Advertisment

কবি ধন দাসলৈ অসমীয়া কাব্য সাহিত্য বঁটা ২০২৫

বিশিষ্ট কবি-সাহিত্যিকৰ উপস্থিতিত ধন দাসৰ কাব্যগ্ৰন্থ  "কবিতাৰ বিপক্ষে কবিতা" গ্ৰন্থলৈ আজি নগাঁৱৰ ৰাজপথত অসমীয়া কাব্য সাহিত্য বঁটা ২০২৫ আগবঢ়ায়।

author-image
Asomiya Pratidin
New Update
xdfds

ডিজিটেল সংবাদ,নগাঁও:   ২০২০ চনত নিপীড়িত, শোষিত আৰু অৱহেলিত লোকৰ কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰা এটকীয়া আলোচনী ৰাজপথৰ কবিতাই বিশিষ্ট কবি ধন দাসৰ কাব্যগ্ৰন্থ  "কবিতাৰ বিপক্ষে কবিতা" গ্ৰন্থলৈ অসমীয়া কাব্য সাহিত্য বঁটা ২০২৫ আগবঢ়ায়। আজি নগাঁৱৰ ৰাজপথত আয়োজন কৰা এই অনুষ্ঠানত অসমীয়া জাতীয় জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ গৱেষক, লেখক ড° উপেন ৰাভা হাকাচাম আৰু বিশিষ্ট লেখিকা, ঔপন্যাসিক জুৰি বৰা বৰগোহাঞি বিশেষ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। 

Advertisment

কবি নীলাভ সৌৰভে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট কবি তথা বঁটা প্ৰদান সমিতিৰ সভাপতি প্ৰয়াগ শইকীয়া, সাহিত্যিক শিবানন্দ কাকতি, সাহিত্য সংগঠক দুলাল বৰা, নবীন কলিতা, অশোকৰাম ভট্টাচাৰ্য, মনোৰঞ্জন বৰগোহাঁই, দ্বীপজ্যোতি বৰা, অনুভূতি গায়ন, দেৱ বৰা, অৰূপ গোস্বামী আদি ব্যক্তিসকল উপস্থিত থাকি নিজৰ কবিতা পাঠ আৰু বক্তব্য ৰাখে। বঁটা প্ৰদান সমিতিৰ সম্পাদক কবিন পাটৰে বঁটা প্ৰদানৰ সময়ত অনুষ্ঠানৰ জন্মবৃতান্ত তথা বঁটাটিৰ প্ৰাসংগগিকতা উল্লেখ কৰে।

কবি ধন দাসৰ "কবিতাৰ বিপক্ষে কবিতা" শীৰ্ষক কাব্যগ্ৰন্থই সমাজখনৰ ভণ্ড শাসক-শোষকৰ স্খলিত ব্যৱস্থাটোক উদঙাই তুলিবলৈ সক্ষম হোৱা কবি ধন দাসক এই বঁটাৰ বাবে নিৰ্বাচন কৰিছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। উল্লেখ্য যে ১৯১৭ চনত আৰম্ভ হোৱা ৰুচ বিপ্লৱৰ সৰ্বব্যাপী আদৰ্শক সাৰোগত কৰিয়েই সমগ্ৰ বিশ্বতে প্ৰগতিবাদী সাহিত্য চৰ্চা আৰম্ভ হৈছিল।লুই টলষ্টয়,মেক্সিম গৰ্কি, ডষ্টয়েভস্কি আদি আছিল এই প্ৰগতিবাদী সাহিত্যৰ বাটকটীয়া।

১৯৩৬ চনত মুন্সি প্ৰেমচান্দৰ নেতৃত্বত ভাৰতত প্ৰগতিশীল সাহিত্য চৰ্চা আৰম্ভ হৈছিল। মুল্কৰাজ আনন্দ, প্ৰেমচান্দ, কৃষাণ চন্দ আদি সাহিত্যিকে  ভাৰতীয় সাহিত্যলৈ মাৰ্ক্সীয় দৰ্শনৰ আমদানি কৰিছিল৷অসমত চল্লিশৰ দশকত  'জয়ন্তী' আলোচনীয়ে প্ৰগতিশীল সাহিত্যৰ ধাৰাটো কঢ়িয়াই আনিছিল। অৱশ্যে ইয়াৰ পূৰ্বে 'আৱাহন' আলোচনীত একাংশই চেগা চোৰোকাকৈ প্ৰগতিশীল সাহিত্য চৰ্চা কৰিছিল।কিন্তু জয়ন্তীৰ পাতত কবি সকলে সামাজিক চিন্তা-চৰ্চাৰে উজ্জীৱিতহৈ শোষিত নিস্পেষিত সকলৰ হৃদয়ৰ ভাষাক কবিতালৈ ৰূপান্তৰিত কৰিছিল।

সেই সময়তে ভবানন্দ দত্তই লিখা 'ৰাজপথ' নামৰ কবিতাটো বহুল ভাবে চৰ্চিত হৈছিল।য'ত উল্লেখ আছিল-'পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান/..তাৰ তলতেই ফুট পাথত শূণ্য ভীক্ষা পাত্ৰলৈ শুই পৰা মৃতপ্ৰায় কঙ্কালৰ শাৰী..'।অসমীয়া সাহিত্য তথা কাব্য সাহিত্যত এই প্ৰগতিবাদী ধাৰাটোক পৰৱৰ্তী সময়ত কিছু আলোচনীয়ে 'জয়ন্তী' ৰ পদাংক অনুসৰণ কৰিয়েই চেগা চোৰোকাকৈ ধৰি ৰখাৰ প্ৰয়াস কৰিছিল।কিন্তু ই ব্যাপক হোৱা নাছিল।

ডঃ হীৰেন গোহাঁই সম্পাদিত নতুন পদাতিক আৰু নতুন সাহিত্য পৰিষদ 'নতুন পৃথিৱী'য়ে প্ৰগতিশীল সাহিত্যৰ ধাৰাটো বহন কৰিছিল।শেহতীয়াকৈ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত  নাগৰিকত্ব (সংশোধনী) আইন গৃহীত হোৱাত এই আইন বিৰোধিতা কৰি সমগ্ৰ অসম জুৰি তীব্ৰ আন্দোলন হয়।অসমৰ জনসাধাৰণ ৰাজপথলৈ ওলাই আহে। এনে সময়তে কবিতাৰ জৰিয়তে শোষিত-নিস্পেষিত ৰাইজৰ পক্ষত  মাত মাতিবলৈ আগবাঢ়ি আহে নগাঁৱৰ কেইজন মান বিশিষ্ট কবি,সাহিত্যিক তথা সাহিত্যানুৰাগী ব্যক্তি।

 এই সকলৰ ভিতৰত শিশুবন্ধু ৰূপে পৰিচিত দুলাল বৰাৰ তৎপৰতাত বিগত ২০২০ বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰকাশ পায় 'ৰাজপথৰ কবিতা' শীৰ্ষক এখন ক্ষুদ্ৰ আলোচনী। এতিয়ালৈকে এই ক্ষুদ্ৰ আলোচনী খনৰ একৈশ সংখ্যক প্ৰকাশ পাইছে। যোৱা বৰ্ষত এই বঁটা কবি নীলিম কুমাৰৰ "সেই জন্তটোৰ নাম কি?" শীৰ্ষক গ্ৰন্থলৈ আগবঢ়োৱা হৈছিল।

অসমীয়া কাব্য সাহিত্য বঁটা