সাদিন, প্ৰতিদিন গোষ্ঠীৰ কেইবাজনো সাংবাদিকলৈ সাহিত্য সভাৰ নিষ্ঠাবান সাংবাদিকতাৰ বঁটা

অসম সাহিত্য সভাৰ চলিত পাঠশালা অধিবেশনৰ সৈতে সংগতি ৰাখি সভাই ৰাজ্যৰ সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন স্থানৰ বহু কেইজন সংবাদ কৰ্মীলৈ নিষ্ঠাবান সাংবাদিকতাৰ বঁটা ঘোষণা কৰিছে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
সাদিন, প্ৰতিদিন গোষ্ঠীৰ কেইবাজনো সাংবাদিকলৈ সাহিত্য সভাৰ নিষ্ঠাবান সাংবাদিকতাৰ বঁটা

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ চলিত পাঠশালা অধিবেশনৰ সৈতে সংগতি ৰাখি সভাই ৰাজ্যৰ সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন স্থানৰ বহু কেইজন সংবাদ কৰ্মীলৈ নিষ্ঠাবান সাংবাদিকতাৰ বঁটা ঘোষণা কৰিছে। ৰাজ্যৰ ভিন্ন স্থানৰ মুঠ ৫৪ গৰাকী সাংবাদিকক অসম সাহিত্য সভাই ৪ ফেব্ৰুৱাৰী, মঙ্গলবাৰে সভাৰ মঞ্চত বঁটা প্ৰদান কৰিব। 

এই সাংবাদিকসকলৰ ভিতৰত অসমীয়া প্ৰতিদিনৰ গুৱাহাটীৰ অঞ্জন কুমাৰ শৰ্মা, ফটো সাংবাদিক চিন্ময় ৰয়, ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক প্ৰবীৰ চক্ৰৱৰ্তী আৰু কামৰূপৰ সাংবাদিক তৰণীচৰণ কলিতালৈ আগবঢ়োৱা হৈছে নিষ্ঠাবান সংবাদ কৰ্মীৰ বঁটা। 

তাৰোপৰি প্ৰতিদিন টাইমৰ কামৰূপ গ্ৰাম্যৰ ব্যুৰ' প্ৰকাশ ডেকা, ওদালগুৰি জিলাৰ ব্যুৰ' মোচ্ছাদিক হুছেইন, চিৰাঙৰ ব্যুৰ জয়ন্ত দেৱনাথ আৰু মৰিগাওঁ জিলাৰ ব্যুৰ' মানৱেন্দ্ৰ দেৱনাথলৈ আগবঢ়োৱা হৈছে এই বঁটা। 

অসম সাহিত্য সভা