰ দলে প্ৰৱেশ কৰি কাৰ্যালয়ৰ চৌহদত থকা মূল্যৱান সামগ্ৰী লৈ পলায়ন কৰিবলৈ চেষ্টা কৰোতেই হাতে-লুটে ধৰা পৰে।

Advertisment

অৱশ্যে ৮জনীয়া চোৰৰ দলটোৰ ৬টা চোৰ পলাই সাৰিবলৈ সক্ষম হয়। ২টা চোৰক কাৰ্যালয়ৰ সুৰক্ষা কৰ্মী তথা কৰ্মচাৰীয়ে ধৰি আৰক্ষীক চমজাই দিয়ে। চোৰকেইটাক তালাচী চলাওতেই কিছু ভয়ংকৰ তথ্য পোহৰলৈ আহে। নিচাজাতীয় সামগ্ৰীত আসক্ত চোৰকেইটাই ড্ৰাগছ সেৱন কৰিবৰ বাবেই এনেদৰে ভিন্ন চুৰি কাৰ্য সংঘটিত কৰি আহিছে। গুৱাহাটীৰ বিভিন্ন ঠাইত আৱৰ্জনা গোটোৱাৰ বেশেৰে এই চুৰি কাৰ্য সংঘটিত কৰি আহিছে তেওঁলোকে।

প্ৰাপ্ত খবৰ অনুসৰি, কিছুদিনৰ পূৰ্বে এই চোৰকেইটাই ৰাজগড়তো এক চুৰি কাণ্ড সংঘটিত কৰিছিল। ভয়ংকৰ কথাটো হৈছে যে, যেতিয়া চোৰ কেইটাৰ কৰায়ত্ত কৰিবলৈ কাৰ্যালয়ৰ সুৰক্ষাকৰ্মীয়ে চেষ্টা চলাইছিল, সেই সময়ত চোৰকেইটাই প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰে। চোৰকেইটাৰ পৰা শৰীৰত ড্ৰাগছ লোৱা এটা চিৰিঞ্জও উদ্ধাৰ কৰা হৈছে।

'অসমীয়া প্ৰতিদিন ডিজিটেল'