/asomiyapratidin/media/media_files/2025/03/16/1sBiiNfcrBDwXrrGu0Xt.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ "ইউনিক'ডত অসমীয়া লিপিক বহুল মান্যতা দিয়াৰ লক্ষ্যেৰে প্ৰতিগৰাকী শিশুৰ মনস্তত্ত্ব অধ্যয়নৰে পিতৃ-মাতৃয়ে মাতৃভাষাৰ জ্ঞান প্ৰদান কৰক। অসমীয়া ধ্ৰুপদী সাহিত্যৰ জগতখনত মনোনিৱেশ কৰাই জীৱিকামুখী নকৰি জীৱনমুখী কৰি তুলিব লাগিব"- অসম সাহিত্য সভাৰ মন জুৰুৱা অনুষ্ঠানত এনেদৰে কয় সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে।
ভাষণ প্ৰসংগত সভাপতি গৰাকীয়ে অসম সাহিত্য সভাক ব্যক্তিকেন্দ্ৰীক উত্থানৰ বাবে ব্যৱহাৰ নকৰিবলৈ সঁকিয়াই দি কয় যে, এইবাৰৰ প্ৰতিজন কাৰ্যনিৰ্বাহক সদস্যই ১০০জনকৈ আজীৱন সভ্য অন্তৰ্ভুক্তিৰে সাংগঠনিক আৰু আৰ্থিক দিশত সভাক শক্তিশালী কৰিব।
দৰং জিলা সাহিত্য সভাৰ আতিথ্যত মঙলদৈস্থিত সাহিত্য সভা প্ৰকল্পত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাই শুভেচ্ছামূলক ভাষণত সভাৰ তৰফৰ পৰা বিশ্বকোষৰ নতুন প্ৰকাশ আৰু পুনৰ মুদ্ৰণ কৰা, জিলাই জিলাই আজীৱন সভ্য সন্মিলন অনুষ্ঠিত কৰা, অসম সাহিত্য সভাৰ অধিৱেশনলৈ প্ৰতিজন সভ্যই নিমন্ত্ৰণ লাভ কৰাৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰে।
তেওঁ লগতে জাতীয় চেতনাৰে সমৃদ্ধ সকলো ব্যক্তিয়ে অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ পদ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইফালে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই শৃংখলিত পদ্ধতিৰে সকলোকে সন্মান সহকাৰে অসম সাহিত্য সভা মজিয়ালৈ আদৰণী জনোৱাৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ অসম সাহিত্য সভাৰ বঁটাৰ মৰ্যাদা লাঘৱ কৰিবলৈ দিয়া নহ'ব তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰে ।
দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় নাথৰ সভাপতিত্বত হোৱা মন জুৰুৱা অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক যাদৱ শৰ্মা, প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অৱনীমোহন চহৰীয়া, প্ৰাক্তন উপসভাপতি ইদ্ৰিছ আলীয়ে বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে।
দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ ৰাজবংশীয়ে আঁত ধৰা সভাখনত অসম সাহিত্য সভাৰ ধনভৰালী মণিৰাম লাহন, সচিব অশোক কুমাৰ সেনাপতি, গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক সঞ্জীৱ কুমাৰ শৰ্মা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শংকুসিদ্ধ নাথ, স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতা, শিক্ষাবিদ ৰবীন দাস, প্ৰাক্তন সাংগঠনিক সম্পাদক ৰাণা আলম, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক ছহিৰ ভূঞা, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন জিলা প্ৰতিনিধি মহেন্দ্ৰ কুমাৰ নাথ, ডা০ মৃণ্ময় কুমাৰ নাথ, ভূপেন শইকীয়া, কৰুণাকান্ত শৰ্মা, মুকুটৰাজ শৰ্মা প্ৰমুখ্যে সাহিত্য সভাৰ ভালেসংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে।
দৰঙ জিলা সাহিত্য সভাৰ উপ-সভাপতি কুঞ্জ দেৱীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখনত অসম সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকৰ আহ্বান মৰ্মে মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ নৱমনোনীত সম্পাদক বসন্ত শইকীয়াক আৰু সাংগঠনিক সম্পাদক দুলাল নাথক আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হয়।
ডা০ মালবিকা ৰয় আৰু সংগীতবৃন্দৰ বৰগীত আৰু চিয়া গীত, বিহু, দেওধনী নৃত্য, লোকগীত, আধুনিক গীতেৰে জীপাল হোৱা সভাখনত শলাগ শৰাই জ্ঞাপন কৰে দৰঙ জিলা সাহিত্য সভাৰ নৱমনোনীত জিলা প্ৰতিনিধি মুকুট হাজৰিকাই । মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত দৰং জিলা সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, ওদালগুৰি জিলা সাহিত্য সভা, দুকুৰিৰো অধিক শাখা সাহিত্য সভাই অসম সাহিত্য সভাৰ সভাপতি, উপসভাপতি, প্ৰধান সম্পাদকক বিশেষ সম্বৰ্ধনা জনোৱা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সামৰণি পৰে।