প্ৰিয় বান্ধৱী, গৰমৰ বন্ধ টো মই কেনেকৈ পাৰ কৰিম সেই বিষয়ে তোমাক কম আজি...

অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা প্ৰতিযোগিতা। আজি এই প্ৰতিযোগিতাত অসম জাতীয় বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰী ভায়লীনা বৰাই লেখা এই চিঠিখন আগবঢ়োৱা হৈছে....

author-image
Asomiya Pratidin
New Update
চিঠি

অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজি এই প্ৰতিযোগিতাত অসম জাতীয় বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰী ভায়লীনা বৰাই লেখা এই চিঠিখন আগবঢ়োৱা হৈছে....

Advertisment

প্রিয় বান্ধৱী

দিনাংকঃ ০৯-০৭-২০২৫

মোৰ হিয়াভৰা মৰম ল'বা। আশা কৰোঁ তোমাৰ ভাল। তোমাৰ মা-দেউতাক মোৰ সেৱা জনালোঁ। মোৰ খবৰ ভাল। আজিৰ চিঠিত গৰমৰ বন্ধটো মই কেনেকৈ পাৰ কৰিম, তাকে তোমাৰ জনাব খুজিছোঁ।

 

WhatsApp Image 2025-07-23 at 11.38.07 AM
ভায়লীনাৰ চিঠি- পৃষ্ঠা ১

 

বান্ধবী, যোৱা ৭ জুলাইৰ পৰা আমাৰ গৰমৰ বন্ধ আৰম্ভ হৈছে। এইবাৰ আগৰ কেইবাৰতকৈ বেছি গৰম পৰিছে। সেয়েহে গৰমৰ বন্ধটো পাই বৰ সকাহ পাইছোঁ। এইবাৰ গৰমৰ বন্ধত মই গুৱাহাটীতে থাকিম বুলি ভাবিছোঁ। বিশেষ ক'লৈকো যোৱাৰ পৰিকল্পনা বর্ষা নাই।

অৱশ্যে মই নাটকৰ কর্মশালা এখনত যোগদান কৰিম বুলি ভাবিছোঁ। তাৰ পৰি এইবাৰ আকৌ আমাৰ হাতেলিখা আলোচনীৰ সম্পাদিকা পাতিছে মোক। তাৰো কাম কৰিব লাগিব। এইবাৰৰ গৰমৰ বন্ধত মই ঢোল শিকাৰ কথাও ভাবিছোঁ। মা-দেউতাই এজন বর্তাৰ লগত কথা পাতিছে।

 

WhatsApp Image 2025-07-23 at 11.38.32 AM
ভায়লীনাৰ চিঠি- পৃষ্ঠা ২

 

বিদ্যালয়ৰ পৰা দিয়া ঘৰৰ কামখিনি কৰিব লাগিব। এইবাৰ চৰকাৰেও কিছুমান ঘৰৰ কাম দিছে নহয়। তুমি কৰিলা নেকি সেইখিনি? মই কিছুমান কৰিছোঁ। তোমালোকৰো হয়তো গৰমৰ বন্ধ দিছে। তুমি গৰমৰ বন্ধটো কেনেদৰে কটাবা তাক জনাই মোৰ চিঠিব উত্তব দিবা বুলি আশা কৰিছোঁ।

ইতি,

তোমাৰ মৰমৰ বান্ধৱী
ভায়লীনা বৰা

 

প্ৰতি,
শ্ৰী শিভাংগী শইকীয়া
দেৰগাঁও,অসম
ডাকঘৰ-দেৰগাঁও
জিলা- গোলাঘাট
ডাক সূচাংক নং- ৭৮৫৬১৪

চিঠি লিখা প্ৰতিযোগিতা