Advertisment

ৰাইডঙীয়াত সাৰংগ মণ্ডল পৰ্যায়ৰ সংগঠনৰ সৌজন্যত অসমী ভোগালী মেলা

নগাঁও জিলাৰ ৰাইডঙীয়া কৰচুং শ্বহীদ স্মৃতি খেলপথাৰত সাৰংগ মণ্ডল পৰ্যায়ৰ সংগঠনৰ সৌজন্যত, ৰাইডঙীয়া, আইভেটি, হাতীযুজুৱা গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ সহযোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত অসমী ভোগালী মেলাৰ দেওবাৰে সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
অসমী ভোগালী মেলা

অসমী ভোগালী মেলা

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ ৰাইডঙীয়া কৰচুং শ্বহীদ স্মৃতি খেলপথাৰত সাৰংগ মণ্ডল পৰ্যায়ৰ সংগঠনৰ সৌজন্যত, ৰাইডঙীয়া, আইভেটি, হাতীযুজুৱা গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ সহযোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত অসমী ভোগালী মেলাৰ দেওবাৰে সামৰণি পৰে। শনিবাৰে পুৱা পৰিবেশ নিকাকৰণৰ পাছত পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰে খণ্ড প্ৰকল্প প্ৰবন্ধক মণিকুন্তল বৰাই।

Advertisment

একেদৰে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে জিলা প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰে। দুপৰীয়া ভোগালী মেলা উদ্ধোধন কৰি বিধায়ক ৰূপক শৰ্মাই সোনাইপৰীয়া সভ্যতাৰ বোকোচাত জ্যোতিস্মান ৰাইডঙীয়া অঞ্চলৰ আইমাতৃসকলৰ প্ৰচেষ্টাত এইবেলি নতুনকৈ আৰম্ভ হোৱা অসমী ভোগালী মেলাৰ প্ৰতিগৰাকী উদ্যোক্তাক কৃতজ্ঞতা জ্ঞাপন কৰি, ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। 

 ভোগালী
ভোগালী

 

বিয়লি চিত্ৰাংকন প্ৰতিযোগিতাৰ পাছত অঞ্চলৰ বয়োজেষ্ঠ ব্যক্তি সকলক সম্বৰ্দ্ধনা জনোৱা হয়।  নিশা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত গীত, নৃত্যৰ অনুষ্ঠান পৰিবেশন কৰে স্থানীয় শিল্পীসকলে।  আজি পুৱা পৰিবেশ নিকাকৰণ, ধৰ্মীয় প্ৰাৰ্থনাৰ পাছত অনুষ্ঠিত মুকলি কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে সাদিন- প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই। 

ইয়াৰ পাছত শিল্পী গোবিন দাসে আঁত ধৰা অনুষ্ঠানত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। কৃৰ্তি শিক্ষক বুধেন চন্দ্ৰ বৰা, পূৰবী পাঠক, উদযাপন সমিতিৰ সভানেত্ৰী মৰমী বৰা, সম্পাদিকা দিপাংজলি হাজৰিকাৰ লগতে অঞ্চলৰ সহস্ৰাধিক আইমাতৃ উপস্থিত থকা অনুষ্ঠানটিৰ শেষত নিশা কন্ঠশিল্পী গীতাৰ্থ গিৰিণৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয়।

bhogali mela