/asomiyapratidin/media/media_files/2025/04/16/1CtJGXPWX1WwLMMJ53Gb.jpg)
ডিজিটেল সংবাদ,ছয়দুৱাৰ: অসম সাহিত্য সভাৰ নিৰ্দেশ মৰ্মে জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভা সমূহে প্ৰতি বছৰৰ বহাগ মাহৰ ১ তাৰিখৰ পৰা নিজৰ দিন শীৰ্ষক বিশেষ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।
অসম সাহিত্য সভাৰ নিজৰ দিন কাৰ্যসূচীৰ অংশস্বৰূপে আজি পুৱাৰ ভাগত বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ গগৈ আৰু সম্পাদক শোভন শইকীয়াৰ নেতৃত্বৰ এটি প্ৰতিনিধি দল গহপুৰ সমজিলাৰ ১নং নাহৰণীৰ এগৰাকী বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তি কেশৱ বৰাৰ বাসগৃহত উপস্থিত হয়।
ককিলা শতদল শাখা সাহিত্য সভাৰ সক্ৰিয় সদস্য, অসম সাহিত্য সভাৰ আজীৱন সভ্য তথা সাহিত্যকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি কেশব বৰাৰ বাসগৃহৰ চৌহদত মেহগনি গছৰ পুলি এটি ৰোপনেৰে বিশ্বনাথ জিলা সাহিত্য সভাই নিজৰ দিনৰ ওলগনি অনুষ্ঠানৰ শুভাৰম্ভণী কৰে। গছ পুলি ৰোপন কাৰ্যসূচীৰ পিছতে কেশৱ বৰাৰ বাসগৃহত অনুষ্ঠিত হোৱা ওলগনি অনুষ্ঠানৰ সামগ্ৰিক ভাবে আঁত ধৰে বিশ্বনাথ জিলা সাহিত্য সভাৰ সম্পাদক শোভন শইকীয়াই।
উক্ত অনুষ্ঠানতে কেশৱ বৰাক এখনি ফুলাম গামোচা, এখন চেলেং চাদৰ, গ্ৰন্থৰ টোপোলা, অসম সাহিত্য সভাই প্ৰেৰণ কৰা ওলগনি পত্ৰৰ লগতে বিশ্বনাথ জিলা সাহিত্য সভাৰ তৰফৰ পৰা এখনি সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ গগৈ আৰু সম্বৰ্ধিত ব্যক্তি কেশৱ বৰাই চমু বক্তব্য প্ৰদান কৰা অনুষ্ঠানটোত অসম সাহিত্য সভাৰ পৰিৱেশ বিজ্ঞান উপ সমিতিৰ উপ সভাপতি তৰুণ বৰুৱা, অসম সাহিত্য সভাৰ আকাশ উপসমিতিৰ প্ৰাক্তন আহ্বায়িকা শান্তিৰাণী দেৱী বৰুৱা, আকাশ উপসমিতিৰ সদস্যা কুনুমাই হাজৰিকা দাস, বিশ্বনাথ জিলা সাহিত্য সভাৰ উপ সভানেত্ৰী ৰূপালী দাস, বিশিষ্ট সাহিত্যকৰ্মী তথা ৰয়েল একাডেমী চিনিয়ৰ চেকেণ্ডৰী অধ্যক্ষা কুসুম শইকীয়া, সুৰভী সাহিত্য সমাজৰ পত্ৰিকা সম্পাদক গোলাপ শইকীয়া, ককিলা স্বৰ্ণদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কৃষ্ণ শ
বিশ্বনাথ জিলা সাহিত্য সভাৰ দলটোৱে বিয়লি বেলা গহপুৰ সমজিলাৰ হেলেম মৌজাৰ অন্তৰ্গত মায়েংগাঁও নিৱাসী তথা পূৱ বুৰৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষক,বিশিষ্ট সমাজকৰ্মী, সাহিত্যসেৱী গন্ধেশ্বৰ মিলিকো ফুলাম গামোচা, চেলেং চাদৰ, গ্ৰন্থৰ টুপোলা, অসম সাহিত্য সভাৰ ওলগনি পত্ৰ আৰু বিশ্বনাথ জিলা সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ প্ৰদানেৰে সম্বৰ্ধনা জ্ঞাপন কৰি গন্ধেশ্বৰ মিলিৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ গগৈৰ উপৰিও অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভদ্ৰেশ্বৰ মিলি,সম্বৰ্ধিত ব্যক্তি গন্ধেশ্বৰ মিলি আৰু বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহাই ভাষণ প্ৰদান কৰে।
বিশ্বনাথ জিলা সাহিত্য সভাৰ সম্পাদক শোভন চন্দ্ৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ দিলিপ কুমাৰ শৰ্মা, জিলা সাহিত্য সভাৰ গোলাপ শইকীয়া,তৰণী দে',কৃষ্ণ শইকীয়া, ৰমেন শইকীয়া,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টংকেশ্বৰ মিলি,সমাজকৰ্মী বীৰেণ পায়েঙ,দোলন চিন্তে,ভোজ বাহাদুৰ ছেত্ৰী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গন্ধেশ্বৰ মিলিৰ পৰিয়ালৰ তৰফৰ পৰা উপস্থিত সকলোকে মিচিং সমাজৰ সাংস্কৃতিক বস্ত্ৰৰে সন্মান জনায়।