'উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ অবিহনে আত্মনিৰ্ভৰ ভাৰত সম্ভৱ নহয়'

author-image
Asomiya Pratidin
New Update
'উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ অবিহনে আত্মনিৰ্ভৰ ভাৰত সম্ভৱ নহয়'

PRATIDIN CONCLAVE

ডিজিটেল ডেস্ক : অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যাক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ লগতে এই অঞ্চলৰ উন্নয়ন, বিকাশ তথা বিভিন্ন দিশৰ সম্ভাৱনীয়াতৰ বিষয়ে বস্তুনিষ্ঠ আলোচনাৰ বাবে পুন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিনে অনুষ্ঠিত কৰা 'দ্যা কনক্লেভ-২০২২' আজিৰে পৰা আৰম্ভ হৈছে।

Advertisment

দিল্লীৰ মানেকশ্ব কেন্দ্ৰত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অনুষ্ঠানৰ শুভ উদ্বোধন কৰেদেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে। সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰাই অনুষ্ঠানৰ আৰম্ভণিতে উদ্বোধনী ভাষণ আগবঢ়ায়।

অনুষ্ঠানত উপস্থিত থাকি দেশৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয় যে- প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে উত্তৰ পূৰ্বাঞ্চলক প্ৰকৃত সন্মান দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই অঞ্চলৰ উন্নয়নক অগ্ৰাধিকাৰ আৰু প্ৰাধান্য দিছে।তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ আটাইতকৈ বৃহৎ সফলতা হৈছে উত্তৰ পৃৰ্বাঞ্চলত শান্তি স্থাপন। এই অঞ্চলৰ ৰাজ্য কেইখনক সন্ত্ৰাসবাদ মুক্ত কৰি শান্তি আৰু উন্নয়নৰ দিশত অগ্ৰসৰ কৰাটো এই চৰকাৰৰ অন্যতম সফলতা।

ইয়াৰ উপৰিও তেওঁ কয়, এই অঞ্চলৰ পৰা ৮০ ৰ পৰা ৯০ শতাংশ সন্ত্ৰাসবাদ মুক্ত কৰা হৈছে। এই অঞ্চলৰ উন্নয়ন আৰু এই অঞ্চলৰ সৈতে দেশৰ অন্যন্য ৰাজ্যৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাটোও এই চৰকাৰৰ আন এক সফলতা। পূৰ্বে যোগাযোগ আৰু যাতায়ত উন্নত সুযোগ, সুবিধাৰ পৰা বঞ্চিত হৈ থকা উত্তৰ পূৰ্বাঞ্চলৰ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা বিজেপি চৰকাৰৰ দিনত বহু উন্নতি হৈছে আৰু পোনপটীয়াকৈ দেশৰ অন্য প্ৰান্তৰ লগত সম্পৰ্ক স্থাপনত সম্ভৱ হৈ পৰিছে।

তেওঁ কয়, কংগ্ৰেছ চৰকাৰৰ দিনত উত্তৰ পূৰ্বাঞ্চলত ১০৭৯ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছিল। কিন্তু বিজেপি চৰকাৰে ২০৩১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে। চৰকাৰে এই অঞ্চলটোত ৪০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে। তেওঁ কয়, উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ অভিহনে আত্মনিৰ্ভৰ ভাৰত সম্ভৱ নহয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হাতত লোৱা পি এম ডিভাইন আঁচনিৰ অধিনত উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে ৬,৫০০ কোটি টকা নিৰ্ধাৰণ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰক ৰে'লেৰে সংযোগ কৰাৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য ক্ষেত্ৰৰ বিকাশৰ বাবে মুঠ ১৫৭ খন মেডিকেল কলেজ, হাস্পতাল নিৰ্মাণ কৰা হৈছে। অসমত এইমছ নিৰ্মাণ কৰা হৈছে।

ইফালে অনুষ্ঠানৰ আৰম্ভণিতে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই আদৰণি ভাষণত মুখ্য অতিথি ৰাজনাথ সিঙৰ লগতে অনুষ্ঠানত উপস্থিত থকা বিশেষজ্ঞ, সমল ব্যক্তিসকলৰ লগতে সংবাদ মাধ্যম আৰু উপস্থিত সুধিসমাজক ‘সাদিন-প্ৰতিদিন’, প্ৰতিদিন টাইম, 'নন্দিনী' আৰু 'সাতসৰী' পৰিয়ালৰ সমূহ সদস্যৰ হৈ এই শুভেচ্ছা আৰু সম্ভাষণ জ্ঞাপন কৰিছো।

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৱাৰ দৰে ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰো উন্নয়ন আৱশ্যক বুলি কোৱাৰ দৰেই এই সন্মিনলৰ ধাৰণা লোৱা হৈছে। যি উদ্দেশ্যৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাজ্যিক সীমা সমস্যা, আন্তঃগাঁথনিৰ উন্নয়ন, পৰিৱেশ, পৰ্যটন, স্বাস্থ্য, ক্ৰীড়া, সংস্থাপন, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহকে ধৰি বিভিন্ন দিশৰ সমস্যা আৰু ইয়াৰ সমাধান আৰু সম্ভাৱনীয়তা সম্পৰ্কে বিতৰ্কৰ পৰিৱৰ্তে বনস্তুনিষ্ঠ ভাৱে আলোচনা কৰিবলৈ বিভিন্ন বিশিষেজ্ঞ তথা বিশিষ্ট ব্যক্তিক একেখন মঞ্চলৈ অনাৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে 'সাদিন, প্ৰতিদিন গোষ্ঠী'য়ে প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা এছিভাৰ্চ এৱাৰ্ড অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ২০১৫ ত ৰাজনাথ সিঙে এই অনুষ্ঠানৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটক সামৰি অনুষ্ঠিত কৰাৰ পোষকতা কৰিছিল। সেই চিন্তাৰেই ফচল আজিৰ এই 'দ্যা কনক্লেভ-২০২২' বুলিও উল্লেখ কৰে জয়ন্ত বৰুৱাই।

'দ্যা কনক্লেভ-২০২২' ৰ প্ৰথমটো আলোচনাৰ বিষয় 'জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ'। এই বিষয়ত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

pratidin time JAYANTA BARUAH rajnath singh ASOMIYA PRATIDIN THE CONCLAVE 2022