বৰাকত আজিৰে পৰা অসম সাহিত্য সভাৰ 'সেতুবন্ধ যাত্ৰা'

সাহিত্য সভাৰ সভাপতি ড' বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এটি ২০ জনীয়া প্ৰতিনিধি দলে তিনিদিনীয়া কাৰ্যসূচীৰে কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত কৰিব এই সেতুবন্ধ যাত্ৰা।

author-image
Asomiya Pratidin
New Update
বৰাকত আজিৰে পৰা অসম সাহিত্য সভাৰ 'সেতুবন্ধ যাত্ৰা'

বৰাকত আজিৰে পৰা অসম সাহিত্য সভাৰ 'সেতুবন্ধ যাত্ৰা'

ডিজিটেল সংবাদ, শিলচৰ: বৰাক- ব্ৰহ্মপুত্ৰ মহামিলনৰ বৰ্ণিল আস্থাৰে বৰাকত অসম সাহিত্য সভাৰ সেতুবন্ধ যাত্ৰা। সাহিত্য সভাৰ সভাপতি ড' বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এটি ২০ জনীয়া প্ৰতিনিধি দলে তিনিদিনীয়া কাৰ্যসূচীৰে কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত কৰিব এই সেতুবন্ধ যাত্ৰা।

Advertisment

দলটো শিলচৰত উপস্থিত হোৱাৰ পিছতে আৱৰ্ত ভৱনৰ পৰাই ফ্লেগঅফ কৰি এই সেতুবন্ধ যাত্ৰাৰ শুভাৰম্ভ কৰে সাহিত্য সভাৰ সভাপতি ড' বসন্ত কুমাৰ গোস্বামীয়ে। শিলচৰৰ পৰা এই যাত্ৰা হাইলাকান্দি লৈ আগবাঢ়িব। তাতে কেইবাখনো অনুষ্ঠানত মিলিত হ'ব সাহিত্য সভাৰ প্ৰতিনিধি দলটোৱে।‌ এই অনুষ্ঠান সমূহত সাহিত্য সভাৰ হাইলাকান্দি জিলাৰ নেতৃবৰ্গৰ, স্থানীয় বৌদ্ধিক সমাজৰ বিদ্বান লোকসকলৰ লগতে প্ৰশাসনৰ বিষয়াসকলৰ সৈতেও অন্তৰংগ আলাপত অংশ লব সভাৰ প্ৰতিনিধি দলটোৱে। ইয়াৰ পিছত, শ্ৰীভূমি জিলাতো অনুৰূপ অনুষ্ঠানত ভাগ লব সাহিত্য সভাৰ প্ৰতিনিধি দলটোৱে। দেওবাৰে কাছাৰ জিলাতো আছে একেই অনুষ্ঠান।

ইফালে "বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত সমন্বয়ৰ বাৰ্তা লৈ সাহিত্য সভাৰ দলটো বৰাকলৈ অহা" বুলি মন্তব্য কৰে সাহিত্য সভাৰ সভাপতি ড' বসন্ত কুমাৰ গোস্বামীয়ে। "ভাষাৰ বাবে যাতে কোনো জাতি শ্বহীদ হ'ব নালাগে" সেই কামনা কৰি সভাপতি গৰাকীয়ে ভাষাৰ নামত প্ৰাণাহুতি দিয়া শ্বহীদ সকলৰ আত্মাৰ সদগতি কামনা কৰে। "বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভাষিক আৰু সাংস্কৃতিক সমন্বয় সাধন কৰিবলৈ অসম সাহিত্য সভাৰ দলটো বৰাকলৈ আহিছে। এই সেতুবন্ধ যাত্ৰাৰ জৰিয়তে অসম সাহিত্য সভা আৰু বংগীয় সাহিত্য পৰিষদৰ মাজত এটি সমন্বয় সাধিত হ'ব" বুলিও মন্তব্য কৰে সাহিত্য সভাৰ সভাপতি গৰাকীয়ে।‌ 

ইফালে, বংগীয় সাহিত্য পৰিষদৰ উদ্যোগত অহা ছেপ্টেম্বৰত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ কাৰ্যবৰ্ষৰ তৃতীয় কাৰ্য নিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশনখন শিলচৰত অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰে সভাপতি ড' বসন্ত কুমাৰ গোস্বামীয়ে। ড' ভুপেন হাজৰিকাৰ শতবৰ্ষৰ কাৰ্যসূচী এইবাৰ শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অনুস্থিত কৰা হ'ব বুলিও উল্লেখ কৰে সভাৰ সভাপতি গৰাকীয়ে। এই অনুষ্ঠানত ৰাজ্যৰ বাহিৰত থকা ভূপেন হাজৰিকাৰ অনুৰাগী সকলকো নিমন্ত্ৰণ জনোৱা হ'ব। 

অসম সাহিত্য সভা