/asomiyapratidin/media/media_files/2025/04/13/P4z9MSBtwHU4Hu1xsQ48.jpg)
শোকাবহ দুৰ্ঘটনাত অৰবিন্দ বড়োৰ মৃত্যু
ডিজিটেল ডেস্ক: ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমীয়া প্ৰতিদিনৰ এগৰাকী গাড়ীচালকৰ লখিমপুৰৰ পৰা ট্ৰেইনেৰে গুৱাহাটীলৈ আহি থকা অৱস্থাত আজি কাহিলীপুৱা গহপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ মাজত দুৰ্ভাগ্যজনকভাৱে বিদ্যুতৰ খুঁটাত আঘাতপ্ৰাপ্ত হৈ শোকাবহভাৱে মৃত্যু হয়। তেওঁৰ সহযোগী নিৰ্মলসহ গাড়ীচালক অৰবিন্দ বড়োৱে নতুনকৈ ক্ৰয় কৰা এখন বাহন লখিমপুৰ সংস্কৰণৰ কাৰ্যালয়ত জমা দি নিশা ট্ৰেইনেৰে গুৱাহাটীলৈ উভতিছিল। দুয়ো ট্ৰেইনত শুই থকা সময়তে ট্ৰেইনখন গহপুৰ ষ্টেচন পায়। ষ্টেচনৰ পৰা ট্ৰেইনখন ওলোৱাৰ সময়তে সাৰ পায় ডবাৰ বাওঁহাতৰ দুৱাৰমুখলৈ আহি চকুত পানী মাৰি পুৱাৰ বতাহজাক ল'ব খোজোতেই দুৱাৰমুখৰ ফুটষ্টে'পৰ পৰা তেওঁ সৰি পৰে।
দুৰ্ভাগ্যবশত: বিদ্যুৎ পৰিবাহী খুঁটাত আঘাতপ্ৰাপ্ত হৈ অৰবিন্দ ৰে'লৰ দাঁতিৰ বননিৰ মাজত সুলকি পৰে। আকস্মিক এই ঘটনাৰ সময়তে সাৰ পোৱা নিৰ্মল ৰয়ে কিংকৰ্তব্যবিমূঢ় হৈ ট্ৰেইনত থকা আৰপিএফৰ দলক খবৰটো দিয়ে যদিও তেওঁলোকে বিশ্বনাথ চাৰিআলি আৰু গহপুৰত বিষয়টো ফোনেৰে অৱগত কৰি বিশ্বনাথ চাৰিআলি ষ্টেচনত ৰোৱাৰ পাছতহে মানুহজনৰ বিচাৰ কৰা হ'ব বুলি নিৰ্মলক অৱগত কৰে।
এনে অৱস্থাত নিৰ্মলে ফোনেৰে গুৱাহাটীত কাকতৰ প্ৰকাশক যতীন চৌধুৰীক অৱগত কৰাৰ উপৰি বিশ্বনাথ চাৰিআলিৰ ষ্টেচন মাষ্টৰসহ আৰপিএফক জনায়। আনহাতে, মুখ্য কাৰ্যালয়ৰ পৰা খবৰ পায় বিশ্বনাথ চাৰিআলি ষ্টেচনত উপস্থিত হয় ছয়দুৱাৰ, গহপুৰ, বিশ্বনাথ চাৰিআলিৰ সংবাদদাতা। ইফালে, নিচেই পুৱাতে বিশ্বনাথ চাৰিআলিৰ আৰপিএফৰ জোৱানসহ এটা দল অৰবিন্দ বড়োৰ সন্ধানত নামি পৰে আৰু তেওঁৰ মোবাইল ফোন ট্ৰেপ কৰাৰ ফলত ৰেলপথৰ দাঁতিৰ বননিৰ মাজত তেওঁৰ প্ৰাণহীন দেহ উদ্ধাৰ কৰে। পাছত আৰপিএফৰ দলে মৃতদেহটো বিশ্বনাথ চাৰিআলি আৰক্ষী থানালৈ আনে। মৰণোত্তৰ পৰীক্ষাৰ পাছত পৰিয়ালৰ হাতত চমজায় দিব অৰবিন্দ বড়োৰ নিথৰ দেহ।
উল্লেখযোগ্য যে, অৰবিন্দ বড়োৰ ঘৰ আছিল সৰুপেটাৰ শালবাৰীত। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এগৰাকী বিবাহিত জী, জোঁৱাই, নাতিৰ লগতে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত পঢ়ি থকা আন এগৰাকী জীক এৰি থৈ যায়। অতিকে অমায়িক ব্যৱহাৰৰ অৰবিন্দ বড়োৰ এই বিয়োগে মৰ্মাহত কৰিছে সাদিন-প্ৰতিদিন পৰিয়ালৰ প্ৰতিজন সদস্যক। তেওঁৰ ভাতৃ মেল' বড়োও প্ৰতিদিনৰ এগৰাকী গাড়ীচালক। মেল' সাদিন-প্ৰতিদিন পৰিয়ালৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ গাড়ীচালক তথা পৰিয়ালৰ সদস্যৰ দৰে বিসস্ত। পৰিয়ালৰ সদস্যৰ দৰে মৰমৰ মেল'।